W7s news,,গুৱাহাটী:১ জুন, ছাত্ৰ -ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধন আৰু গুৰু দুজনাৰ জীৱন দৰ্শনৰ প্ৰতি সম্যক আভাস দিয়াৰ লগতে বৈষ্ণৱ সাহিত্যৰ লগত পৰিচিত কৰাৰ উদ্দেশ্যে আগত ৰাখি কাহিলিপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত প্ৰতি বছৰে গুৰু দুজনাৰ জন্মোৎসৱ অতি উলহ-মালহেৰে পালন কৰা হয়।এই বেলিও অহা ১ জুন তাৰিখে শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে বিদ্যালয় খনে নানা সাংস্কৃতিক কাৰ্যসূচী পালন কৰিছে।
ৰাতিপুৱা প্ৰাৰ্থনা সভাত মাধৱদেৱৰ অনুকৃতিত মাল্যাৰ্পন আৰু গুৰু জনাৰ তথ্য সম্বলিত পত্ৰিকা উন্মোচন কৰাৰ পাছতেই শংকৰী সংস্কৃতিৰ অন্যতম উপাদান বৰগীত পৰিৱেশন কৰা হয়। তাৰ পাছতেইপ্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে
হয়।বৰগীত প্ৰতিযোগিতাৰ অন্তত বিদ্যালয় খনৰ চাৰিটা হাউচৰ দুটাকৈ মুঠ আঠটা দলৰ মাজত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বৰগীত আৰু দিহা নাম প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ভাষা বিষয়ক অতিথি অধ্যাপক, লোক সংগীতৰ গৱেষক , টোকাৰী গীতৰ বিশিষ্ট সাধক হীৰক জ্যোতি শৰ্মা । অনুষ্ঠানৰ আৰম্ভণিতে এটি সাৰুৱা ভাষণ আৰু এটা টোকাৰী গীতেৰে ছাত্ৰ -ছাত্ৰীক আপ্লুত কৰে।মুলতঃ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াতগুৰু দুজনাৰ মহৎ অৱদান আৰু সনাতনী সংস্কৃতিৰ সৈতে পৰিচিত কৰাৰ উদ্দেশ্যে লৈয়ে বিদ্যালয় খনৰ এই প্ৰয়াস বুলি বিদ্যালয় কতৃপক্ষই এই কথা প্ৰকাশ কৰে।

No comments:
Post a Comment