এলেন গুৱাহাটীলৈ ঐতিহাসিক সাফল্য: জে ই ই (এডভান্স) ২০২৬-ত যশৰাজ সিঙৰ AIR ১২২ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 2 June 2026

এলেন গুৱাহাটীলৈ ঐতিহাসিক সাফল্য: জে ই ই (এডভান্স) ২০২৬-ত যশৰাজ সিঙৰ AIR ১২২

 


W7s news গুৱাহাটী: জে ই ই (এডভান্স) ২০২৬-ৰ ফলাফলত এলেন কেৰিয়াৰ ইনষ্টিটিউট, গুৱাহাটীয়ে এক ঐতিহাসিক সাফল্য লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ ৬ বছৰৰ শ্ৰেণীকোঠা কাৰ্যসূচীৰ ছাত্ৰ যশৰাজ সিং-এ AIR 122 লাভ কৰি IIT গুৱাহাটী জ'নৰ টপাৰ হিচাপে পৰিগণিত হৈছে। এইটো এলেন গুৱাহাটীৰ প্ৰতিষ্ঠালগ্নৰ পৰা JEE (Advanced)-ত লাভ কৰা সৰ্বোচ্চ ৰেংক।


ইয়াৰ উপৰিও, অগ্ৰিমা সিং-এ AIR  ১৮৫৭ লাভ কৰি IIT গুৱাহাটী জ'নৰ গাৰ্লছ টপাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।


মূল সাফল্যসমূহ:


AIR ১২২– যশৰাজ সিং (IIT গুৱাহাটী জ'ন টপাৰ)


AIR ১৮৫৭– অগ্ৰিমা সিং (IIT গুৱাহাটী জ'ন গাৰ্লছ টপাৰ)


শীৰ্ষ ১,০০০  AIR-ত 3 জন শিক্ষাৰ্থী


শীৰ্ষ ৫,০০০5 AIR-ত ১৩ জন শিক্ষাৰ্থী


শীৰ্ষ ১৫,০০০ AIR-ত ২৬ জন শিক্ষাৰ্থী



এলেন গুৱাহাটীৰ উপ-সভাপতি তথা জ'নেল হেড ব্ৰজেশ কুমাৰ যাদৱে কয়, “যশৰাজৰ AIR 122 আমাৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এই সাফল্য ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমাৰ শিক্ষকৰ একত্ৰিত প্ৰচেষ্টাৰ ফল।”


এই ফলাফলে পুনৰবাৰ এলেন গুৱাহাটীৰ একাডেমিক উৎকৰ্ষতা আৰু ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here