গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ; বিশ্বজুৰি ১৫০ খনতকৈও অধিক ক্লিনিকলৈ সম্প্ৰসাৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 7 May 2026

গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ; বিশ্বজুৰি ১৫০ খনতকৈও অধিক ক্লিনিকলৈ সম্প্ৰসাৰণ


 


W7s news,,গুৱাহাটী, ৭ মে’: চুলি আৰু ছালৰ আধুনিক চিকিৎসাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি গুৱাহাটীত নিজৰ নতুন শাখা মুকলি কৰিলে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে। এই নতুন কেন্দ্ৰ মুকলিৰ জৰিয়তে ভাৰত তথা সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠানটোৱে নিজৰ উপস্থিতি ১৫০ খনতকৈও অধিক ক্লিনিকলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হয়। ইফালে, গুৱাহাটীৰ এই নতুন শাখাৰ ভব্য উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তেওঁৰ সৈতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক চৰণ ভেল জে-য়ে। ইয়াৰোপৰি, অনুষ্ঠানটোত উপস্থিত থাকে ফ্ৰেঞ্চাইজি অংশীদাৰ শক্তিৰাজ জাম্মুলা, সুমিত সাউ আৰু অভিষেক পেড্ডিনিৰ দৰে বিশিষ্ট ব্যক্তিসকলে।

লক্ষ্যণীয়ভাৱে, গুৱাহাটীৰ এই নতুন কেন্দ্ৰৰ শুভাৰম্ভই ব্ৰেণ্ডটোৰ সফল যাত্ৰাত সংযোজন কৰিছে আন এক সোণালী অধ্যায়। সফল ক্লিনিকৰ এক বিশাল নেটৱৰ্ক আৰু চুলি তথা ছালৰ উন্নত চিকিৎসাৰ বৰ্ধিত চাহিদাই প্ৰতিষ্ঠানটোক ইতিমধ্যে এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। ব্ৰেণ্ডটোৱে কয় যে, সুলভ মূল্যত বিশ্বমানৰ স্বাস্থ্য আৰু সৌন্দৰ্য সেৱা আগবঢ়াই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ যি দায়বদ্ধতা, তাকেই এই ব্যৱসায়িক সম্প্ৰসাৰণে প্ৰতিফলিত কৰিছে।

ইফালে, উদ্বোধনী অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰি এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক চৰণ ভেল জে-য়ে কয়, "গুৱাহাটী শাখাৰ শুভাৰম্ভ কেৱল আমাৰ উপস্থিতিৰ সম্প্ৰসাৰণ নহয়, ইয়াৰ জৰিয়তে বিশ্বমানৰ সৌন্দৰ্য আৰু কল্যাণমূলক চিকিৎসা সেৱা আমি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ একেবাৰে ওচৰ চপাই আনিছোঁ। আমাৰ এই কেন্দ্ৰই অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিৰ বাবে উন্নত মানৰ সেৱা সুনিশ্চিত কৰিব। বিশ্বাস, আধুনিক প্ৰযুক্তি আৰু নিৰন্তৰ সফলতাৰ ওপৰত ভিত্তি কৰিয়েই আমি আমাৰ এই যাত্ৰা গঢ়ি তুলিছোঁ। গুৱাহাটীত এই নতুন অধ্যায় আৰম্ভ কৰি আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু চুলি তথা ছালৰ আধুনিক চিকিৎসাৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকৰ হেৰুওৱা আত্মবিশ্বাস ঘূৰাই পোৱাত সহায় কৰিবলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ।"

অনুষ্ঠানত উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয়, “বৰ্তমান সময়ত মানুহ নিজৰ যত্ন, সুস্বাস্থ্য আৰু আত্মবিশ্বাসৰ প্ৰতি অধিক সচেতন হৈ পৰিছে। গুৱাহাটীত এনেধৰণৰ উন্নত সা-সুবিধা উপলব্ধ হোৱাটো সঁচাকৈয়ে এক উৎসাহজনক বিষয়, যাৰ জৰিয়তে আমাৰ অঞ্চলৰ ৰাইজে চুলি আৰু ছালৰ পেছাদাৰী চিকিৎসা সেৱা এতিয়াৰে পৰা অধিক সহজতে লাভ কৰিব পাৰিব। মই প্ৰতিষ্ঠানটোৰ এই নতুন যাত্ৰাৰ বাবে সমগ্ৰ দলটোলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।”

মন কৰিবলগীয়া যে, সৌন্দৰ্য চৰ্চা আৰু আধুনিক চিকিৎসাৰ জগতত এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে অত্যাধুনিক প্ৰযুক্তি তথা বিশেষ যত্নৰ এক অনন্য সমন্বয় আগবঢ়ায়। এই ক্লিনিকে গ্ৰাহকৰ বাবে উপলব্ধ কৰিছে 'পাৰকিউটেনিয়াছ এফইউই হেয়াৰ ট্ৰান্সপ্লাণ্ট', 'ষ্টেম এক্স ২৭ প্ৰ'™ (পিআৰপি প্ৰ'+)', 'লেজাৰ হেয়াৰ থেৰাপী' আৰু 'ৰিজেন প্ৰ' ৯'™ ৰ দৰে উন্নত সেৱা। প্ৰতিটো চিকিৎসা পদ্ধতিয়েই সুৰক্ষা আৰু ফলপ্ৰসূতাৰ দিশত ইউএছ-এফডিএ অনুমোদিত মানদণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।

ছালৰ যত্ন আৰু শৈল্পিক সুস্থতাৰ বাবেও ক্লিনিকখনত আছে 'গ্লুটাথিঅ’ন আইভি', 'হাইড্ৰাফেচিয়েল' আৰু 'কিউ চুইচড লেজাৰ'ৰ দৰে আধুনিক ব্যৱস্থা। ইয়াৰ উপৰিও সুদক্ষ বিশেষজ্ঞৰ তত্ত্বাৱধানত ইয়াত 'বটক্স', 'ফিলাৰ্ছ', 'থ্ৰেড লিফ্ট' আৰু সমগ্ৰ শৰীৰৰ 'লেজাৰ' সেৱা অতি সুচাৰুৰূপে সম্পাদন কৰা হয়।

আনহাতে, চিকিৎসা সেৱাৰ সমান্তৰালকৈ ক্লিনিকখনত মুকলি কৰা হৈছে উন্নতমানৰ চুলি আৰু ছালৰ যত্নৰ বাবে প্ৰতিষ্ঠানটোৰ নিজা বিশেষ সামগ্ৰী 'ৱানপ্ৰ'। ব্ৰেণ্ডটোৰ মতে, ক্লিনিকত কৰা চিকিৎসাৰ ফলাফল দীৰ্ঘস্থায়ী আৰু অধিক ফলপ্ৰসূ কৰি তুলিবলৈ এই 'ৱানপ্ৰ'ৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰা হৈছে। আনকি ক্লিনিকখনৰ অত্যাধুনিক সঁজুলিসমূহো 'ৱানপ্ৰ' প্ৰযুক্তিৰ দ্বাৰাই পৰিচালিত হয়।

গুৱাহাটীত এই নতুন শাখাৰ আৰম্ভণিয়ে ভাৰতৰ লগতে বিশ্বৰ বজাৰত ব্ৰেণ্ডটোৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে উন্নত মানৰ স্বাস্থ্য সেৱা ৰাইজৰ বাবে অধিক সুলভ কৰি তোলাৰ নিৰন্তৰ প্ৰয়াসক প্ৰতিফলিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here