এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ কৰ্কট ৰোগৰ অ’পিডি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 18 July 2026

এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটীত মুকলি কৰিলে বিশেষ কৰ্কট ৰোগৰ অ’পিডি

 


মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা



W7s news গুৱাহাটী: সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত এক বিশেষ অ’পিডি মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগীসকলে যাতে নিজৰ ঘৰৰ ওচৰতে সঠিক সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰে, যাৰ ফলত উন্নত কৰ্কট ৰোগৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আন মহানগৰীলৈ যাবলগীয়া দূৰত্ব আৰু কষ্ট হ্ৰাস পাব।

এই বিশেষ অ’পিডি প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ গুৱাহাটীৰ লাচিত নগৰস্থিত ইউএইচএছ, ভিষ্টা ছুপাৰ স্পেচিয়েলিটি ক্লিনিকত আগবঢ়োৱা হ'ব। দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালৰ ছাৰ্জিকেল অংক’লজী বিভাগৰ কনছালটেণ্ট ডাঃ বিক্ৰম কুমাৰ ডেকাই এই অ’পিডি সেৱাত ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰিব।

দেশজুৰি কৰ্কট ৰোগৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধিৰ সময়তে এই সেৱা আৰম্ভ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০৫০ চনৰ ভিতৰত ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা দুগুণ হোৱাৰ সম্ভাৱনা আছে। পাকস্থলী, স্তন, হাওঁফাওঁ, মুখগহ্বৰ আৰু জৰায়ুৰ মুখৰ কৰ্কট ৰোগেই বৰ্তমান আটাইতকৈ বেছিকৈ ধৰা পৰা কৰ্কট ৰোগৰ ভিতৰত অন্যতম। ইয়াৰ পৰাই প্ৰাৰম্ভিক স্ক্ৰীনিং, সঠিক সময়ত ৰোগ চিনাক্তকৰণ আৰু বিশেষজ্ঞৰ চিকিত্সাৰ গুৰুত্ব প্ৰকাশ পায়।

ডাঃ ডেকাই কয় যে, কৰ্কট ৰোগৰ আশংকা থকা আৰু আক্ৰান্ত ৰোগীৰ ক্ৰমবৰ্ধমান সংখ্যাই নিয়মীয়া স্ক্ৰীনিং আৰু কৰ্কট ৰোগ বিশেষজ্ঞৰ সহায় সোনকালে পোৱাৰ প্ৰয়োজনীয়তাটোকে আঙুলিয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে, প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্কট ৰোগ প্ৰায়ে ফলপ্ৰসূভাৱে চিকিৎসা কৰিব পৰা যায়। আনহাতে জটিল বা শেষৰ পৰ্যায়ৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলে এতিয়া মিনিমেলি ইনভেছিভ আৰু ৰব’টিক-সহায়ক অস্ত্ৰোপচাৰৰ সুবিধা ল'ব পাৰে, যিয়ে অধিক নিখুঁত চিকিৎসা, দ্ৰুত আৰোগ্য আৰু উন্নত ফলাফল প্ৰদান কৰে।

গুৱাহাটী মহানগৰীত আৰম্ভ হোৱা এই নতুন কৰ্কট ৰোগৰ অ’পিডিয়ে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ বাবে এক উদীয়মান স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে চহৰখনৰ স্থানক অধিক শক্তিশালী কৰি তুলিছে। বিশেষজ্ঞৰ পৰামৰ্শ সহজলভ্য হোৱাৰ ফলত ৰোগীসকলে প্ৰাৰম্ভিক কৰ্কট মূল্যায়নৰ বাবে ডাঙৰ মহানগৰীসমূহলৈ যাত্ৰা কৰাৰ প্ৰয়োজন হ্ৰাস পাব বুলি আশা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটীত উন্নত ডায়াগনষ্টিক সেৱা, বিশেষ ক্লিনিক আৰু আনুষংগিক স্বাস্থ্যসেৱা আন্তঃগাঁথনিৰ চাহিদাকো সমানে সহায় কৰিব।

এইচচিএমচিটি মণিপাল হাস্পতালে জানিবলৈ দিয়ে যে এই পদক্ষেপ ৰোগীৰ ওচৰলৈ বিশেষ অংক’লজী সেৱা সম্প্ৰসাৰণ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনাৰ অংশ। বৰ্তমান মণিপাল হাস্পতালৰ নেটৱৰ্কে ভাৰতৰ ২৪খন চহৰত ৪৯খন হাস্পতাল পৰিচালনা কৰি আছে, য’ত ১২,৬০০তকৈও অধিক বিচনা আছে আৰু বছৰেকীয়াভাৱে ৮ মিলিয়নৰো অধিক ৰোগীক সেৱা আগবঢ়াই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here