আতিথ্যৰ দক্ষতা সম্প্ৰসাৰণৰ উদ্দেশে ‘লাৰ্নিং ফৰ লাইফ’ পদক্ষেপৰ অধীনত অসমত দক্ষতা কেন্দ্ৰ মুকলি ডিয়াজিঅ’ ইণ্ডিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 19 June 2026

আতিথ্যৰ দক্ষতা সম্প্ৰসাৰণৰ উদ্দেশে ‘লাৰ্নিং ফৰ লাইফ’ পদক্ষেপৰ অধীনত অসমত দক্ষতা কেন্দ্ৰ মুকলি ডিয়াজিঅ’ ইণ্ডিয়াৰ


 

বছৰি ২০০ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা, নিয়োগযোগ্যতা আৰু বহনক্ষম জীৱিকাৰ পথ শক্তিশালী কৰাই হৈছে অসমত মুকলি কৰা দক্ষতা বিকাশ কেন্দ্ৰৰ মূল লক্ষ্য

W7s news,,শোণিতপুৰ, অসম, জুন, ২০২৬: দেশৰ আগশাৰীৰ এলক’বেভ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম ডিয়াজিঅ’ ইণ্ডিয়া (ইউনাইটেড স্পিৰিটছ লিমিটেড)ই টুৰিজম এণ্ড হস্পিটেলিটি স্কিল কাউন্সিল (টি এইচ এছ চি) ৰ সহযোগত আজি অসমৰ শোণিতপুৰৰ দুৰুং চাহ বাগিচাত মুকলি কৰে এটা নতুন দক্ষতা কেন্দ্ৰ। ডিয়াজিঅ’ ইণ্ডিয়াৰ ফ্লেগশ্বিপ পদক্ষেপ ‘লাৰ্নিং ফৰ লাইফ’ৰ অধীনত মুকলি কৰা এই কেন্দ্ৰটোৰ মূল লক্ষ্য হৈছে স্থানীয় যুৱক-যুৱতীসকলক উদ্যোগ-প্ৰাসংগিক আতিথ্য দক্ষতাৰে সজ্জিত কৰি তোলা আৰু সমগ্ৰ আতিথ্য আৰু সেৱা খণ্ডৰ নিয়োগৰ সুযোগৰ সৈতে সংযোগ কৰা।

কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ মাননীয় সহ-জিলা আয়ুক্ত শ্ৰীমতী সাংস্কৃতিক সোমানী, আই এ এছ, ৰঙাপাৰাৰ সন্মানীয় বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰাকায়স্থ, শোণিতপুৰৰ  বি জে পি সভাপতি শ্ৰীমতী মধুস্মিতা হাজৰিকা ডেকা আৰু শ্ৰী হেমন্ত শইকীয়া (ডি পি এম-টি, এ এছ ডি এম)। অনুষ্ঠানটোত চিগনেট ইম্পেৰিয়েল হোটেলছ, বিভিন্ন চাহ বাগিচাৰ কল্যাণ বিষয়া, ডিয়াজিঅ’ ইণ্ডিয়া আৰু টি এইচ এছ চিৰ প্ৰতিনিধিকে ধৰি উদ্যোগৰ আগশাৰীৰ অংশীদাৰৰ প্ৰতিনিধিসকলো  উপস্থিত থাকে। 

অসমৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগযোগ্যতা শক্তিশালী কৰাৰ লগতে মানসম্পন্ন বৃত্তিমূলক প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণৰ উদ্দেশ্যে স্থাপন কৰা হৈছে লাৰ্নিং ফৰ লাইফ স্কিল চেণ্টাৰ। স্থাপনৰ প্ৰথমটো বছৰত এই কেন্দ্ৰটোৱে উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি গাঁথনিগত আতিথ্য দক্ষতা কাৰ্যসূচীৰ জৰিয়তে অসমৰ ক্ৰমবৰ্ধমান পৰ্যটন আৰু আতিথ্য খণ্ডৰ প্ৰতিভাৰ প্ৰয়োজনীয়তাক সহায় কৰাৰ সমান্তৰালভাৱে বহনক্ষম জীৱিকাৰ পথ সৃষ্টি কৰি ২০০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

টি এইচ এছ চিৰে সহযোগিতা স্থাপন কৰি দক্ষতা কেন্দ্ৰত আগবঢ়োৱা প্ৰশিক্ষণ কাৰ্যসূচীত উদ্যোগৰ সৈতে সংগতি ৰাখি দক্ষ প্ৰশিক্ষক আৰু মূল্যায়কৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই পাঠ্যক্ৰমত কাৰিকৰী আতিথ্য দক্ষতা, যোগাযোগ, ডিজিটেল সাক্ষৰতা আৰু কৰ্মক্ষেত্ৰৰ অত্যাৱশ্যকীয় দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হোটেল, ৰেষ্টুৰেণ্ট আৰু সংশ্লিষ্ট সেৱা খণ্ডত নিয়োগৰ সুযোগ গ্ৰহণৰ বাবে প্ৰাৰ্থীক প্ৰস্তুত কৰা হ’ব। এই কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত প্ৰাৰ্থীসকলক টি এইচ এছ চিৰ জৰিয়তে মূল্যায়ন আৰু চাৰ্টিফিকেচন কৰা হ’ব আৰু পৰিষদৰ বিস্তৃত উদ্যোগ নেটৱৰ্কৰ জৰিয়তে নিয়োগৰ সুযোগ লাভ কৰাত সহায় কৰা হ’ব। এই পদক্ষেপৰ জৰিয়তে দক্ষতাৰ ব্যৱধান দূৰ কৰা, কৰ্মশক্তিৰ প্ৰস্তুতি শক্তিশালী কৰা আৰু স্থানীয় সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে দীৰ্ঘম্যাদী কেৰিয়াৰৰ সুযোগসমূহক সমৰ্থন কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।

শোণিতপুৰ জিলাৰ মাননীয় সহ-জিলা আয়ুক্ত আই এ এছ শ্ৰীমতী সাংস্কৃতিক সোমানীয়ে কয়, ‘দক্ষতা বিকাশ হৈছে সুযোগ সৃষ্টিৰ শক্তিশালী আহিলাসমূহৰ ভিতৰত অন্যতম। এই কেন্দ্ৰটোৱে অসমৰ যুৱক-যুৱতীসকলক উদ্যোগভিত্তিক দক্ষতা অৰ্জন কৰা, তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি কৰা আৰু নিজৰ লগতে পৰিয়ালৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব। আজি আমাৰ যুৱ প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰি আমি ভৱিষ্যতৰ এক অধিক সমৃদ্ধিশালী আৰু স্বাৱলম্বী অসমৰ ভেটি শক্তিশালী কৰিছোঁ।’ 

ডিয়াজিঅ' ইণ্ডিয়া (ইউনাইটেড স্পিৰিটছ লিমিটেড)ৰ কৰ্পৰেট সম্পৰ্ক শখাৰ সঞ্চালক দেৱাশীষ দাসগুপ্তই কয়, ‘আমি আমাৰ ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীৰ জৰিয়তে দক্ষতাৰ সৈতে কৰ্মসংস্থাপন সংযোগ কৰি আৰু সমাজত বহনক্ষম জীৱিকাৰ পথ মুকলি কৰি যুৱক-যুৱতীসকলৰ আকাংক্ষাত বিনিয়োগ কৰিছোঁ। যিহেতু আতিথ্য উদ্যোগটো ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে, গতিকে এনেধৰণৰ পদক্ষেপসমূহে নিশ্চিত কৰে যে এই বিকাশ সৰ্বাংগীন আৰু দক্ষ স্থানীয় প্ৰতিভাৰ দ্বাৰা পৰিচালিত।’

টুৰিজম এণ্ড হস্পিটেলিটি স্কিল কাউঞ্চিলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজন বাহাদুৰে কয়, ‘ভাৰতৰ আতিথ্য আৰু পৰ্যটন খণ্ডই ব্য়াপক বিকাশ লাভ কৰাৰ ফলত দক্ষ জনশক্তিৰ চাহিদা বৃদ্ধি হৈছে। ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীৰ অধীনত ডিয়াজিঅ' ইণ্ডিয়াৰ সৈতে থকা অংশীদাৰিত্বৰ জৰিয়তে আমি অনগ্ৰসৰ অঞ্চলৰ যুৱক-যুৱতীসকলক উদ্যোগভিত্তিক দক্ষতা, ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ আৰু কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি সবলীকৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ এই দক্ষতা কেন্দ্ৰটোৱে কেৱল নিয়োগযোগ্যতা বৃদ্ধি কৰা আৰু বহনক্ষম জীৱিকাৰ পথ সৃষ্টি কৰাই নহয়, লগতে আতিথ্য খণ্ডৰ বাবে এক শক্তিশালী প্ৰতিভাৰ ভঁৰাল গঢ়ি তোলাত অৰিহণা যোগাব আৰু অঞ্চলটোৰ সৰ্বাংগীন আৰ্থ-সামাজিক উন্নয়ন ক্ষিপ্ৰতৰ কৰিব।’

২০২০ চনত আৰম্ভ হোৱা ডিয়াজিঅ' ইণ্ডিয়াৰ ‘লাৰ্নিং ফৰ লাইফ’ কাৰ্যসূচীয়ে আতিথ্য খণ্ডত নিয়োগযোগ্যতা বৃদ্ধি, জীৱিকা সক্ষম কৰা আৰু কৰ্মক্ষেত্ৰত অন্তৰ্ভুক্তিকৰণ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৮৫০০ তকৈও অধিক যুৱক-যুৱতীক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছে। মানসম্পন্ন প্ৰশিক্ষণ আৰু ঔদ্যোগিক দৃশ্যমানতা প্ৰদান কৰি এই কাৰ্যসূচীয়ে দক্ষতাৰ ব্যৱধান দূৰ কৰা আৰু দীৰ্ঘম্যাদী কেৰিয়াৰৰ সুযোগসমূহ সমৰ্থন কৰাত সহায় কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here