W7s news,গুৱাহাটী, অসম | ২৫ এপ্ৰিল, ২০২৬ – উন্নত মানদণ্ডৰ শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উত্তৰণৰ এক বলিষ্ঠ পৰিচয়েৰে পুনৰ এবাৰ উজ্বলি উঠিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিক্ষা প্ৰতিষ্ঠান মডাৰ্ণ ইংলিছ স্কুল। অতি শেহতীয়াকৈ বিদ্যালয়খনে প্ৰতিষ্ঠিত কিউএছ আই-গজ ইণ্ডিয়ান স্কুল ৰেটিংৰ সামগ্ৰিক গোল্ড ৰেটিং লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়। শৈক্ষিক উৎকৰ্ষতা, ছাত্ৰ-ছাত্ৰীৰ কল্যাণ আৰু গুণগত শিক্ষাৰ প্ৰতি প্ৰতিষ্ঠানটোৱে প্ৰদৰ্শন কৰা অটল দায়বদ্ধতাৰ বাবেই আগবঢ়োৱা হয় এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি।
উল্লেখ্য যে, ২০২৬ চনৰ ২৪ এপ্ৰিলত কিউএছ আই-গজৰ দ্বাৰা জাৰি কৰা এই প্ৰমাণপত্ৰ ২০২৮ চনৰ ২৪ এপ্ৰিললৈকে বৈধ থাকিব। লক্ষ্যণীয়ভাৱে, বিদ্যালয়খনে লাভ কৰা এই প্ৰমাণপত্ৰই ভাৰতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাত প্ৰতিষ্ঠানিক পাৰদৰ্শিতা মূল্যায়নৰ বাবে নিৰ্ধাৰিত বিভিন্ন মূল তথা বিশেষ মাপকাঠীত মডাৰ্ণ ইংলিছ স্কুলৰ শক্তিশালী প্ৰদৰ্শনীক প্ৰতিফলিত কৰিছে। মডাৰ্ণ ইংলিছ স্কুলৰ এই সফলতাই বিদ্যালয়খনৰ মূল দৰ্শন থিংক • ফিল • এচিভ-ৰ জৰিয়তে ভৱিষ্যতৰ বাবে দক্ষ এচাম শিক্ষাৰ্থী গঢ়ি তোলাৰ সংকল্পক পুনৰ দৃঢ় কৰি তুলিছে।
মূল মাপকাঠীত ব্যতিক্ৰমী সফলতা- একাধিক জটিল আৰু বিশেষ মূল্যায়নৰ মাজেৰে মডাৰ্ণ ইংলিছ স্কুলে লাভ কৰে এই ব্যতিক্ৰমী সফলতা। প্ৰতিষ্ঠানটোৱে বিশেষকৈ কৰ্মকুশলতা বিকাশ তথা স্বাস্থ্য আৰু সুৰক্ষাৰ শিতানত ডাইমণ্ড ৰেটিং অৰ্জন কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰে। পাঠদান আৰু শিক্ষণ প্ৰক্ৰিয়া, শৈক্ষিক সহায়ক, সুশাসন আৰু অন্তৰ্ভুক্তি অনুশীলনৰ লগতে ক্ৰীড়া কাৰ্যকলাপতো বিদ্যালয়খনে লাভ কৰে গোল্ড ৰেটিং। ইয়াৰ উপৰি সম্পদ আৰু সুবিধা তথা কলা আৰু সংস্কৃতিৰ শিতানত চিলভাৰ ৰেটিং লাভ কৰাৰ বিপৰীতে সামাজিক দায়বদ্ধতা আৰু সংবেদনশীলতাৰ ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠানখনে ব্ৰঞ্জ ৰেটিং লাভ কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে, এই সামগ্ৰিক স্বীকৃতিৰ ভিতৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হৈছে কৰ্মকুশলতা বিকাশ আৰু স্বাস্থ্য তথা সুৰক্ষাৰ শিতানত লাভ কৰা ডাইমণ্ড ৰেটিং। ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উত্তৰণ, শিক্ষকৰ দক্ষতা, মানসিক সুস্থতা, বিদ্যালয় চৌহদৰ সুৰক্ষা আৰু ভৱিষ্যতমুখী প্ৰস্তুতিৰ ওপৰত বিদ্যালয়খনে দি অহা বিশেষ গুৰুত্বৰ দিশটোৱেই ইয়াৰ জৰিয়তে প্ৰস্ফুটিত হৈ উঠিছে।
প্ৰতিষ্ঠানিক উৎকৰ্ষতাৰ এক মাইলৰ খুঁটি: ভাৰতৰ অন্যতম সন্মানীয় স্বতন্ত্ৰ বিদ্যালয় মূল্যায়ন কাঠামো হিচাপে কিউএছ আই-গজ ৰেটিং ব্যৱস্থাই বিশেষ মৰ্যাদা বহন কৰে। কঠোৰ তথ্য সংগ্ৰহ আৰু বিভিন্ন শৈক্ষিক তথা কাৰ্য্যকৰী দিশসমূহৰ নিখুঁত পৰীক্ষণৰ মাজেৰেহে প্ৰতিষ্ঠানসমূহৰ প্ৰকৃত মানদণ্ড নিৰূপণ কৰে এই সংস্থাই।
সামগ্ৰিকভাৱে লাভ কৰা এই গোল্ড ৰেটিঙে দেশৰ অগ্ৰণী শিক্ষানুষ্ঠানসমূহৰ মাজত মডাৰ্ণ ইংলিছ স্কুলক এক সন্মানজনক স্থান প্ৰদান কৰিছে। নিৰন্তৰ উন্নতি আৰু শৈক্ষিক উৎকৰ্ষতাৰ বাবে দায়বদ্ধ প্ৰতিষ্ঠানসমূহৰ শাৰীত এই সাফল্যই বিদ্যালয়খনক প্ৰদান কৰিছে এক সুকীয়া পৰিচয়।
এই গৌৰৱময় সাফল্যৰ মুহূৰ্তত মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষা জোনালী দাসে সমগ্ৰ বিদ্যালয় সমাজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “এই স্বীকৃতি আমাৰ প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টাৰ ফচল। মডাৰ্ণ ইংলিছ স্কুলৰ শ্ৰেষ্ঠত্ব অটুট ৰখাত তেওঁলোকে দৈনিক অৰিহণা যোগাই আহিছে। এয়া আমাৰ সেই উমৈহতীয়া নিষ্ঠাৰ প্ৰতিফলন, যাৰ জৰিয়তে আমি এনে এক প্ৰতিষ্ঠান গঢ়িব বিচাৰিছোঁ য’ত শিক্ষাৰ্থীসকলে কেৱল শৈক্ষিক সফলতাৰে নহয়, বৰঞ্চ দায়িত্বশীল, আত্মবিশ্বাসী আৰু দয়ালু মানুহ হিচাপেও বিকশিত হ’ব পাৰে।”
ভৱিষ্যতৰ লক্ষ্য
উদ্ভাৱন আৰু উৎকৰ্ষতাৰ যাত্ৰাত মডাৰ্ণ ইংলিছ স্কুলৰ বাবে এই স্বীকৃতি কেৱল এক সাফল্যই নহয়, বৰঞ্চ এয়া হৈছে ভৱিষ্যতে আৰু অধিক উচ্চ শিখৰত আৰোহণ কৰাৰ এক অনন্য প্ৰেৰণা। শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি ক্ৰীড়া, কলা, সুৰক্ষা আৰু শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ এক সুদৃঢ় ভেটিৰ ওপৰত থিয় দি বিদ্যালয়খনে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতৰ প্ৰত্যাহ্বান নেওচিব পৰাকৈ এচাম মেধাৱী যুৱ প্ৰজন্মক গঢ়ি তোলাৰ লক্ষ্যত প্ৰতিষ্ঠানখনৰ এই অটল প্ৰতিশ্ৰুতি এতিয়া অধিক দৃঢ় হৈ পৰিছে।

No comments:
Post a Comment