বিশ্ব প্ৰতিষেধক সপ্তাহ- পিয়াৰলেছ হাস্পতালৰ দ্বাৰা প্ৰাপ্তবয়স্কৰ টিকাকৰণত গুৰুত্ব আৰোপ, প্ৰতিষেধক গ্ৰহণৰ প্ৰক্ৰিয়া শৈশৱৰ পিছতো অব্যাহত ৰখাৰ আহ্বান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 29 April 2026

বিশ্ব প্ৰতিষেধক সপ্তাহ- পিয়াৰলেছ হাস্পতালৰ দ্বাৰা প্ৰাপ্তবয়স্কৰ টিকাকৰণত গুৰুত্ব আৰোপ, প্ৰতিষেধক গ্ৰহণৰ প্ৰক্ৰিয়া শৈশৱৰ পিছতো অব্যাহত ৰখাৰ আহ্বান


 

W7s news,গুৱাহাটী, ২৯ এপ্ৰিল, ২০২৬: নিৰোগী জীৱন নিশ্চিত কৰাৰ লগতে এক শক্তিশালী সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰতিষেধক গ্ৰহণৰ প্ৰক্ৰিয়াটোক জীৱনজোৰা অগ্ৰাধিকাৰ দিয়াৰ দিশটোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে পিয়াৰলেছ হাস্পতালে। বিশ্ব প্ৰতিষেধক সপ্তাহৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰে যে টিকাকৰণ কেৱল শিশুসকলৰ মাজতে আৱদ্ধ থকাটো অনুচিত; বৰঞ্চ এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সুৰক্ষিত ভৱিষ্যত আৰু সামগ্ৰিকভাৱে সমাজখনক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত ই সমানেই অপৰিহাৰ্য।

প্ৰতিষেধকৰ জীৱনদায়িনী ক্ষমতাৰ প্ৰতি জনসাধাৰণক সজাগ কৰা, টীকাৰ ওপৰত আস্থা বৃদ্ধি কৰা আৰু বিশ্বজুৰি প্ৰতিষেধক ব্যৱস্থাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰেই বিশ্বজনীনভাৱে পালন কৰা হয় বিশ্ব প্ৰতিষেধক সপ্তাহ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ টিকাকৰণৰ তালিকা সঠিক আৰু শেহতীয়া হৈ আছে নে নাই, সেই সম্পৰ্কে সোঁৱৰাই দিয়াটোও এই সপ্তাহটোৰ অন্যতম উদ্দেশ্য। মন কৰিবলগীয়া যে, বিগত ৫০ বছৰত প্ৰতিষেধকৰ জৰিয়তে সমগ্ৰ বিশ্বতে ১৫ কোটিৰো অধিক মানুহৰ জীৱন ৰক্ষা পৰিছে।

ভাৰতৰ বৃহৎ সংখ্যক লোকৰ মাজত এতিয়াও এক ধাৰণা প্ৰচলিত আছে যে প্ৰতিষেধক কেৱল শিশুৰ বাবেহে। বহুতৰে মতে, এজন ব্যক্তি শাৰীৰিকভাৱে সুস্থ হৈ থাকিলে তেওঁৰ বাবে টিকাকৰণৰ কোনো প্ৰয়োজন নাই। এনে পৰিপ্ৰেক্ষিতত ২০২৬ বৰ্ষৰ বিশ্ব প্ৰতিষেধক সপ্তাহৰ মূল বিষয়বস্তু- ‘প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰতিষেধক ফলপ্ৰসূ’ -এক গুৰুত্বপূৰ্ণ সোঁৱৰণী হিচাপে বিবেচিত হৈছে। প্ৰতিষেধক যে কেৱল শৈশৱতে নহয়, সমগ্ৰ জীৱনটোৰ বাবেই অপৰিহাৰ্য, এই বিষয়বস্তুৱে তাকেই সূচাইছে।

গুৱাহাটীৰ পিয়েৰলেছ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা (আভ্যন্তৰীণ ঔষধ বিভাগ) ডাঃ আছিফ ইকবাল হুছেইনে প্ৰাপ্তবয়স্কৰ টিকাকৰণৰ প্ৰাসংগিকতাৰ বিষয়ে কয়, "ভাৰত চৰকাৰ, বিশ্ব স্বাস্থ্য সংস্থা আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেন্সনে প্ৰাপ্তবয়স্কৰ প্ৰতিষেধক গ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ই ৰোগ প্ৰতিৰোধ কৰাৰ লগতে অন্যান্য সহযোগী ৰোগৰ জটিলতা হ্ৰাস কৰে, মৃত্যুৰ হাৰ কমাই আনে আৰু এখন অধিক শক্তিশালী তথা স্থিতিস্থাপক সমাজ গঢ়ি তোলাত বিশেষ অৰিহণা যোগায়।"

তেওঁ উল্লেখ কৰে যে প্ৰাপ্তবয়স্কসকলে গ্ৰহণ কৰিবলগীয়া কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিষেধক হৈছে ইনফ্লুৱেঞ্জা, টিটানাছ-ডিপথেৰিয়া-পাৰ্টুচিছ (টি ডি এ পি), হেপাটাইটিছ এ, হেপাটাইটিছ বি, এইচ পি ভি, নিউমোকোকেল, এম এম আৰ, ভেৰিচেল্লা, ক’ভিড-১৯, আৰ এছ ভি আৰু টাইফয়েড। বহু লোকে ধৰি লয় যে শৈশৱৰ টিকাকৰণে আজীৱন সুৰক্ষা প্ৰদান কৰে। অৱশ্যে প্ৰাপ্তবয়স্ক অৱস্থাত বহুতো প্ৰতিষেধকৰ বুষ্টাৰ ড’জৰ প্ৰয়োজন হয়, যিবোৰ বছৰেকীয়া ড’জৰ পৰা আৰম্ভ কৰি প্ৰতি পাঁচ বা দহ বছৰৰ মূৰে মূৰে ল’ব লাগে।

ডাঃ হুছেইনে লগতে কয়, "যেতিয়া মানুহে অত্যন্ত মানসিক চাপযুক্ত পৰিৱেশত কাম কৰে, সঘনাই ভ্ৰমণ কৰে বা কোনো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাত ভুগি থাকে, তেতিয়া এই প্ৰতিষেধকসমূহৰ প্ৰয়োজনীয়তা বহুগুণে বৃদ্ধি পায়। মানুহে প্ৰায়ে উপলব্ধি নকৰে যে টিকাকৰণে কেৱল আপোনাকে নহয়, ইয়াৰ সমান্তৰালভাৱে আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্য, শিশু আৰু সহযোগী ৰোগৰ বাবে অধিক বিপদাপন্ন অৱস্থাত থকা লোকসকলকো সুৰক্ষা প্ৰদান কৰে।"

তেওঁ লগতে কয় যে এইচ পি ভি জনিত কৰ্কট ৰোগ, হেপাটাইটিছ বি-ৰ ফলত হোৱা যকৃৎ বা লিভাৰৰ ৰোগ আৰু ইনফ্লুৱেঞ্জা তথা নিউমোকোকেল জনিত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ জটিলতাৰ দৰে গুৰুতৰ সমস্যাবোৰ প্ৰতিৰোধ কৰাতো প্ৰতিষেধকে সহায় কৰে। বিশেষকৈ ডায়বেটিছ, হৃদৰোগ, এজমা আৰু অন্যান্য আগতীয়া ৰোগ থকা লোকসকলৰ বাবে ফ্লু, ক’ভিড-১৯, নিউমোকোকেল আৰু আৰ এছ ভিৰ প্ৰতিষেধক অত্যন্ত জৰুৰী। ইয়াৰ ফলত ৰোগৰ গুৰুতৰ জটিলতা, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা আৰু আনকি মৃত্যুৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়।

টিকাকৰণৰ ক্ষেত্ৰত থকা দ্বিধাবোধৰ বিষয়ে ডাঃ হুছেইনে কয় যে ভয়, ভুল তথ্য আৰু সজাগতাৰ অভাৱ এতিয়াও এক ডাঙৰ হেঙাৰ হৈ আছে। বিশেষকৈ ভাৰতৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলসমূহত এই সমস্যা অধিক। প্ৰতিষেধক গ্ৰহণ কৰিলে প্ৰজনন ক্ষমতা হ্ৰাস পোৱা, অটিজম হোৱা অথবা যিটো ৰোগৰ প্ৰতিৰোধৰ বাবে টিকাকৰণ কৰা হয়, সেই একেটা ৰোগতে আক্ৰান্ত হোৱাৰ দৰে বহু ভুল ধাৰণা সমাজত আজিও প্ৰচলিত। ইয়াৰ উপৰি বহু লোকে প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতাই সদায় শ্ৰেষ্ঠ বুলি বিশ্বাস কৰে।

তেওঁ লগতে কয়, “প্ৰতিষেধকসমূহ সম্পূৰ্ণ সুৰক্ষিত আৰু ফলপ্ৰসূ হোৱা সত্ত্বেও বিভিন্ন নিৰ্ভৰযোগ্যহীন উৎসৰ জৰিয়তে এই উৰাবাতৰিবোৰ বিয়পি পৰে। টিকাকৰণৰ জৰিয়তে আপুনি নিজৰ আৰু পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সামূহিক ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰি জনস্বাস্থ্যলৈ এক বিশেষ অৰিহণা যোগায়। ই বহুতো সোঁচৰা ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।”

ডাঃ হুছেইনে লগতে আঙুলিয়াই দিয়ে যে ক’ভিড-১৯ মহামাৰীৰ পিছত টিকাকৰণৰ প্ৰতি মানুহৰ সজাগতা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। বৰ্তমান অধিক সংখ্যক লোকে আগতীয়া সতৰ্কতামূলক স্বাস্থ্যসেৱা আৰু নিয়মীয়া টিকাকৰণৰ গুৰুত্ব উপলব্ধি কৰিবলৈ লৈছে।

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয় যে বৰ্তমানৰ চিকিৎসালয়সমূহে কেৱল চিকিৎসাৰ মাজতে সীমাৱদ্ধ নাথাকি প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেওঁ কয়, “পিয়াৰলেছ হাস্পতালে বিশ্বাস কৰে যে স্বাস্থ্যসেৱা ৰোগাক্ৰান্ত হোৱাৰ পূৰ্বেই আৰম্ভ হোৱা উচিত। আজিৰ সময়ত প্ৰতিষেধক হৈছে আটাইতকৈ শক্তিশালী প্ৰতিৰোধমূলক আহিলাসমূহৰ অন্যতম। আমাৰ দায়িত্ব কেৱল ৰোগৰ চিকিৎসা কৰাই নহয়, বৰঞ্চ জনসজাগতা বৃদ্ধি কৰা, প্ৰতিষেধকৰ সহজলভ্যতা নিশ্চিত কৰা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাক জীৱনৰ এক নিয়মীয়া অংশ হিচাপে গঢ়ি তুলিবলৈ মানুহক উৎসাহিত কৰাটোহে আচল উদ্দেশ্য। বিশেষকৈ ভাৰতত প্ৰাপ্তবয়স্কৰ টিকাকৰণৰ বিষয়টোত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে।”

চৰকাৰী আৰু ব্যক্তিগত উভয় স্বাস্থ্য প্ৰতিষ্ঠানতে বৰ্তমান প্ৰতিষেধকসমূহ উপলব্ধ। পিয়াৰলেছ হাস্পতালতো আয়ুষ্মান ভাৰতৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি টিকাকৰণ কৰিব পাৰি। সময়মতে প্ৰতিষেধক গ্ৰহণ কৰিলে বহুতো গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়, যিবোৰ ৰোগত আক্ৰান্ত হ’লে পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয়। গতিকে টিকাকৰণ কেৱল স্বাস্থ্যৰ সৈতে জড়িত বিষয় নহয়, ই পৰিয়ালসমূহৰ বাবে এক অৰ্থনৈতিক সিদ্ধান্তও।

স্বাস্থ্যসেৱাৰ ধাৰা বৰ্তমান কেৱল ৰোগৰ চিকিৎসাৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ দিশলৈ ক্ৰমান্বয়ে ধাৱমান হৈছে। পিয়াৰলেছ হাস্পতালৰ দৰে প্ৰতিষ্ঠানসমূহে এতিয়া কেৱল ৰোগীৰ চিকিৎসা কৰাতে সীমাবদ্ধ নাথাকি জনসাধাৰণৰ এক নিৰ্ভৰযোগ্য আৰু দীৰ্ঘম্যাদী স্বাস্থ্য সহযোগীৰ ভূমিকাও পালন কৰিছে। প্ৰাপ্তবয়স্কৰ টিকাকৰণে এক বিৰল সুযোগ প্ৰদান কৰে- যাৰ জৰিয়তে ৰোগ আৰম্ভ হোৱাৰ আগতেই তাক প্ৰতিৰোধ কৰাৰ শক্তি লাভ কৰিব পৰা যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here