পূৰবী ডেইৰীয়ে মুকলি কৰিলে প্ৰিমিয়াম পশুৰ খাদ্য ‘পূৰবী দানা ছুপ্ৰিম’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 29 June 2026

পূৰবী ডেইৰীয়ে মুকলি কৰিলে প্ৰিমিয়াম পশুৰ খাদ্য ‘পূৰবী দানা ছুপ্ৰিম’


 

W7s news vবৰপেটা, ২৯ জুন, ২০২৬: উন্নত মানৰ পশুখাদ্যৰ জৰিয়তে দুগ্ধ উৎপাদন আৰু অধিক বৃদ্ধি কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে ‘পূৰবী ডেইৰী’ নামেৰে সৰ্বাধিক পৰিচিত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)য়ে। সেই উদ্যোগৰ অংশ হিচাপে ২৯ জুনত বৰপেটা জিলাৰ খৰিছালাত আয়োজিত এক অনুষ্ঠানত প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ উচ্চক্ষমতাসম্পন্ন প্ৰিমিয়াম পোহনীয়া পশুৰ খাদ্য ‘পূৰবী দানা ছুপ্ৰিম’-ৰ আনুষ্ঠানিক উদ্বোধন কৰে।

উল্লেখ্য যে, এই পশু খাদ্যৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত উপস্থিত থাকে ২৫০ গৰাকীৰো অধিক দুগ্ধ উৎপাদক কৃষক, দুগ্ধ সমবায়ৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি। অনুষ্ঠানত বৰপেটা জিলা পশুপালন দপ্তৰৰ বিষয়াসকলেও দুগ্ধ উৎপাদকসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।

মন কৰিবলগীয়া যে, পূৰবী ডেইৰীৰ পশুখাদ্য আৰু পুষ্টি-পৰিপূৰক ব্ৰেণ্ড ‘পূৰবী পশু পুষ্টি’-ৰ অধীনত বজাৰত মুকলি কৰা হৈছে এই ‘পূৰবী দানা ছুপ্ৰিম’। ভাৰতীয় মান ব্যুৰ’ৰ (বিআইএছ) টাইপ-১ মানদণ্ড অনুসৰি প্ৰস্তুত কৰা এই প্ৰিমিয়াম পোহনীয়া পশুৰ খাদ্যত অপৰিশোধিত প্ৰ’টিন আৰু অপৰিশোধিত চৰ্বিৰ পৰিমাণ তুলনামূলকভাৱে অধিক ৰখা হৈছে। ইয়াৰ উপৰি, পোহনীয়া পশুৰ সৰ্বোচ্চ উৎপাদনক্ষমতা নিশ্চিত কৰিবলৈ ইয়াত প্ৰয়োজনীয় ভিটামিন আৰু খনিজ উপাদানো সংযোজন কৰা হৈছে।

এই নতুন পশুখাদ্যৰ লক্ষ্য সম্পৰ্কে ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পৰিদাই কয়, “অধিক গাখীৰ উৎপাদনক্ষম পোহনীয়া পশুৰ পৰিৱৰ্তিত পুষ্টিগত চাহিদা পূৰণ আৰু দুগ্ধ উৎপাদক কৃষকসকলক বৈজ্ঞানিক খাদ্য ব্যৱস্থাপনা পদ্ধতি গ্ৰহণত সহায় কৰাৰ উদ্দেশ্যেৰেই ‘পূৰবী দানা ছুপ্ৰিম’ প্ৰস্তুত কৰা হৈছে। পূৰবী ডেইৰীত আমি সদায় মানসম্পন্ন সামগ্ৰী, কাৰিকৰী পৰামৰ্শ আৰু তৃণমূল পৰ্যায়ত নিয়মীয়া সহায়ৰ জৰিয়তে দুগ্ধ সমবায় আন্দোলনক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দি আহিছোঁ। আমাৰ বিশ্বাস, এই নতুন প্ৰিমিয়াম পোহনীয়া পশুৰ খাদ্যই দুগ্ধ উৎপাদকসকলৰ উৎপাদনশীলতা বৃদ্ধিৰ লগতে পোহনীয়া জীৱ-জন্তুৰ সুস্বাস্থ্য বজাই ৰখাত আৰু তেওঁলোকৰ সামগ্ৰিক জীৱিকাৰ মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

এই উদ্বোধনী কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমৰে দুগ্ধ উৎপাদক কৃষকসকললৈ অধিক উন্নত সহায়, মানসম্পন্ন সামগ্ৰী আৰু কাৰ্যকৰী সেৱা আগবঢ়োৱাৰ ধাৰাবাহিক উদ্যোগক আৰু এখোজ আগুৱাই লৈ গৈছে পূৰবী ডেইৰীয়ে। অনুষ্ঠানৰ সমান্তৰালকৈ এটা পশু স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়, য’ত ৱামুলৰ পশু চিকিৎসা বিশেষজ্ঞসকলে বৈজ্ঞানিক পদ্ধতিৰে পোহনীয়া পশু পালন ব্যৱস্থাপনা সম্পৰ্কে দুগ্ধ উৎপাদকসকলক দিহা-পৰামৰ্শ আৰু দিশ-নিৰ্দেশনা প্ৰদান কৰে।

প্ৰণিধানযোগ্য যে, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ (এনডিডিবি) ব্যৱস্থাপনাত পৰিচালিত পূৰবী ডেইৰীয়ে দীৰ্ঘদিন ধৰি অসমত দুগ্ধ সমবায় আন্দোলনক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম চৰকাৰ আৰু এনডিডিবিৰ যৌথ উদ্যোগত গঠিত প্ৰতিষ্ঠান নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডে (এনইডিএফএল) বজাৰজাত কৰে এই প্ৰতিষ্ঠানটোৰ উৎপাদিত সামগ্ৰীসমূহ। মন কৰিবলগীয়া যে, এটা সৰু সমবায়ভিত্তিক উদ্যোগ হিচাপে যাত্ৰা আৰম্ভ কৰি বৰ্তমান পূব ভাৰতৰ অন্যতম প্ৰভাৱশালী দুগ্ধ প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে পূৰবী ডেইৰীয়ে। বৰ্তমান অসমৰ ৫৭ হাজাৰতকৈও অধিক গ্ৰাম্য কৃষক পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছ এই প্ৰতিষ্ঠানটো।

বিগত কেইবছৰমানৰ ভিতৰত ৱামুলৰ সৈতে জড়িত দুগ্ধ উৎপাদক কৃষকৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰায় ১,৫০০খন গাঁৱৰ ৪৮৫টা দুগ্ধ সমবায় সমিতিৰ জৰিয়তে প্ৰায় ২২ হাজাৰ দুগ্ধ উৎপাদক কৃষকক সামৰি লৈছিল। ২০২৬ চনৰ মাৰ্চ মাহত সেই সংখ্যা বৃদ্ধি পাই প্ৰায় ৬০ হাজাৰ স্পৰ্শ কৰে। বৰ্তমান ২,৫২৪খনতকৈও অধিক গাঁৱৰ ১,৩৪০টা দুগ্ধ সমবায় সমিতিৰ জৰিয়তে এই দুগ্ধ উৎপাদকসকলক সেৱা আগবঢ়াই আহিছে ৱামুলে।

অসমত পোহনীয়া পশু পালন আৰু সমবায়ভিত্তিক দুগ্ধ উৎপাদনৰ সম্প্ৰসাৰণৰ লগে লগে বৈজ্ঞানিক পশুপালন আৰু সুষম পশুখাদ্য ব্যৱস্থাপনাৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাইছে। বিশেষকৈ হলষ্টিন ফ্ৰিছিয়ান, গিৰ আৰু জাৰ্চিৰ দৰে অধিক গাখীৰ উৎপাদনক্ষম জাতৰ পোহনীয়া পশু পালনৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফলত, পশুৰ পুষ্টি আৰু স্বাস্থ্য পৰিচৰ্যাৰ ক্ষেত্ৰতো পূৰ্বৰ তুলনাত বহু বেছি সচেতন হৈ উঠিছে দুগ্ধ উৎপাদকসকল।

দুগ্ধ উৎপাদনৰ এই পৰিৱৰ্তিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ চনত অসম চৰকাৰৰ আৰআইডিএফ প্ৰকল্পৰ সাহায্যত চাংসাৰিত থকা ৱামুলৰ পশুখাদ্য উৎপাদন কেন্দ্ৰটো পুনৰ সক্ৰিয় কৰি তোলা হয়। কেন্দ্ৰটোত দৈনিক ৫০ মেট্ৰিক টন কম্পাউণ্ডেড পশুখাদ্য উৎপাদনৰ সক্ষমতা আছে। ইয়াৰ সমান্তৰালকৈ স্থাপন কৰা হৈছে দৈনিক ২৫ মেট্ৰিক টন ক্ষমতাসম্পন্ন এটা বাইপাছ প্ৰ’টিন প্ৰকল্প আৰু ১২ মেট্ৰিক টন ক্ষমতাসম্পন্ন এটা মিনাৰেল মিশ্ৰণ প্ৰকল্প।

২০২২ চনত উৎপাদন কেন্দ্ৰটো পুনৰ সক্ৰিয় কৰাৰ পৰা ৱামুলে পূৰবীৰ সৈতে জড়িত দুগ্ধ উৎপাদক কৃষকসকলক ৰেহাই মূল্যত প্ৰায় ২৩ হাজাৰ মেট্ৰিক টন পশুখাদ্য আৰু ১৭৫ মেট্ৰিক টন মিনাৰেল মিশ্ৰণ যোগান ধৰিছে। একেদৰে, ৱামুলৰ সৈতে জড়িত দুগ্ধ উৎপাদক কৃষকসকলে ২৫ কেজি ওজনৰ এক বস্তা ‘পূৰবী দানা সুপ্ৰিম’ লাভ কৰিব ৭৫৫ টকাত। অথচ এই প্ৰিমিয়াম পশুখাদ্যবিধৰ প্ৰতি বস্তাৰ সৰ্বোচ্চ খুচুৰা মূল্য (এমআৰপি) নিৰ্ধাৰণ কৰা হৈছে ১,০৭৫ টকা।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ (এনডিডিবি)ৰ কাৰিকৰী নিৰ্দেশনাত প্ৰস্তুত কৰা পশুখাদ্য আৰু পুষ্টি-পৰিপূৰক সামগ্ৰীৰ জৰিয়তে ‘পূৰবী পশু পুষ্টি’-য়ে দীৰ্ঘদিন ধৰি দুগ্ধ উৎপাদনকাৰী পোহনীয়া পশুৰ বাবে সুষম পুষ্টি নিশ্চিত কৰি আহিছে। এই সামগ্ৰীসমূহ কামৰূপ জিলাৰ চাংসাৰিত অৱস্থিত ৱামুলৰ আইএছঅ’ ৯০০১:২০১৫ স্বীকৃতিপ্ৰাপ্ত পশুখাদ্য উৎপাদন কেন্দ্ৰত প্ৰস্তুত কৰা হয়।

‘পূৰবী দানা ছুপ্ৰিম’ বজাৰত মুকলি কৰি অধিক গাখীৰ উৎপাদনক্ষম পোহনীয়া পশুৰ পুষ্টিগত চাহিদা আৰু অধিক কাৰ্যকৰীভাৱে পূৰণ কৰাৰ লক্ষ্য লৈছে পূৰবী ডেইৰীয়ে। ইয়াৰ সমান্তৰালকৈ বৈজ্ঞানিক পশুখাদ্য ব্যৱস্থাপনাৰ প্ৰসাৰ ঘটাই দুগ্ধ উৎপাদক কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধিত সহায় কৰাটোও এই উদ্যোগৰ অন্যতম উদ্দেশ্য।

পূৰবী ডেইৰীয়ে কয় যে, অসমৰ গ্ৰাম্য দুগ্ধ উৎপাদক সমাজৰ সৈতে প্ৰতিষ্ঠানটোৰ সম্পৰ্ক সদায় নিবিড়। নতুন নতুন পদক্ষেপ, অধিক উন্নতমানৰ সামগ্ৰী আৰু পথাৰ পৰ্যায়ত ধাৰাবাহিক সহায়ৰ জৰিয়তে দুগ্ধ উৎপাদকসকলৰ জীৱিকাৰ মান উন্নত কৰিবলৈ ভবিষ্যতেও একেদৰে প্ৰতিশ্ৰুতিবদ্ধ থাকিব বুলিও মন্তব্য কৰে পূৰবী ডেইৰীয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here