‘
W7s news,,গুৱাহাটী, ৮ জুন: আৰ্যা প্ৰডাকশ্যনছৰ বেনাৰত নিৰ্মিত নতুন চুটি ছবি ‘মাই নেম ইজ...’এ শেহতীয়াকৈ মুক্তি লাভ কৰিছে। ইংৰাজী আৰু হিন্দী ভাষাত নিৰ্মিত এই মনস্তাত্ত্বিক থ্ৰিলাৰধৰ্মী ছবিখনে ইয়াৰ ব্যতিক্ৰমী ধাৰণা আৰু উপস্থাপনৰ বাবে ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।
ছবিখনৰ কাহিনী, চিত্ৰনাট্য, পৰিকল্পনা আৰু পৰিচালনা কৰিছে বিশিষ্ট কথক নৃত্যশিল্পী তথা অভিনেত্ৰী বি. পাল্কীয়ে। এইখন তেওঁৰ তৃতীয়টো পৰিচালনা। ইয়াৰ পূৰ্বে তেওঁ বহুল প্ৰশংসিত মঞ্চনাট ‘পকৱান’ৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল।
ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আকাশ শইকীয়া আৰু বি. পাল্কীয়ে। উল্লেখযোগ্য যে সমগ্ৰ ছবিখনৰ চিত্ৰগ্ৰহণ এটা এণ্ড্ৰইড মোবাইল ফোন ব্যৱহাৰ কৰি সম্পন্ন কৰা হৈছে, যিয়ে স্বাধীন চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক সৃষ্টিশীল আৰু অভিনৱ প্ৰয়াসৰ পৰিচয় দিছে।
ৰহস্য, উত্তেজনা আৰু মনস্তাত্ত্বিক সংঘাতেৰে ভৰা ‘মাই নেম ইজ...’এ দৰ্শকৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। ছবিখন বৰ্তমান আৰ্যা প্ৰডাকশ্যনছৰ অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ।

No comments:
Post a Comment