~ ‘নাইট্ৰেইন ফেন ক্লাব’-ৰ সদস্যসকলে ২০২৬ ৰ ৮ জুন, সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা মঙ্গলবাৰ ৯ জুন, ২০২৬ ৰ ৰাতিপুৱা ১০ বজালৈ অনুষ্ঠিত হ’বলগীয়া আগতীয়া ক্ৰয় পৰ্বত সৰ্বপ্ৰথমে প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰিব। অধিক তথ্যৰ বাবে gunsnroses.com ত লগ ইন কৰক~
~ সাধাৰণ প্ৰৱেশ-পত্ৰ বিক্ৰী ২০২৬ ৰ ৯ জুন, মঙ্গলবাৰে দিনৰ ১১ বজাৰ পৰা কেৱল বুকমাইশ্ব’ৰ জৰিয়তে হ’ব আৰম্ভ ~
W7s news,,গুৱাহাটী, ৮ জুন, ২০২৬: বিশ্ব ৰক সংগীতৰ ইতিহাসত যুগান্তকাৰী অৱদান ৰখা কিংবদন্তী সংগীত দল ‘গানছ এন’ ৰ’জেছ’ নৱেম্বৰ মাহত দুখন সংগীতশীৰ্ষক অনুষ্ঠান প্ৰদৰ্শন কৰিবৰ বাবে পুনৰ ভাৰতলৈ আহিবলৈ সাজু হৈছে। বুকমাইশ্ব’ৰ লাইভ এণ্টাৰটেইনমেণ্ট শাখা বুকমাইশ্ব’ লাইভৰ উদ্যোগত আয়োজিত এই বিশেষ সংগীতানুষ্ঠানৰ জৰিয়তে দলটোৱে এছিয়া পৰ্যায়ৰ বিশ্ব ভ্ৰমণৰ অংশহিচাপে ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে বেংগালুৰুৰ নাইচ গ্ৰাউণ্ডছত আৰু ১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত সংগীত পৰিবেশন আগবঢ়াব।
২০২৫ চনত দীৰ্ঘ দশকৰো অধিক সময়ৰ পিছত বেণ্ডটোৱে সংগীত প্ৰদৰ্শন কৰি ভাৰতবৰ্ষৰ সংগীতপ্ৰেমীসকলক যি স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিছিল সেই অভূতপূৰ্ব সঁহাৰিৰ ফলস্বৰূপে এইবাৰ দেশৰ দুখন পৃথক চহৰত পুনৰ তেওঁলোকে গীত আৰু সুৰৰ যাদুৰে মন্ত্ৰমুগ্ধ কৰিবলৈ সাজু হৈছে।
‘ৱেলকাম টু দ্য জাংগল’, ‘পেৰাডাইছ চিটি’, ‘নৱেম্বৰ ৰেইন’ আৰু ‘ছুইট চাইল্ড অ’ মাইন’-ৰ দৰে কালজয়ী গীতেৰে ‘গানছ এন’ ৰ’জেছ’-এ বিশ্ব সংগীতৰ জগতত এক স্বতন্ত্ৰ স্থান দখল কৰি আহিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ লাইভ সংগীতানুষ্ঠানে লক্ষাধিক অনুৰাগীৰ হৃদয় স্পৰ্শ কৰাৰ লগতে বাদ্যযন্ত্ৰৰ নৈপুণ্য আৰু জনপ্ৰিয় গীতসমূহৰ বাবে দলটোৱে আজিও বিশ্বজুৰি অগণন শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছে। ইউৰোপ, মধ্যপ্ৰাচ্য, এছিয়া আৰু লেটিন আমেৰিকাত ২০২৫ চনৰ সফল ভ্ৰমণৰ পিছত দলটোৱে ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱাৰ লগতে “নাথিন” আৰু “এটলাছ” শীৰ্ষক দুখন নতুন ছিংগলছ্ মুকলি কৰে। ২০২৩ চনৰ পিছত এয়াই বেণ্ডটোৰ নতুন সংগীত সৃষ্টিৰাজি য’ত ‘এটলাছ’-এ ৰক আৰ্জেন্সী আনহাতে ‘নাথিন’-এ আত্মদৰ্শন আৰু আৱেগপ্ৰৱণ গীটাৰৰ সুৰ, এই দুই পৃথক দিশ প্ৰদৰ্শন কৰে।
নাইট্ৰেইন ফেন ক্লাব’-ৰ সদস্যসকলে ২০২৬ চনৰ ৮ জুন, সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা মঙ্গলবাৰ ৯ জুন, ২০২৬ ৰ ৰাতিপুৱা ১০ বজালৈ অনুষ্ঠিত হ’বলগীয়া আগতীয়া ক্ৰয় পৰ্বত সৰ্বপ্ৰথমে প্ৰৱেশ-পত্ৰ সংগ্ৰহ কৰাৰ সুযোগ লাভ কৰিব। অধিক তথ্যৰ বাবে gunsnroses.com ত লগ ইন কৰক । সাধাৰণ প্ৰৱেশ-পত্ৰ বিক্ৰী ২০২৬ চনৰ ৯ জুন, মঙ্গলবাৰে দিনৰ ১১ বজাৰ পৰা কেৱল বুকমাইশ্ব’ৰ জৰিয়তে আৰম্ভ হ’ব।
বুকমাইশ্ব’- লাইভ ইভেণ্টছৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগলিয়াই কয়, “বিশ্ব ৰক সংগীতৰ ইতিহাসত ‘গানছ এন’ ৰ’জেছ’-ৰ স্থান অতুলনীয়। তেওঁলোকৰ সংগীতৰ প্ৰভাৱ আজিও বিভিন্ন প্ৰজন্মৰ মাজত সমানে অনুভৱ কৰা যায়। যোৱা বছৰৰ ভাৰতীয় অনুষ্ঠানসমূহত লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰ পিছত পুনৰ তেওঁলোকক দেশলৈ আদৰি আনিব পাৰি আমি গৌৰৱান্বিত। এই আগমন ভাৰতৰ লাইভ মনোৰঞ্জন অনুষ্ঠান আৰু বিশ্বমানৰ সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত দেশখনৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ স্পষ্ট প্ৰতিফলন।বেংগালুৰু ইতিমধ্যে ভাৰতৰ ৰক সংগীতৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। আনহাতে গুৱাহাটীয়ে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ পৰিসৰত লাইভ অনুষ্ঠানৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহ আৰু সম্ভাৱনাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। আমি দুয়োখন চহৰৰ সংগীতপ্ৰেমীসকলক এই ঐতিহাসিক অভিজ্ঞতাৰ অংশীদাৰ কৰাৰ বাবে উৎসুক আৰু পুনৰবাৰ ‘গানছ এন’ ৰ’জেছ’-ৰ মঞ্চ পৰিবেশনৰ সাক্ষী হ’বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।”

No comments:
Post a Comment