W7s news,,অৰুণাচল প্ৰদেশ 2026: অৰুণাচল প্ৰদেশৰ ভালেমান অঞ্চলত শেহতীয়াকৈ প্ৰভাৱ পেলোৱা, হঠাতে হোৱা বিধ্বংসী বানপানী আৰু ভূমিস্খলনৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ অন্যতম বৃহৎ টেলিকম আন্তঃগাঁথনি কোম্পানী, ইণ্ডাছ টাৱাৰ্ছে, অৰুণাচল প্ৰদেশৰ কেয়ী পানীয়ৰ, য়াছুলিত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ আগবঢ়াইছে জৰুৰীকালীন সাহায্য সামগ্ৰী।
ইয়াৰ প্ৰধান কৰ্পোৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চিএছআৰ) পদক্ষেপ, ‘প্ৰগতি’ৰ অধীনত, ভুক্তভোগী পৰিয়ালসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ ডিজাইন কৰা স্বাস্থ্য ৰক্ষাৰ সামগ্ৰী, কাপোৰ-কানি, অনাময়ৰ ব্যৱস্থাৰ প্ৰয়োজনীয় সামগ্ৰী, ঔষধ-পাতি আৰু অন্য কেতবোৰ গুৰুত্বপূৰ্ণ বয়-বস্তু অন্তৰ্ভুক্ত থকা 330 টা কিট কোম্পানীটোৱে বিতৰণ কৰিবলৈ লৈছে। এই ক্ষেত্ৰত বিশেষকৈ মহিলা, শিশু, বয়োজ্যেষ্ঠ লোকসকল আৰু দুৰ্যোগটোৰ বাবে ঠাই হেৰুৱাবলগীয়া হোৱা লোকসকলক সহায় কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
ইণ্ডাছ টাৱাৰ্ছৰ প্ৰতিনিধিবৰ্গ আৰু স্থানীয় প্ৰশাসনিক বিষয়াসকল - শ্ৰী টক' টাটুং - মাননীয় এইচএমএলএ, য়াছুলি, শ্ৰীমতী শ্বেতা নাগৰকোটি মেহতা (আইএএছ) - জিলা আয়ুক্ত, কেয়ী পানীয়ৰ জিলা, শ্ৰী অঙ্গদ মেহতা (আইপিএছ) - এছ.পি., কেয়ী পানীয়ৰ জিলা, শ্ৰী তাজিং পাডুং (এপিচিএছ) - এছডিঅ’, য়াছুলি, কেয়ী পানিয়ৰ আৰু শ্ৰীমতী নবাম পিজু - জিলা পৰিষদৰ অধ্যক্ষা, য়াছুলি, কেয়ী পানীয়ৰ জিলা, প্ৰাকৃতিক দুৰ্যোগটোৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত লোকসকলে সময়মতে সাহায্য লাভ কৰাতো নিশ্চিত কৰাত সহায় কৰি সামগ্ৰীসমূহ বিতৰণ কৰাৰ সময়ত এই লোকসকল উপস্থিত আছিল।
এই পদক্ষেপৰ ওপৰত মন্তব্য কৰি, ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কোল, চিইঅ' (এনইএছএ), শ্ৰী ৰাজেন্দৰ গুৰুঙে, কয়, "সংকটৰ বেলাত ৰাইজক সাহায্য সামগ্ৰীতকৈ তেওঁলোক যে অকলশৰীয়া নহয় সেই আশ্বাস প্ৰদান কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো অধিক প্ৰয়োজন। শেহতীয়া বানপানীটোৱে ৰাইজৰ জীৱন, জীৱিকা আৰু পৰিয়ালবোৰ নিৰ্ভৰশীল হৈ থকা নিৰাপত্তাৰ অনুভূতিখিনিক বিঘ্নিত কৰিছে। আমি ইণ্ডাছ টাৱাৰ্ছে, বিশ্বাস কৰোঁ যে সংযোগশীলতা সক্ষমিত কৰাৰ বাহিৰেও আমাৰ কেতবোৰ অতিৰিক্ত দায়িত্ব আছে; তাৰ ভিতৰত ৰাইজৰ কাষত থিয় দিয়াটোও এটা প্ৰধান দায়িত্ব যেতিয়া তেওঁলোকক আটাইতকৈ বেছি সহায়ৰ প্ৰয়োজন হয়। এই প্ৰচেষ্টাৰ জৰিয়তে আমি তাৎক্ষণিক সকাহ প্ৰদান কৰা, প্ৰভাৱিত পৰিয়ালসমূহৰ বাবে মৰ্যাদা আৰু আস্বস্তিৰ অনুভৱ ঘূৰাই অনা আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ দিশত প্ৰাথমিক পদক্ষেপসমূহ গ্ৰহণ কৰি তেওঁলোকক সহায় কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ ধৈৰ্যশক্তি সঁচাকৈয়ে প্ৰেৰণাদায়ক, আৰু তেওঁলোকৰ পুনৰ্নিৰ্মাণ যাত্ৰাত সাৰ্থকভাৱে অৱদান আগবঢ়াবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।"
য়াছুলিৰ মাননীয় এইচএমএলএ, টক' টাটুং ডাঙৰীয়াই লগতে কয়, “শেহতীয়াকৈ হোৱা বানপানীবোৰৰ বাবে আমাৰ অঞ্চলটোৰ বহু পৰিয়ালৰ ওপৰত যথেষ্ট হেঁচা পৰিছে, যি সময়োচিত সাহায্য অতি প্ৰয়োজনীয় কৰি তুলিছে। এই সাহায্য সামগ্ৰী প্ৰদান পদক্ষেপৰ জৰিয়তে য়াছুলিৰ ক্ষতিগ্ৰস্ত ৰাইজলৈ সহায় আগবঢ়োৱাৰ বাবে মই ইণ্ডাছ টাৱাৰ্ছক কৃতজ্ঞতা জনাইছোঁ। চৰকাৰ, স্থানীয় প্ৰশাসন আৰু দায়িত্বশীল বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মাজৰ ফলপ্ৰসূ সহযোগিতাই কৰ্মক্ষেত্ৰত দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ প্ৰচেষ্টাক উল্লেখনীয়ভাৱে শক্তিশালী কৰি তুলিব পাৰে। এই প্ৰচেষ্টাই দুৰ্ভগীয়া পৰিয়ালসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাত সহায় কৰিব। অৰুণাচল প্ৰদেশৰ ৰাইজৰ হৈ তেওঁলোকৰ বৰঙণি আৰু সহমৰ্মিতাৰ বাবে আমি ইণ্ডাছ টাৱাৰ্ছক ধন্যবাদ জনাইছোঁ।”
এই সাহায্য সামগ্ৰী বিতৰণ পদক্ষেপ হৈছে জৰুৰীকালীন পৰিস্থিতিবোৰত কেতবোৰ সময়োপযোগী তথা সাৰ্থক প্ৰচেষ্টাৰ জৰিয়তে ৰাইজৰ ধৈৰ্যশক্তি শক্তিশালী কৰাৰ প্ৰতি থকা ইণ্ডাছ টাৱাৰ্ছৰ ব্যাপক প্ৰতিশ্ৰুতিৰ অংশ। বানপীড়িত অঞ্চলবোৰত সাহায্য সামগ্ৰী বিতৰণ আৰু পুনৰুদ্ধাৰৰ বাবে চলোৱা প্ৰচেষ্টাসমূহত সহায় আগবঢ়াৰ বাবে কোম্পানীটোৱে স্থানীয় কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট পক্ষসমূহৰ লগত ঘনিষ্ঠভাৱে কাম কৰিব।
এই সাহায্য সামগ্ৰী বিতৰণ কাৰ্য কৰ্মক্ষেত্ৰত ৰূপায়ণ কৰা হয় এই প্ৰচেষ্টাৰ বাবে সহযোগিতা স্থাপন কৰা ইণ্ডাছ টাৱাৰ্ছৰ কাৰ্যকৰীকৰণ সহযোগী, নৰ্থ ইষ্ট এফেক্টেড এৰীয়া ডেভেলপমেণ্ট ছ’চাইটি (এনইআইডি)ৰ জৰিয়তে।

No comments:
Post a Comment