অসমসহ উত্তৰ পূবৰ শিক্ষাৰ্থীৰ বাবে আই আই এম বেংগালুৰুৰ বি বি এ ( ডি বি ই) অনলাইন পাঠ্যক্ৰম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 2 June 2026

অসমসহ উত্তৰ পূবৰ শিক্ষাৰ্থীৰ বাবে আই আই এম বেংগালুৰুৰ বি বি এ ( ডি বি ই) অনলাইন পাঠ্যক্ৰম মুকলি

 


গুৱাহাটী  : ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট ( আই আই এম বি) বেংগালুৰুৱে স্নাতক ডিগ্ৰী প্ৰগ্ৰেমৰ তৃতীয় বেটচ ডিজিটেল বিজনেছ এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপৰ বি বি এৰ অনলাইন পাঠ্যক্ৰমত আগ্ৰহী শিক্ষাৰ্থীৰ অধ্যয়নৰ সহায়ক হোৱাকৈ অসমসহ উত্তৰ পূবৰ বাবে আবেদন পত্ৰ মুকলি  কৰিছে । আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত ভাগ লৈ আই আই এম বিৰ বি বি এ (ডি বি ই) ৰ অধ্যক্ষ অধ্যাপক সুৰেশ ভাগৱতুলাই কয় যে তৃতীয় বেটছৰ বাবে আবেদন বিচৰা আৰু অনলাইনত প্ৰদান কৰা বিবিএ (ডিবিই)  শিক্ষাৰ্থীসকলৰ বাবে ডিজাইন কৰা হৈছে ।আবেদন  ৱেবছাইট: https://dbe.iimb.ac.in/ ৰ জৰিয়তে মুকলি কৰা হৈছে আৰু এই প্ৰক্ৰিয়া ৩০ জুনলৈকে চলি থাকিব। এই পাঠ্যক্ৰমত  প্ৰযুক্তি, পৰিৱৰ্তিত ব্যৱসায়িক মডেল, আৰু উদ্যোগ সৃষ্টিৰ বৃদ্ধিৰ দ্বাৰা কেৰিয়াৰ আৰু সংস্থাসমূহক পুনৰ গঢ় দিয়া হৈছে । পাঠ্যক্ৰমৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক এনে এখন পৃথিৱীৰ বাবে প্ৰস্তুত কৰা , য’ত পৰিচালনাৰ জ্ঞান ব্যৱহাৰিক আৰু দ্ৰুত পৰিৱৰ্তিত প্ৰেক্ষাপটত প্ৰয়োগ কৰিব লাগিব।   প্ৰথম দুটা বেটছৰ ভিতৰত  ২৯খন ৰাজ্যৰ ৪০০ৰো অধিক চহৰৰ পৰা দুই হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে  নামভৰ্তি কৰিছে।  পাঠ্যক্ৰমত গাঁথনিগত পাঠ্যক্ৰম, মূল্যায়ন, লাইভ প্ৰকল্প, সমনীয়া শিক্ষণ আৰু অধ্যাপকৰ নেতৃত্বত ইনপুটসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। বি বিবএ (ডি বি ই)ৰ এটা স্বকীয় বৈশিষ্ট্য হ’ল ইয়াৰ গুৰুত্ব ‘কৰ্ম কৰি শিকিব ।  প্ৰগ্ৰেম ইক'চিষ্টেমত বৰ্তমান প্ৰযুক্তি আৰু এ আই, বহনক্ষমতা, পৰামৰ্শ, ই-কমাৰ্চ, আৰু সৃষ্টিশীল গ্ৰাহক সামগ্ৰীৰ দৰে ডমেইনসমূহৰ প্ৰায় ২০০টা ছাত্ৰ-নেতৃত্বাধীন ষ্টাৰ্টআপ অন্তৰ্ভুক্ত কৰা হৈছে। আই আই এম বিয়ে অনলাইন পৰিৱেশত সমনীয়া শিক্ষণ আৰু সম্প্ৰদায় গঠনক সমৰ্থন কৰিবলৈ কেইবাটাও ব্যৱস্থাও স্থাপন কৰিছে।  এই  পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক, প্ৰেকটিচনাৰ আৰু বহল পেছাদাৰী নেটৱৰ্কৰ সৈতেও পৰিচয় কৰাই দিয়া হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here