বিশ্ব পৰিৱেশ দিৱসত লুইত ব্লুৰ উদ্যোগত বিনামূলীয়া গছপুলি বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 5 June 2026

বিশ্ব পৰিৱেশ দিৱসত লুইত ব্লুৰ উদ্যোগত বিনামূলীয়া গছপুলি বিতৰণ



W7s news,,গুৱাহাটী, ৫ জুন, ২০২৫: পৰিৱেশ সংৰক্ষণ তথা বনাঞ্চল বৃদ্ধিৰ গুৰুত্বক সমুখত ৰাখি বিশ্ব পৰিৱেশ দিৱস ২০২৬ উপলক্ষে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে অসমৰ থলুৱা তথা মহিলাৰ দ্বাৰা পৰিচালিত পেকেটজাত খোৱাপানীৰ ব্ৰেণ্ড ‘লুইত ব্লু’ৱে। গুৱাহাটীৰ পানীখাইতীৰ হাজংবাৰীত ৰূপায়িত এই বিনামূলীয়া গছ পুলি বিতৰণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিৱেশ সুৰক্ষা আৰু এক সেউজ ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্যক উৎসাহিত কৰা হয়।

ভাৰত চৰকাৰৰ ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত এই কাৰ্যসূচী অনুষ্ঠিত হয়। মাতৃৰ প্ৰতি সন্মান জনাই বৃক্ষৰোপণক উদগনি যোগোৱাৰ লক্ষ্যৰে হাতত লোৱা এই কাৰ্যসূচীত বিপুলসংখ্যক স্থানীয় বাসিন্দাই অতি উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু ৰোপণৰ বাবে পুলি সংগ্ৰহ কৰে। উল্লেখ্য যে, এই গছপুলি বিতৰণ কাৰ্যসূচীত স্থানীয় ৰাইজৰ মাজত ফল-মূলৰ গছৰ লগতে বিভিন্ন ঔষধি গুণসম্পন্ন থলুৱা প্ৰজাতিৰ গছ পুলি বিতৰণ কৰা হয়। বিশেষকৈ কঁঠাল, অৰ্জুন, মধুৰিআম, জলফাই, আম, আমলখি, লেটেকু আৰু জামু গছৰ দৰে উল্লেখযোগ্য গছৰ পুলি ৰাইজৰ মাজত বিতৰণ কৰে লুইত ব্লুৱে।

এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে লুইত ব্লুৰ প্ৰতিষ্ঠাপক মণ্ডালিকা চলিহা আৰু তেওঁৰ নিষ্ঠাৱান দলে। কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰী তথা স্থানীয় বাসিন্দাসকলৰ মাজত বিনামূলীয়া খোৱাপানীও বিতৰণ কৰে লুইত ব্লুৱে।

হাজংবাৰীৰ গাঁওবুঢ়া দেৱজিৎ ৰংপিয়ে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে সহযোগ কৰাৰ লগতে স্থানীয় ৰাইজকো বৃক্ষৰোপণৰ বাবে উৎসাহিত কৰে। এই পদক্ষেপৰ সফলতাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় গুৱাহাটী এছএফ ডিভিজন, বশিষ্ঠৰ বিভাগীয় বন বিষয়া মনোজ গোস্বামী, এএফএছে। উল্লেখ্য যে, গোলাঘাট এছএফ ডিভিজনৰ বিভাগীয় বন বিষয়া সায়ম্বৃতা দত্ত, এএফএছৰ দিশনিৰ্দেশনাত সমগ্ৰ কাৰ্যসূচী পৰিচালিত হয়।

ইফালে, এই অভিযানৰ জৰিয়তে ব্যৱহৃত লুইত ব্লুৰ বটলসমূহক গছৰ টাব হিচাপে পুনৰ ব্যৱহাৰ কৰাৰ বাৰ্তাও দাঙি ধৰা হয়। বৃক্ষৰোপণৰ লগতে আৱৰ্জনা হ্ৰাস কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰেই এই উদ্যোগ লোৱা হয়। অংশগ্ৰহণকাৰীসকলক খালী বটলসমূহ পৰিষ্কাৰ কৰি পুলি ৰোপণৰ কামত পুনৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হয়, যাতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীও পৰিৱেশ অনুকূল তথা বহনক্ষম জীৱনশৈলীৰ পথত এটা সৰু হ’লেও অৰ্থপূৰ্ণ ভূমিকা ল’ব পাৰে।

অনুষ্ঠানত বক্তব্য ৰাখি লুইত ব্লুৰ প্ৰতিষ্ঠাপক মণ্ডালিকা চলিহাই কয়, “অসমৰ থলুৱা তথা মহিলাৰ দ্বাৰা পৰিচালিত এটা ব্ৰেণ্ড হিচাপে লুইত ব্লুৱে বিশ্বাস কৰে যে আমাৰ দায়িত্ব কেৱল সুৰক্ষিত খোৱাপানী যোগান ধৰাতে সীমাবদ্ধ নহয়। এই গছপুলি বিতৰণ কাৰ্যসূচীৰ জৰিয়তে আমি মাতৃৰ প্ৰতি সন্মান জনাই প্ৰতিগৰাকী লোককে একোটাকৈ পুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰিব বিচাৰিছোঁ। ইয়াৰ লগতে খালী বটলবোৰ টাব হিচাপে পুনৰ ব্যৱহাৰ কৰাৰ দৰে সহজ তথা পৰিৱেশ অনুকূল অভ্যাস গঢ়ি তোলাৰ বাৰ্তাও দাঙি ধৰিছোঁ। আজি ৰোপণ কৰা আৰু যতনেৰে প্ৰতিপালন কৰা প্ৰতিটো পুলিয়েই এক সেউজ তথা সুন্দৰ ভৱিষ্যতৰ দিশে আগবঢ়োৱা একোটা খোজ।”

পৰিৱেশ সুৰক্ষাত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে কাৰ্যসূচীত অংশ লোৱা সকলোকে এই গছপুলিসমূহ ৰোপণ কৰিবলৈ আৰু নিয়মীয়াকৈ প্ৰতিপালন কৰিবলৈ আহ্বান জনোৱা হয়। কেৱল গছ ৰোপণ কৰাতেই দায়িত্ব নাসামৰি সেই পুলিবোৰ যাতে এদিন একোডাল গছ হৈ উঠিব পাৰে, তাৰ বাৰে সঠিক প্ৰতিপালন কৰাটোও সমানেই গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে আয়োজকসকলে।

ইফালে, এই পদক্ষেপ সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱাৰ বাবে বন বিভাগ, স্থানীয় সমাজৰ নেতৃবৃন্দ, স্বেচ্ছাসেৱক আৰু স্থানীয় ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে লুইত ব্লুৱে।

প্ৰণিধানযোগ্য যে, লুইত ব্লু হ’ল গুৱাহাটীত অৱস্থিত এটা পেকেটজাত খোৱাপানীৰ ব্ৰেণ্ড, যাৰ অনুপ্ৰেৰণা হৈছে 'লুইত’ নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰ নদী। পবিত্ৰতা, সুৰক্ষিত খোৱাপানী, জনসম্পৃক্ততা আৰু পৰিৱেশৰ বহনক্ষমতাৰ মূল্যবোধক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে এই ব্ৰেণ্ড।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here