উত্তৰ-পূব ভাৰতৰ মনোৰঞ্জন আৰু মটৰস্পৰ্ট জগতলৈ আহিছে এক ডাঙৰ পৰিৱৰ্তন। সচৰাচৰ দেখা পোৱা ভিডিঅ’ গেম জ’ন বা এমিউজমেণ্ট পাৰ্কতকৈ সম্পূৰ্ণ ব্যতিক্ৰমী এক অভিজ্ঞতা লৈ গুৱাহাটীত মুকলি হৈছে উত্তৰ-পূবৰ প্ৰথমটো প্ৰিমিয়াম ইনড’ৰ আৰ.চি. মটৰস্পৰ্ট —
‘আৰ.চি. এৰিনা – এক্সপিৰিয়েন্স মটৰস্পৰ্ট’ (RC Arena – Experience Motorsport)।
এইয়া কোনো সাধাৰণ ভিডিঅ’ গেম নহয়, এইয়া হ’ল ট্ৰেকত লাইভ ৰেচিং কৰাৰ এক প্ৰকৃত আৰু ৰোমাঞ্চকৰ থ্ৰিল। ইয়াত পেছাদাৰী হবী-গ্ৰেড ৰিম’ট-কণ্ট্ৰ’ল্ড (RC) ৰেচিং আৰু অফ-ৰোড গাড়ীৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়েই লাভ কৰিব পাৰিব মটৰস্পৰ্টৰ অপাৰ আনন্দ।
বিশেষ আকৰ্ষণসমূহ:
বিশেষভাৱে নিৰ্মিত ট্ৰেক: নিৰ্দিষ্টভাৱে তৈয়াৰ কৰা ইনড'ৰ চাৰ্কিটত গাড়ী চলোৱাৰ সুবৰ্ণ সুযোগ।
অফ-ৰোড ৰেচিং: দুৰ্গম অফ-ৰোড ভূখণ্ড অতিক্ৰম কৰাৰ লাইভ থ্ৰিল।
ড্ৰিফটিং টেকনিক: য’ত গাড়ীৰে ড্ৰিফ্ট কৰাৰ বিশেষ কৌশল আয়ত্ত কৰিব পৰা যাব।
লাইভ লিডাৰবোৰ্ড: যিকোনো প্ৰতিযোগীয়ে নিজৰ স্ক’ৰ লাইভ স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিব।
পূৰ্ব-অভিজ্ঞতা বা লাইচেন্সৰ প্ৰয়োজন নাই:
এই এৰিনাত ড্ৰাইভ কৰিবলৈ আপোনাৰ কোনো ড্ৰাইভিং লাইচেন্স বা পূৰ্ব-অভিজ্ঞতাৰ প্ৰয়োজন নাই। কেৱল নতুন প্ৰজন্মই নহয়; পৰিয়াল, কৰ্পোৰেট গ্ৰুপ আৰু মটৰস্পৰ্ট প্ৰেমী সকলোৰে বাবে মনোৰঞ্জনৰ এক সুন্দৰ আৰু নতুন ঠিকনা হৈ পৰিব এই ‘আৰ.চি. এৰিনা’।
গতিকে আপুনিও সাজু হওক এই অনন্য অভিজ্ঞতা বুটলি বলৈ। কাৰণ ‘আৰ.চি. এৰিনা’ কেৱল মটৰস্পৰ্ট চোৱাৰ বাবে নহয়, ইয়াক বাস্তৱিকভাৱে উপভোগ কৰাৰ বাবেহে।
হেডলাইন (Ticker):
গুৱাহাটীত মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমটো প্ৰিমিয়াম ইনড’ৰ আৰ.চি. মটৰস্পৰ্ট 'আৰ.চি. এৰিনা'।
কোনো ড্ৰাইভিং লাইচেন্স নোহোৱাকৈয়ে লওক প্ৰফেচনেল হবী-গ্ৰেড ৰেচিং কাৰ চলোৱাৰ সোৱাদ।
বিশেষভাৱে নিৰ্মিত ট্ৰেক, অফ-ৰোড ৰেচিং আৰু ড্ৰিফটিং টেকনিকৰ লাইভ থ্ৰিল।
পৰিয়াল, যুৱ প্ৰজন্ম আৰু কৰ্পোৰেট গ্ৰুপৰ মনোৰঞ্জনৰ বাবে গুৱাহাটীত এক নতুন ঠিকনা।




No comments:
Post a Comment