চিকিৎসা ক্লিনিকৰ সৈতে যৌথ উদ্যোগত গুৱাহাটীত নতুন দিল্লীৰ প্ৰথমেষ্টা নিউৰ’ কেয়াৰৰ বিশেষ নিউৰ’লজী অ’পিডি সেৱা মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 14 July 2026

চিকিৎসা ক্লিনিকৰ সৈতে যৌথ উদ্যোগত গুৱাহাটীত নতুন দিল্লীৰ প্ৰথমেষ্টা নিউৰ’ কেয়াৰৰ বিশেষ নিউৰ’লজী অ’পিডি সেৱা মুকলি


 

W7s news,,গুৱাহাটীঃ গুৱাহাটীত স্নায়ুৰোগ চিকিৎসা সেৱাক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে নতুন দিল্লীৰ প্ৰথমেষ্টা নিউৰ’ কেয়াৰে চিকিৎসা ক্লিনিকৰ সৈতে যৌথভাৱে মুকলি কৰিছে এক বিশেষ স্নায়ুৰোগ বহিঃবিভাগ সেৱা। প্ৰথমেষ্টা নিউৰ’ কেয়াৰ আৰু নতুন দিল্লীৰ বাত্ৰা হাস্পতালৰ নিউৰ’লজী তথা ইণ্টাৰভেনচনেল নিউৰ’ৰেডিঅ’লজী বিভাগৰ সঞ্চালক ডা০ বিপ্লৱ দাসৰ উপস্থিতিত আজি এই বিশেষ চিকিৎসা সেৱাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।


প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ গুৱাহাটীৰ চিকিৎসা ক্লিনিকত উপলব্ধ থাকিব ডা০ বিপ্লৱ দাসৰ বিশেষ চিকিৎসা সেৱা। এই ক্লিনিকতে লাভ কৰিব পৰা যাব প্ৰাথমিক পৰামৰ্শ আৰু ফলো-আপ সেৱা। ফলস্বৰূপে স্নায়ুৰোগৰ উন্নত চিকিৎসাৰ বাবে ৰোগীয়ে আৰু বহিঃৰাজ্যৰ মেট্ৰ’ চহৰলৈ ঢাপলি মেলিব নালাগিব। গুৱাহাটী আৰু সমীপৱৰ্তী অঞ্চলৰ সৰ্বসাধাৰণে এতিয়াৰে পৰা বিভিন্ন স্নায়ুৰোগ, ইয়াৰ চিকিৎসা তথা ব্যৱস্থাপনা সন্দৰ্ভত ছুপাৰ স্পেচিয়েলিষ্ট পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। এই সমগ্ৰ সেৱাই সামৰি ল’ব ষ্ট্ৰোকৰ চিকিৎসা, ব্যৱস্থাপনা আৰু মৃগীৰোগৰ অস্ত্ৰোপচাৰৰ দৰে জটিল বিষয়সমূহ।


প্ৰথমেষ্টা নিউৰ’ কেয়াৰ আৰু নতুন দিল্লীৰ বাত্ৰা হাস্পতালৰ নিউৰ’লজী তথা ইণ্টাৰভেনচনেল নিউৰ’ৰেডিঅ’লজী বিভাগৰ সঞ্চালক ডাঃ বিপ্লৱ দাসে কয়, “মূৰৰ বিষ, মাইগ্ৰেইন, হঠাৎ বা তীব্ৰ মূৰ ঘূৰোৱা, অজ্ঞান হৈ পৰা, খোজকঢ়াত অসুবিধা, শৰীৰৰ ভাৰসাম্য, অনুভূতি বা সমন্বয় হেৰুৱাই পেলোৱা, চকুৰে দেখাত সমস্যা, কথা কোৱাত অসুবিধা কিম্বা খাদ্য গিলিবলৈ কষ্ট পোৱাৰ দৰে নানা সমস্যাত ভুগি বহু লোক আমাৰ ওচৰলৈ আহে। এই নতুন চিকিৎসা সেৱাই গুৱাহাটীৰ জনসাধাৰণক উন্নত আৰু মানসম্পন্ন স্নায়ুৰোগ চিকিৎসাৰ এক সুবৰ্ণ সুযোগ দিব। ইয়াৰ সমান্তৰালভাৱে স্নায়ুৰোগ সম্পৰ্কে সৰ্বসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।”


ডাঃ বিপ্লৱ দাসে লগতে কয়, “ষ্ট্ৰোক হৈছে এক জৰুৰীকালীন চিকিৎসা ব্যৱস্থা, য’ত পলম নকৰাকৈ ক্ষিপ্ৰতাৰে চিকিৎসা আৰম্ভ কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ ইছকেমিক ষ্ট্ৰোকৰ ক্ষেত্ৰত ‘গোল্ডেন আৱাৰ’ বা প্ৰাৰম্ভিক সোনালী সময়ছোৱাক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই সময়ৰ ভিতৰতে তেজ গোট মৰা প্ৰক্ৰিয়া বন্ধ কৰাৰ ঔষধ প্ৰয়োগ কৰিলে বা জমা হৈ থকা তেজখিনি অপসাৰণ কৰিব পৰা গ’লে মগজুৰ ক্ষয়-ক্ষতি বহু পৰিমাণে ৰোধ কৰিব পাৰি। সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াত থ্ৰম্ব’লাইটিক থেৰাপী, এণ্টিকোৱাগুলেণ্ট, এণ্টীপ্লেটলেট ঔষধ আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। একেদৰে শৰীৰৰ সঞ্চালন বা লৰচৰ কৰাত হোৱা আন আন সমস্যাবোৰো প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। বৰ্তমান সময়ত ঔষধ আৰু অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অহা আধুনিক কাৰিকৰী উন্নয়নৰ ফলত এনে জটিল ৰোগো ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ তথা চিকিৎসা কৰাটো সম্ভৱ হৈ উঠিছে।”


প্ৰণিধানযোগ্য যে, অত্যাধুনিক প্ৰযুক্তি, বিশেষায়িত ক্লিনিকেল পদ্ধতি, উন্নত ৰোগ নিৰ্ণয় ব্যৱস্থা আৰু বহু-বিভাগীয় বিশেষজ্ঞ চিকিৎসকৰ দলৰ সহায়ত নতুন দিল্লীৰ প্ৰথমেষ্টা নিউৰ’ কেয়াৰে এক ২৪x৭ জৰুৰীকালীন ষ্ট্ৰোক সেৱা কেন্দ্ৰ হিচাপে বৰ্তমান ধাৰাবাহিক সেৱা আগবঢ়াই আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here