W7s news,,গুৱাহাটী, ২৫ এপ্ৰিল: ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ জনপ্ৰিয় কিশোৰ উপন্যাসৰ আধাৰত নিৰ্মিত বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ ‘মৰমৰ দেউতা'ৰ ট্ৰেইলাৰ, পোষ্টাৰ আৰু শীৰ্ষ গীতটি আজি জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানটোত ছবিখনৰ কলা-কুশলীসকলৰ লগতে চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
১৯৮৯-৯০চনত শিশু আলোচনী ‘সঁফুৰা'ত প্ৰকাশিত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ অন্যতম জনপ্ৰিয় সাহিত্যকৰ্ম ‘মৰমৰ দেউতা’ই যোৱা তিনিটা দশতকৈও অধিক কাল সকলো বয়সৰ পঢ়ুৱৈক আকৰ্ষিত কৰি আহিছে। ছবিখনে এই জনপ্ৰিয় কাহিনীটোক এক নতুন ৰূপত সমসাময়িক চিনেমাশৈলীৰ দৃষ্টিভংগীৰ সৈতে ৰূপালী পৰ্দালৈ অনাৰ প্ৰয়াস কৰিছে। চিনেমাখনৰ মূল চৰিত্ৰসমূহত অভিনয় কৰিছে অসমীয়া চিনেমাত নৱাগত বোধিসত্ত্ব শৰ্মা, মিণ্টু বৰুৱা, অপৰ্ণা দত্ত চৌধুৰী, অৰুণ নাথ, গৌৰৱ বৰা, কুল কুলদীপ আদিকে ধৰি ন পুৰণি শিল্পীসকলে।
অনুষ্ঠানত প্ৰয়াত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ সহধৰ্মিনী আৰু ড০ ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰিচালন ট্ৰাষ্টী শ্ৰীযুতা প্ৰীতি শইকীয়াই কয় যে, “ মৰমৰ দেউতা গ্ৰন্থখনক চিনেমাৰ ৰূপত দেখি মই অতিকৈ সুখী অনুভৱ কৰিছোঁ। ড: শইকীয়াই বৰ আন্তৰিকতাৰে এই কিশোৰ উপন্যাসখন ৰচনা কৰিছিল, যিয়ে বছৰ বছৰ ধৰি ভিন্ন বয়সৰ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰি আহিছে। চিনেমাৰ জৰিয়তে কাহিনীটোক নতুন ৰূপত দেখা পোৱাটো এক বিশেষ অনুভৱ হিচাপে পৰিগণিত হ’ব আৰু নতুন প্ৰজন্মৰ দৰ্শকৰ ওচৰলৈ ড: শইকীয়াৰ কৰ্মৰাজিৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰতো ই অৰিহণা যোগাব।”
চিনেমাখনৰ প্ৰযোজক মমতা মহিলাৰীয়ে কয়, “এটা জনপ্ৰিয় কাহিনীক চিনেমাৰ ৰূপত আমি দৰ্শকৰ মাজলৈ লৈ আহিছোঁ আৰু আশা কৰিছোঁ ‘মৰমৰ দেউতা’ক সকলো দর্শকে আন্তৰিকতাৰে আদৰি ল’ব।”
পৰিচালক হিমজ্যোতি তালুকদাৰে উল্লেখ কৰে যে, “ড: শইকীয়া ছাৰৰ এই অন্যতম সাহিত্য কীৰ্তিক চলচ্চিত্ৰ ৰূপ দিয়াটো আমাৰ বাবে এক গধুৰ দায়িত্ব আছিল লগতে আমাৰ বাবে আছিল এক গৌৰৱৰ বিষয়। গ্ৰন্থখনৰ মূল কাহিনীটোৰ আলম লৈ আমি চিনেমাখন বৰ্তমানৰ সময়ৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিবলৈ এক আন্তৰিক প্ৰচেষ্টা কৰিছোঁ।”
উল্লেখযোগ্য যে ‘মৰমৰ দেউতা’ৰ শীৰ্ষ গীত ‘এদিন’ ত কণ্ঠদান কৰিছে নৱ প্ৰজন্মৰ জনপ্ৰিয় গায়ক বিশ্ৰুত শইকীয়াই, গীতৰ কথা লিখিছে গীতিকাৰ ইবছন লাল বৰুৱাই আৰু সুৰেৰে সজাইছে অৰ্ণৱ বশিষ্ঠই।
পৰিচালক হিমজ্যোতি তালুকদাৰে ইতিমধ্যে এক স্বকীয় শৈলীৰে নিৰ্মিত তেওঁৰ চিনেমা কেলেণ্ডাৰ (২০১৮) আৰু তাৰিখ (২০২৫) ৰ দ্বাৰা দৰ্শকৰ মাজত প্ৰশংসিত হৈছে। অহ ১৫ মে’ত অসমৰ সমূহ চিত্ৰগৃহত মুক্তি লাভ কৰিবলগীয়া চিনেমাখনে সকলো স্তৰৰ দৰ্শকৰ হৃদয় জয় কৰিব পাৰিব বুলি চিনেমাখনৰ লগত জড়িত কলা-কুশলীসকল আশাবাদী।
.png)
No comments:
Post a Comment