গ্ৰাহক প্ৰথম। শক্তিশালী ব্ৰেণ্ড। ভৱিষ্যতৰ বাবে প্ৰস্তুত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 27 April 2026

গ্ৰাহক প্ৰথম। শক্তিশালী ব্ৰেণ্ড। ভৱিষ্যতৰ বাবে প্ৰস্তুত

 

নেষ্টলে ইণ্ডিয়াই (Nestlé India) প্ৰায় এক দশকতকৈও অধিক সময়ৰ ভিতৰত তেওঁলোকৰ আটাইতকৈ শক্তিশালী ত্ৰৈমাসিক বিকাশৰ কথা প্ৰকাশ কৰিছে। যিটো দুটা অংকৰ ভলিউম বৃদ্ধিৰ দ্বাৰা পৰিচালিত হৈছে।


W7s news,,নেষ্টলে ইণ্ডিয়াৰ সঞ্চালক মণ্ডলীয়ে আজি ৩১ মাৰ্চ ২০২৬-ত সমাপ্ত হোৱা চতুৰ্থ ত্ৰৈমাসিক আৰু বিত্তীয় বৰ্ষৰ বিত্তীয় ফলাফলসমূহ (ষ্টেণ্ডঅলোন আৰু সংহত) অনুমোদন জনাইছে। ষ্টেণ্ডঅলোন ফলাফলৰ বিৱৰণ তলত দিয়া হৈছে:

ষ্টেণ্ডঅলোন ৰ  ফলাফলৰ ওপৰত মন্তব্য কৰি নেছলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰীযুত মনীষ তিৱাৰীয়ে কয়, "মই এই কথা জনাই সুখী যে এই ত্ৰৈমাসিকত নেছলে ইণ্ডিয়াই দুগুণ অংকৰ বৃদ্ধি প্ৰদৰ্শন কৰিছে আৰু ৬,৪৪৫ কোটি টকাৰ সৰ্বাধিক ঘৰুৱা বিক্ৰী ৰেকৰ্ড কৰিছে। এই প্ৰদৰ্শন দুগুণ অংকৰ পৰিমাণগত বৃদ্ধিৰ দ্বাৰা চালিত হৈছিল, য’ত বিজ্ঞাপনৰ খৰচ ৫০% তকৈও অধিক বৃদ্ধি পাইছিল আৰু ২৬.৩% ৰ এক সুস্থ EBITDA মাৰ্জিন লাভ কৰিবলৈ সক্ষম হৈছিল।"

এই ত্ৰৈমাসিকত মুঠ বিক্ৰী আৰু ঘৰুৱা বিক্ৰী ক্ৰমে ২৩.৪% আৰু ২৩.১% বৃদ্ধি পাইছে। উৎসাহজনকভাৱে, সকলো সামগ্ৰী ৰ গোটে এই প্ৰদৰ্শনত অৰিহণা যোগাইছে। মই আমাৰ সহকৰ্মীসকলক তেওঁলোকৰ নেৰানেপেৰা দলীয় কাম আৰু উমৈহতীয়া উদ্দেশ্যৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। এক প্ৰত্যাহ্বানমূলক বাহ্যিক পৰিৱেশৰ মাজতো আমি উপভোক্তাসকলক সেৱা আগবঢ়াই আহিছো। বজাৰত প্ৰৱেশ (Penetration) আৰু উচ্চমূল্যকৰণ লগতে অনুশাসনমূলক সম্পদ আবণ্টন আৰু শক্তিশালী কাৰ্যকৰীকৰণ বৃদ্ধিৰ মূল কাৰক হিচাপে বিবেচিত হৈছে।

৩১ মাৰ্চ ২০২৬ত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত, আমি মৌলিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু স্থিতিস্থাপকতাৰে কাম কৰিছিলোঁ। যাৰ ফলত শক্তিশালী বজাৰ অংশৰ সৈতে দুগুণ অংকৰ বৃদ্ধি সম্ভৱ হৈছে। যোৱা পাঁচ বছৰত আমাৰ পাৱাৰ ব্ৰেণ্ড মেগি নুডলে (MAGGI noodles)-এ ধাৰাবাহিকভাৱে বজাৰত নিজৰ নেতৃত্বৰ স্থান অক্ষুণ্ণ ৰাখিছে, আনহাতে কিটকেট (KITKAT) আৰু নেস্কাফে (NESCAFÉ-)এ নিজৰ বজাৰ অংশ বৃদ্ধি ত্বৰান্বিত কৰিছে।

আমি আমাৰ গাঁথনিগত ব্যয়-দক্ষতাৰ কাৰ্যসূচীত অগ্ৰগতি লাভ কৰিছোঁ আৰু সৰ্বাধিক কাৰ্যকৰী ব্যয় সঞ্চয় কৰিছোঁ। ই ব্ৰেণ্ডসমূহৰ পুনৰ বিনিয়োগ, তৰান্বিত ডিজিটেল ক্ষমতা আৰু কাৰ্যক্ষমতাত সহায় কৰিছে। আমি লাভজনকতা আৰু নগদ ধনৰ ওপৰত কঠোৰ অনুশাসন বজাই ৰাখিছো আৰু উপভোক্তাৰ চাহিদা পূৰণৰ বাবে ক্ষমতা সম্প্ৰসাৰণ কৰিছো। গ্ৰাহকৰ বাবে মূল্য সংযোজন নকৰা খৰচসমূহ নাইকিয়া কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই সঞ্চয়সমূহ পুনৰ ব্ৰেণ্ড বিনিয়োগ, বিজ্ঞাপন আৰু বিতৰণত ব্যৱহাৰ কৰা হৈছে।

"আমাৰ শীৰ্ষস্থানীয় ব্ৰেণ্ডসমূহৰ (powerhouse brands) মাজত থকা শক্তিশালী লেনদেনৰ বৃদ্ধিয়ে সমৰ্থন জনোৱাৰ ফলত কনফেক্সনাৰী (মিঠাই/চকলেট) সামগ্ৰীৰ গোটটোৱে মূল্য আৰু পৰিমাণ উভয় ক্ষেত্ৰতে উচ্চ দ্বি-অংকীয় হাৰত (high double-digit) বৃদ্ধি লাভ কৰিছে। বিতৰণ বৃদ্ধি পোৱা , প্ৰদৰ্শনী শীতলীকৰণ যন্ত্ৰ (visicooler) কাৰ্যসূচীৰ জৰিয়তে সতেজতা বৃদ্ধি আৰু কেইবাটাও উদ্ভাৱনে (innovations) এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সহায় কৰিছে।"




পাউদাৰ আৰু জুলীয়া পানীয় (Powdered and Liquid Beverages) সামগ্ৰীৰ গোটটোৱে পুনৰ এবাৰ উচ্চ দুটা সংখ্যাৰ বিকাশ অৰ্জন কৰিছে। কফিৰ বৰ্ধিত প্ৰসাৰ, প্ৰিমিয়ামকৰণৰ ত্বৰান্বিত গতি, গ্ৰাহকৰ মাজত অধিক প্রাসংগিকতা, শক্তিশালী ব্ৰেণ্ড ভেল্যু আৰু সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা এই সফলতা সম্ভৱ হৈছে।

প্ৰস্তুত খাদ্য আৰু ৰন্ধা-বঢ়াৰ সহায়ক সামগ্ৰীৰ গোটটোৱে শক্তিশালী পৰিমাণ-চালিত বিকাশ দেখুৱাইছে। চহৰীয়া গ্ৰাহকৰ আকৰ্ষণ আৰু গ্ৰাম্য অঞ্চলত সম্প্ৰসাৰণে বজাৰৰ অংশ আৰু প্ৰসাৰ দুয়োটাতে লাভান্বিত কৰিছে।

দুগ্ধজাত সামগ্ৰী আৰু পুষ্টি গোটটোৱে স্থিৰ বিকাশৰ সৈতে স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে। আমি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি নতুন আৰু ডাঙৰ পেক আকাৰৰ পৰিচয় দি সামগ্ৰীসমূহৰ সহজলভ্যতা আৰু মূল্য বৃদ্ধি কৰিছোঁ।

পোহনীয়া জন্তুৰ খাদ্য ব্যৱসায়ে উচ্চ দুটা সংখ্যাৰ বিকাশৰ খতিয়ান দিছে। এক শক্তিশালী উদ্ভাৱনী পৰিকল্পনা, ব্যাপক বিতৰণ আৰু পোহনীয়া জন্তু আৰু মালিকৰ মাজত গভীৰ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত দিয়া গুৰুত্বৰ বাবে এইটো সম্ভৱ হৈছে।

নেচপ্ৰেছোৱে (NESPRESSO) গুৰুগ্ৰামৰ দ্বিতীয়টো বুটিক খোলাৰ সৈতে ইয়াৰ বিকাশৰ যাত্ৰা অব্যাহত ৰাখিছে যিয়ে কফি প্ৰেমীসকলৰ মাজত বিশেষ সমাদৰ লাভ কৰিছে।

মই এই কথা জনাবলৈ পাই সুখী যে আমাৰ সকলো ব্যৱসায়িক চেনেলতে শক্তিশালী দুটা সংখ্যাৰ বিকাশ পৰিলক্ষিত হৈছে।

নেচলে প্ৰফেচনেল (Nestlé Professional) এ ধাৰাবাহিক আৰু পৰিমাণ-চালিত বিকাশ লাভ কৰিছে, যিয়ে নেচলে ইণ্ডিয়াৰ দ্ৰুততম বিকাশশীল ব্যৱসায়সমূহৰ ভিতৰত অন্যতম হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে।

আমি খুচুৰা পৰিৱেশৰ সৈতে সংগতি ৰাখি এক বহু-চেনেল সমন্বিত কৌশল ৰূপায়ণ কৰি আছোঁ, য’ত অনলাইন বাণিজ্য আৰু দ্ৰুত বাণিজ্য ৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। লগতে অৰ্ধ-চহৰ আৰু গ্ৰাম্য বজাৰসমূহত আধুনিক তথা সাধাৰণ বাণিজ্যৰ জৰিয়তে বিকাশ শক্তিশালী কৰা হৈছে। আমাৰ মূল অগ্ৰাধিকাৰসমূহ আছিল— সামগ্ৰীৰ উপলব্ধতা উন্নত কৰা, যোগানৰ সময় হ্ৰাস কৰা আৰু প্ৰযুক্তিনিৰ্ভৰ পুনৰ-যোগানৰ জৰিয়তে কাৰ্যকৰী ধাৰাবাহিকতা বৃদ্ধি কৰা।

গ্ৰাম্য বজাৰসমূহত, আমি আন্তঃগাঁথনি, সামগ্ৰীৰ তালিকা, প্ৰযুক্তি, দৃশ্যমানতা আৰু গ্ৰাহকৰ সৈতে যোগাযোগৰ ওপৰত ভিত্তি কৰি বজাৰলৈ যোৱাৰ পথ সুদৃঢ় কৰিছো আৰু আমাৰ প্ৰসাৰ বৃদ্ধি কৰিছো। এই সংগ্ৰহিত পদক্ষেপে ভৌগোলিকভাৱে এক শক্তিশালী বিকাশ আনিছে। গ্ৰাম্য বজাৰত প্ৰায় ২,১৬,০০০ খন গাঁৱলৈ আমাৰ উপস্থিতি সম্প্ৰসাৰিত হৈছে।

ভৱিষ্যতলৈ লক্ষ্য ৰাখি আমি চাৰিটা মূল অগ্ৰাধিকাৰত গুৰুত্ব দিম — ১) গ্ৰাহক কেন্দ্ৰিকতা, ২) ব্যৱহাৰকাৰীৰ সংখ্যা আৰু পৰিমাণ বৃদ্ধি, ৩) ব্ৰেণ্ড আৰু উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে পুনৰ বিনিয়োগ আৰু ৪) প্ৰযুক্তিনিৰ্ভৰ বিক্ৰী আৰু কাৰ্যকৰী ব্যৱস্থা ত্বৰান্বিত কৰা।

এই অগ্ৰাধিকাৰসমূহ পূৰণ কৰাৰ কেন্দ্ৰবিন্দুত আছে আমাৰ লোকসকল—তেওঁলোকক দ্ৰুতভাৱে কাম কৰিবলৈ ক্ষমতাপ্ৰদান কৰা, লক্ষ্যত অটল থাকিবলৈ আৰু নমনীয় হৈ থাকিবলৈ সহায় কৰা এনে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, য’ত অধিক সাহসী, বৃহৎ আৰু উন্নত উদ্ভাৱনসমূহ বিকাশ লাভ কৰিব পাৰে। আমি প্ৰযুক্তি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষমতা মজবুত কৰি আছোঁ, যাতে অধিক মূল্যবান কামত সময় ব্যয় কৰিব পৰা যায় আৰু অধিক প্ৰভাৱশালী ফলাফল দিয়া যায়। আমাৰ লোকসকলেই ব্যৱসায়ৰ মূল কেন্দ্ৰত আছে, তেওঁলোকে সৃষ্টিশীলতা আৰু বিচাৰশক্তিৰে গ্ৰাহক আৰু উপভোক্তাসকলক সেৱা আগবঢ়ায়।

অৰ্থপূৰ্ণ প্ৰভাৱ পেলোৱাৰ আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সত্য হৈ, আমি গ্ৰাম্য উন্নয়ন, শিক্ষা আৰু জীৱিকা বৃদ্ধি শক্তিশালী কৰা, খাদ্য যোগান কাৰ্যসূচী সম্প্ৰসাৰণ কৰা, আৰু পানী আৰু অনাময় ব্যৱস্থা উন্নত কৰাৰ জৰিয়তে আমাৰ সামাজিক পদক্ষেপসমূহ আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। মোৰ ভ্ৰমণ কাৰ্যসূচী সমূহৰ ভিতৰত হাৰিয়ানাৰ নূহ জিলালৈ কৰা মোৰ এটা ভ্ৰমণৰ সময়ত, মই আমাৰ গাঁওৰ তুলি লোৱা কাৰ্যসূচীৰ অধীনত অষ্টম শ্ৰেণীত পঢ়া ১২ বছৰীয়া ছাত্ৰী পায়লক লগ পাইছিলোঁ। তাই এগৰাকী আই পি এছ বিষয়া হোৱাৰ আকাংক্ষাৰ বিষয়ে কৈছিল। এনে মুহূৰ্তবোৰে কঢ়িয়াই অনা ভাৰতৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত মোৰ বিশ্বাস পুনৰ দৃঢ় কৰে। ইয়াৰ লগতে আমাক এই কথাও সোঁৱৰাই দিয়ে যে গাঁওৰ পৰা তুলি লোৱাৰ দৰে পদক্ষেপ কিয় গুৰুত্বপূৰ্ণ, কিয়নো ই পায়লৰ দৰে যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু অধিক আগবাঢ়ি যাবলৈ পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে।

আমাৰ উদ্দেশ্যৰ দ্বাৰা প্ৰভাৱিত হৈ, আমি দায়িত্বশীলভাৱে উপভোক্তাসকলক ধাৰাবাহিকভাৱে সেৱা আগবঢ়াই উমৈহতীয়া মূল্যৰ যোগান ধৰো। সমগ্ৰ নেষ্টলে ইণ্ডিয়াৰ, আমাৰ দলসমূহে সুদৃঢ় শাসন আৰু কঠোৰ ৰূপায়ণৰ জৰিয়তে গুড ফৰ প্লেনেট কাৰ্যপন্থা আগবঢ়াই নিছে — দায়িত্বশীল উৎসৰ পৰা সামগ্ৰী সংগ্ৰহ, সম্পদ-দক্ষ কাৰখানা আৰু আমাৰ সকলো কাৰ্যকলাপত পানীৰ সু-ব্যৱস্থাপনা শক্তিশালী কৰাৰ কাম আগবঢ়াই নিছে।

নেষ্টলে ইণ্ডিয়াৰ ব'ৰ্ডৰ সদস্যসকলক তেওঁলোকৰ দিহা-পৰামৰ্শ আৰু সমৰ্থনৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ উপভোক্তা, গ্ৰাহক, যোগানকৰ্তা, পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাসকলক তেওঁলোকৰ অবিৰত সহযোগৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ ভাগীদাৰ সকলক তেওঁলোকৰ বিশ্বাস আৰু আস্থাৰ বাবে ধন্যবাদ। আমি বহনক্ষম, দীৰ্ঘম্যাদী মূল্য প্ৰদান কৰিবলৈ আৰু ভৱিষ্যতৰ বাবে সাজু হৈ থাকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

বিত্তীয় উল্লেখযোগ্য দিশসমূহ: ৩১ মাৰ্চ ২০২৬ তাৰিখে সমাপ্ত বিত্তীয় বৰ্ষ, একক

মুঠ বিক্ৰী ২৩,০৭১.৫কোটি টকা

EBITDA বিক্ৰীৰ ২৩.০ শতাংশ

মুঠ লাভ ৩,৫৪৪.৬ কোটি টকা

কাৰ্যকলাপৰ পৰা সৃষ্টি হোৱা শক্তিশালী নগদ ধন ৫,০৪৭.৬কোটি টকা

প্ৰতি শ্বেয়াৰত উপাৰ্জন ১৮.৩৮টকা

চূড়ান্ত লভ্যাংশৰ পৰামৰ্শ প্ৰতি ইকুইটি শ্বেয়াৰত ৫.০০টকা


ব্যৱসায়িক মন্তব্য - ৩১ মাৰ্চ ২০২৬ তাৰিখে সমাপ্ত বিত্তীয় বৰ্ষ:

অনলাইন বাণিজ্য: শক্তিশালী দ্ৰুত বাণিজ্য প্ৰদৰ্শনৰ নেতৃত্বত বৃদ্ধিৰ গতি অব্যাহত আছে — উন্নত উপলব্ধতা, প্ৰাসংগিক শ্ৰেণীসমূহত প্লেটফৰ্ম-নিৰ্দিষ্ট পেক প'ৰ্টফ'লিঅ', লক্ষ্যভিত্তিক খোলা- আৰু বন্ধ-প্লেটফৰ্ম প্ৰচাৰ মাধ্যম হস্তক্ষেপ, আৰু বছৰজুৰি শক্তিশালী উৎসৱভিত্তিক অংশগ্ৰহণৰ দ্বাৰা পৰিচালিত।

সংগঠিত বাণিজ্য: প্ৰভাৱশালী ইন-ষ্ট'ৰ এক্টিভেচন, উন্নত দৃশ্যমানতা আৰু ষ্ট'ৰ সম্প্ৰসাৰণৰ নেতৃত্বত মূল শ্ৰেণীসমূহত দুটা অংকৰ বৃদ্ধি প্ৰদান কৰিছে।

ঘৰৰ বাহিৰৰ ব্যৱহাৰ (OOH): নতুন গ্ৰাহক লাভত শক্তিশালী বৃদ্ধি দেখা গৈছে, যাক উদ্ভাৱন আৰু উন্নত মানৰ সামগ্ৰীৰে সকলো শ্ৰেণীত সহায় কৰা হৈছে। পানীয় পৰিসৰো বিস্তাৰ কৰা হৈছে নেস্কাফে ডুও গুস্তো (গৰম আৰু ঠাণ্ডা দুয়ো ধৰণ) যোগ কৰাৰ জৰিয়তে, লগতে কম চিনি আৰু চিনি নথকা পানীয় বিকল্প আৰম্ভ কৰা হৈছে। ৰেচিপি-ভিত্তিক উদ্ভাৱনৰ ভিতৰত আছে মেগি নাৰিকল গাখীৰ গুৰি উপকূলীয় খাদ্যত ব্যৱহাৰ বৃদ্ধি, আৰু মিল্কমেইডৰ বাবে নতুনকৈ কেফে আৰু বেকাৰী ব্যৱহাৰত প্ৰৱেশ। 

ৰপ্তানি (Export): নতুন বজাৰ যেনে মালদ্বীপ আৰু পাপুৱা নিউ গিনিত ৰপ্তানি বিস্তাৰ কৰি নেষ্টলে ইণ্ডিয়াই এতিয়া ২৮খন দেশত উপস্থিতি স্থাপন কৰিছে, যাৰ সৈতে মুঠ ১২৭ মিলিয়ন সমতুল্য গ্ৰাহক একক সংযুক্ত হৈছে। এই সময়ছোৱাত সংযুক্ত আৰব আমিৰাত, ছৌদি আৰব, ছিংগাপুৰ আৰু নিউ জিলেণ্ডত নেস্কাফে ছানৰাইজ আৰম্ভ কৰা হৈছে আৰু ইউএইলৈ নেস্কাফে বাল্ক ৰপ্তানি আৰম্ভ কৰা হৈছে, যি GCC দেশসমূহত ৩-ইন-১ কফি তৈয়াৰত ব্যৱহাৰ হয়। লগতে যুক্তৰাজ্য, আমেৰিকা আৰু ইউএইত মেগি মচলা-এ-মেজিক বিস্তাৰ কৰা হৈছে, ছিংগাপুৰত কিটকেট শ্ৰেণী আৰম্ভ কৰা হৈছে আৰু শ্ৰীলংকাত মিল্কমেইড নমনীয় পেকেটত প্ৰৱৰ্তন কৰা হৈছে।


ঘৰুৱা বজাৰত সামগ্ৰী গোটসমূহৰ প্ৰদৰ্শন – ৩১ মাৰ্চ ২০২৬ত সমাপ্ত আৰ্থিক বৰ্ষ:


প্ৰস্তুত খাদ্য আৰু ৰন্ধন সহায়ক সামগ্ৰী: ‘ডাবল মচলা’ আৰু বিস্তাৰিত ‘ঝাল শ্ৰেণী’ৰ দৰে লক্ষ্যভিত্তিক নতুনত্ব, লগতে মুখ্য ব্ৰেণ্ডসমূহত অধিক প্ৰচাৰ বিনিয়োগে বিকাশৰ গতি বজাই ৰখা আৰু আৰু ত্বৰান্বিত কৰাত সহায় কৰিছে।


দুগ্ধজাত সামগ্ৰী আৰু পুষ্টি: দৈনন্দিন ব্যৱহাৰৰ ডেইৰী হোৱাইটেনাৰে পৰ্টফোলিঅ’ অধিক শক্তিশালী কৰি আহিছে, বিশেষকৈ দক্ষিণ আৰু পূৰ্ব ভাৰতত বিস্তৃত উপস্থিতিৰে। বিজ্ঞানভিত্তিক শিশুপুষ্টি ধাৰণা আগবঢ়োৱা হৈছে নান এক্সেল্লাপ্ৰ’ (৫ এইচ এম অ’ + প্ৰ’বায়োটিক)ৰ জৰিয়তে; চেৰেলাকৰ পৰিশোধিত চিনি নথকা শ্ৰেণী বিস্তাৰ কৰা হৈছে; আৰু শিশুৰ পৰৱৰ্তী বয়সৰ পৰ্টফোলিঅ’ শক্তিশালী বহু-চেনেল যোগাযোগৰ জৰিয়তে অধিক দৃঢ় কৰা হৈছে।

মিঠাই শ্ৰেণী: বিতৰণ ব্যৱস্থাত শক্তিশালী উন্নতি দেখা গৈছে, আৰু গ্ৰাহকৰ সৈতে সম্পৰ্কিত ব্ৰেণ্ড কাৰ্যকলাপে ব্যৱহাৰকাৰীৰ বিস্তাৰ বৃদ্ধি কৰিছে। নতুনকৈ কিটকেট পপ্‌স আৰম্ভ কৰা হৈছে; মিল্কিবাৰ বাটাৰস্কচ টেবলেটৰ জৰিয়তে টেবলেট শ্ৰেণী বিস্তাৰ কৰা হৈছে; আৰু মাঞ্চ মেক্স ক্ৰাঞ্চিজ আৰম্ভ কৰি মাঞ্চ মেক্সৰ পৰিসৰ বঢ়োৱা হৈছে। লগতে, কিটকেট লোনীয়া কেৰামেল আৰু হেজেলনাট স্বাদ প্ৰৱৰ্তন কৰি প্ৰিমিয়াম কিটকেট পৰিসৰ আৰু অধিক বিস্তাৰ কৰা হৈছে।

পাউদাৰ আৰু জুলীয়া পানীয় এই শ্ৰেণীয়ে শক্তিশালী আৰু স্থিৰ ফলাফল দেখুৱাইছে। কফি সামগ্ৰীৰ বিক্ৰীত লাগাতাৰ দুগুণীয়া বৃদ্ধি ইয়াৰ মূল কাৰণ। স্পষ্ট কৌশল অনুসৰি অধিক লোকলৈ পোৱা আৰু উন্নত মানৰ সামগ্ৰী আগবঢ়োৱাৰ জৰিয়তে এই শ্ৰেণীটো বিস্তাৰ পাইছে আৰু স্থায়ী মূল্য সৃষ্টি কৰিছে। নতুন ধৰণৰ ভিয়েটনামী লাতে আৰু আইচড কেপুচিনো পানীয় আৰম্ভ কৰি সাজু-পানীয় (Ready-to-Drink) ব্যৱস্থা আগবঢ়োৱা হৈছে, যি আগন্তুক সময়ত বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈ উঠিছে।

৩১ মাৰ্চ ২০২৬ত সমাপ্ত হোৱা চতুৰ্থ ত্ৰৈমাসিকৰ মূল দিশসমূহ:

এই ত্ৰৈমাসিকৰ মুঠ বিক্ৰী আৰু ঘৰুৱা বিক্ৰী ক্ৰমান্বয়ে ২৩.৪% আৰু ২৩.১% বৃদ্ধি পাইছে। ঘৰুৱা বিক্ৰীৰ বৃদ্ধি ব্যাপক আছিল। ঘৰুৱা বিক্ৰী ৬,৪৪৫ কোটি টকা অতিক্ৰম কৰিছে। EBITDA মাৰ্জিন আছিল ২৬.৩%।

পণ্যৰ দৃষ্টিভংগী (Commodity Outlook): ভিয়েটনামৰ অনুকূল ফচল আৰু ব্ৰাজিলৰ আগন্তুক ফচলৰ বাবে কফিৰ দাম নিম্নগামী হৈ আছে। যোগান উন্নত হোৱা আৰু চাহিদা মধ্যমীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত কোকোৰ (Cocoa )মূল্য কম হৈ আছে। চেনিৰ দাম সুস্থিৰ হৈ আছে। বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি খোৱা তেলৰ মূল্য শক্তিশালী হৈছে আৰু ওপৰলৈ গৈছে। এপ্ৰিল মাহত হোৱা অসময়ৰ বৰষুণৰ বাবে ঘেঁহু প্ৰভাৱিত হৈছে, যাৰ ফলত চপোৱাত পলম হৈছে আৰু পৰিমাণ তথা গুণাগুণ হ্ৰাস পাইছে। গাখীৰৰ দাম বৃদ্ধি পাইছে আৰু গ্ৰীষ্মকালীন লীন ছিজনতো অধিক হৈ থকাৰ সম্ভাৱনা আছে।

সৰ্তৰ্কতামূলক বিবৃতি:

এই প্ৰেছ বিজ্ঞপ্তিত থকা বিবৃতিসমূহ, বিশেষকৈ যিবোৰ দৃষ্টিভংগীৰ সৈতে জড়িত, কোম্পানীৰ অনুমান আৰু প্ৰত্যাশা বৰ্ণনা কৰিছে যিবোৰ প্ৰযোজ্য আইন আৰু নিয়মাৱলীৰ অৰ্থৰ ভিতৰত 'ভৱিষ্যতমুখী বিবৃতি' হ'ব পাৰে। প্ৰকৃত ফলাফল পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এই বিবৃতিত প্ৰকাশ কৰা বা ইংগিত দিয়া ফলাফলতকৈ পৃথক হ'ব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here