*ছিগালত মঞ্চস্থ 'দিন কে অন্ধেৰে'* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 9 March 2026

*ছিগালত মঞ্চস্থ 'দিন কে অন্ধেৰে'*


 

W7s news,,আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি তথা প্ৰয়াত প্ৰৱীণ অভিনেত্ৰী বীনা প্ৰসাদৰ সোঁৱৰণিত ছিগাল থিয়েটাৰত মঞ্চস্থ হয় 'দিন কে অন্ধেৰে'। যোৱা ৮ মাৰ্চৰ সন্ধিয়া ছিগালৰ প্ৰযোজনাত তথা ভাগীৰথী বাই কাদমৰ পৰিচালনাত নাটকখন মঞ্চস্থ হয়। স্পেনিছ নাট্যকাৰ গাৰ্চিয়া ল'ৰ্কাৰ বিখ্যাত 'দ্য হাউছ অৱ বাৰ্ণাৰ্ডা অলবা' নাটকখনৰ হিন্দী অভিযোজনা ভাগীৰথী বাই কাদমৰ। নাটখনৰ আটাইকেইটাই নাৰী চৰিত্ৰ। অভিনয় কৰিছে ভাগীৰথী বাই কাদম, পাপৰি মেধি, বি পাল্কী, দীপা মিশ্ৰ, নিৰ্মালি শৰ্মা, মনময়ূৰী বৰ্মন, জুনুকা গোস্বামী, ছাইনী গোস্বামী, ডেইজী গগৈ, প্ৰীতিলেখা হুজুৰি আদিয়ে।  ৰক্ষণশীল সমাজ ব্যৱস্থাত পিষ্ট আৱেগ-অনুভূতিৰে ভাৰাক্ৰান্ত নাৰীৰ জীৱন আৰু বিদ্ৰোহ - এয়াই নাটকখনৰ মূল উপজীব্য। নাটকখনৰ সংগীত পৰিচালনা কৰে প্ৰশান্ত কলিতাই। পোহৰ ব্যৱস্থাপনা দিৱস দাসৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here