গুৱাহাটীত তিনিদিনীয়া ৱাটাৰ ইণ্ডিয়া এক্সপ’ৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 2 June 2026

গুৱাহাটীত তিনিদিনীয়া ৱাটাৰ ইণ্ডিয়া এক্সপ’ৰ শুভাৰম্ভণি



 


 

এই অনুষ্ঠানত ১২০ তকৈও অধিক প্ৰদৰ্শকৰ লগতে ৫ হাজাৰৰো অধিক দৰ্শনাৰ্থীৰ সমাৱেশ ঘটাৰ সম্ভাৱনা

 

 

W7s news,,গুৱাহাটী, ২ জুন, ২০২৬: আজিৰপৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হৈছে পানী আৰু বৰ্জ্য পানী উদ্যোগক কেন্দ্ৰ কৰি আয়োজিত অন্যতম বৃহৎ প্ৰদৰ্শনী ‘ৱাটাৰ ইণ্ডিয়া এক্সপ’ৰ ৪৫ সংখ্যক সংস্কৰণ। অহা ২, ৩ আৰু ৪ জুনলৈ এই অনুষ্ঠান চলি থাকিব বুলি প্ৰকাশ কৰা হৈছে।

 

তিনিদিনীয়াকৈ আয়োজিত এই এক্সপ’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জল উদ্যোগৰ সৈতে জড়িত অংশীদাৰ, প্ৰযুক্তি প্ৰতিষ্ঠান, উৎপাদক, নীতিনিৰ্ধাৰক, পৰামৰ্শদাতা আৰু উদ্যোক্তাসকল একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। এই আয়োজনৰ মূল উদ্দেশ্য হৈছে জল খণ্ডৰ নতুন প্ৰযুক্তি, উদ্ভাৱন আৰু কাৰ্যকৰী সমাধানসমূহ দাঙি ধৰা। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, এই অনুষ্ঠানত ১২০ টাতকৈও অধিক প্ৰদৰ্শক আৰু ৫ হাজাৰৰো অধিক দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

 

মন কৰিবলগীয়া যে, এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ’ব পানী শোধন, ৰিভাৰ্ছ অছম’চিচ, পুনৰাবৰ্তন, ফিল্ট্ৰেশ্যন, ডিচেলিনেশ্যন, পেকেজড খোৱাপানী, ইউভি বীজাণুমুক্তকৰণ, মেমব্ৰেন, ৰাসায়নিক উপাদান আৰু ঘৰুৱা জল শোধন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন প্ৰযুক্তি তথা সামগ্ৰী। এক্সপ’ চলি থকাৰ সময়তে সামগ্ৰীৰ পোনপটীয়া প্ৰদৰ্শনী, উপস্থাপন আৰু নেটৱৰ্কিং সমাৱেশৰো আয়োজন কৰা হ’ব।

 

উল্লেখযোগ্য যে, এই এক্সপ’ই উদ্যোগ খণ্ডৰ পাৰস্পৰিক যোগাযোগ বৃদ্ধি কৰাৰ লগতে বহনক্ষম জল ব্যৱস্থাপনা আৰু জল উদ্যোগত আত্মপ্ৰকাশ কৰা নতুন প্ৰযুক্তিসমূহক লৈ গুৰুত্বপূৰ্ণ আলোচনা তথা মত-বিনিময়ৰ এক বৃহৎ মঞ্চ হৈ পৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here