উত্তৰ-পূৰ্বাঞ্চলত বেংক অৱ বৰোদাৰ ফিজিটেল শাখা আৰু আঞ্চলিক সংকটগ্ৰস্ত সম্পদ পুনৰুদ্ধাৰ শাখা (ROSARB) উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 1 June 2026

উত্তৰ-পূৰ্বাঞ্চলত বেংক অৱ বৰোদাৰ ফিজিটেল শাখা আৰু আঞ্চলিক সংকটগ্ৰস্ত সম্পদ পুনৰুদ্ধাৰ শাখা (ROSARB) উদ্বোধন


 

W7s news,,গুৱাহাটী, ১ জুন, ২০২৬: উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত এক নতুন মাত্ৰা যোগ কৰি গ্ৰাহকৰ বাবে এক বিশেষ সেৱা মুকলি কৰিছে বেংক অৱ বৰোদাই। গ্ৰাহককেন্দ্ৰিক অভিজ্ঞতা আৰু অন্তৰ্ভুক্তিমূলক বেংকিং ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ এই আন্তঃৰাষ্ট্ৰীয় বেংকটোৱে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰতিষ্ঠানটোৱে মেঘালয়ৰ শ্বিলঙত তেখেতলোকৰ নতুন প্ৰজন্মৰ ফিজিটেল শাখা আৰু অসমৰ গুৱাহাটীত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে আঞ্চলিক সংকটগ্ৰস্ত সম্পদ পুনৰুদ্ধাৰ শাখা (ROSARB)।

উল্লেখ্য যে, শ্বিলঙৰ এই নতুন ফিজিটেল শাখাৰ জৰিয়তে বেংক অৱ বৰোদাই গ্ৰাহকসকলক ডিজিটেল সুবিধা আৰু ব্যক্তিগত বেংকিং সহায়ৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। অত্যাধুনিক স্ব-সেৱা বেংকিং সুবিধাৰ সমান্তৰালকৈ ইয়াত লাভ কৰিব বিশেষ গ্ৰাহক সহায়ক ব্যৱস্থাও। ইয়াৰ জৰিয়তে আধুনিক, দ্ৰুত আৰু গ্ৰাহকবান্ধৱ বেংকিং সেৱা আগবঢ়োৱাৰ লক্ষ্য লৈছে বেংকিং প্ৰতিষ্ঠানটোৱে।

আনহাতে, গুৱাহাটীত কাৰ্যক্ষম হোৱা ROSARB-এ উত্তৰ-পূৰ্বাঞ্চলত বেংকটোৰ সংকটগ্ৰস্ত সম্পদ পুনৰুদ্ধাৰ আৰু নিষ্পত্তি প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বেংকটোৰ এই পদক্ষেপৰ ফলত ঋণ উদ্ধাৰ প্ৰক্ৰিয়াত অধিক নিবিড় নিৰীক্ষণ, উন্নত কাৰ্যক্ষমতা আৰু পুনৰুদ্ধাৰ ব্যৱস্থাৰ দক্ষতা বৃদ্ধি পাব।

আজি শ্বিলঙ আৰু গুৱাহাটীৰ এই দুয়োটা শাখাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বেংক অৱ বৰোদাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী লাল সিংহে। এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ জ’নৰ মহাপ্ৰবন্ধক তথা জ’নেল মুৰব্বী শ্ৰী শিবা পদ নায়ক।

শ্বিলঙৰ ফিজিটেল শাখাৰ উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে মেঘালয় চৰকাৰৰ আয়ুক্ত তথা সচিব ড° বি. ডি. আৰ. তিৱাৰী (IAS)। ইয়াৰ উপৰিও, দুয়োটা অনুষ্ঠানতে উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ জ’নৰ অনুশাসন আৰু আশ্বাস বিভাগৰ উপ-মহাপ্ৰবন্ধক বিশ্বজিৎ স্বাইন; উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহ জ’নৰ জ’নেল পৰিদৰ্শন আৰু হিচাপ পৰীক্ষা বিভাগৰ উপ-মহাপ্ৰবন্ধক কল্লোল বিশ্বাস; সহকাৰী মহাপ্ৰবন্ধক আৰু ৰাজভাষা তথা সংসদীয় সমিতিৰ প্ৰভাৰী পুনীত মিশ্ৰ; গুৱাহাটীৰ আঞ্চলিক মুৰব্বী দিৱাকৰ ঝা; গুৱাহাটী অঞ্চলৰ সহকাৰী মহাপ্ৰবন্ধক তথা উপ-আঞ্চলিক মুৰব্বী প্ৰভাত কুমাৰ ঝা; গুৱাহাটীৰ SME শাখাৰ শাখা মুৰব্বী প্ৰবীণ কুমাৰ শেঠী; ROSARB, গুৱাহাটীৰ মুখ্য প্ৰবন্ধক ত্ৰিলোচন সাহু আদিৰ লগতে বেংকৰ অন্যান্য জ্যেষ্ঠ বিষয়া, সন্মানীয় গ্ৰাহক আৰু স্থানীয় সমাজৰ সদস্যসকল।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বেংক অৱ বৰোদাৰ এক্সিকিউটিভ ডাইৰেক্টৰ শ্ৰী লাল সিংহে কয়, “শ্বিলঙত ফিজিটেল শাখা আৰু গুৱাহাটীত ROSARB-ৰ উদ্বোধনে উদ্ভাৱন, কাৰ্যগত উৎকৰ্ষতা আৰু গ্ৰাহককেন্দ্ৰিক বেংকিঙৰ প্ৰতি বেংক অৱ বৰোদাৰ অব্যাহত অংগীকাৰক প্ৰতিফলিত কৰে। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি অধিক শক্তিশালী কৰাৰ লগতে উন্নত বেংকিং আৰু পুনৰুদ্ধাৰ সেৱা আগবঢ়োৱাত সহায় কৰিব।”

উত্তৰ-পূৰ্বাঞ্চলত এই দুয়োটা নতুন শাখাৰ উদ্বোধনৰ জৰিয়তে বেংক অৱ বৰোদাই সমগ্ৰ দেশতে উদ্ভাৱনী, সুৰক্ষিত আৰু সহজলভ্য বেংকিং সমাধান আগবঢ়োৱাৰ লগতে নিজৰ ডিজিটেল পৰিকাঠামো আৰু কাৰ্যক্ষমতা অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়ভাৱে ব্যক্ত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here