জি এন আৰ চি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন ২০২৬ উদ্ যাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 9 March 2026

জি এন আৰ চি হাস্পতালত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন ২০২৬ উদ্ যাপন

 


পদ্মশ্ৰী বঁটা প্ৰাপক তথা কাৰ্বি লোকসংগীত শিল্পী পখিলা লেকথেপী, সংগীতশিল্পী  মনিষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ ফাৰিহা জামানক সম্বৰ্ধনা


W7s news গুৱাহাটী :

জি এন আৰ চি হাস্পতালে এচিয়ান ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেচনৰ (এ আই এন ই) ৰ সহযোগত দেওবাৰে  জি এন আৰ চি হাস্পতালৰ দিছপুৰৰ প্ৰেক্ষাগৃহত এক  অনুপ্ৰেৰণাদায়ক কাৰ্যসূচীৰে 'আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬' উদযাপন কৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্যসেৱা বিশেষজ্ঞ আৰু জিএনআৰচিৰ মহিলা কৰ্মীবৃন্দ একত্ৰিত হৈ নাৰী শক্তিৰ উৎকৃষ্টতা, সেৱা আৰু সহানুভূতিশীল মনোভাৱক সন্মান জনায়। অনুষ্ঠানটোৰ মূল আকৰ্ষণ আছিল অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক জনোৱা সম্বৰ্ধনা। তেওঁলোক হ’ল— পদ্মশ্ৰী বঁটা প্ৰাপক তথা কাৰ্বি লোকসংগীত শিল্পী পখিলা লেখথেপী, বিশিষ্ট কণ্ঠশিল্পী  মনীষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ ফাৰিহা জামান। এআইএনই-ৰ অধ্যক্ষা অধ্যাপক ডা° ৰঞ্জু ৰাণী দাসে আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটোৰ সামৰণি পৰে জি এন আৰ চি হাস্পতালৰ অ কাৰ্যবাহী সঞ্চালিকা ড° জয়শ্ৰী বৰাৰ এক অনুপ্ৰেৰণামূলক ভাষণেৰে। কটন কলেজৰ প্ৰাক্তন সহযোগী অধ্যাপক তথা বিশিষ্ট স্তম্ভলেখক ড° বৰাৰ বক্তব্যই উপস্থিত সকলোকে গভীৰভাৱে অনুপ্ৰাণিত কৰে।

জি এন আৰ চিৰ মহিলা কৰ্মীবৃন্দৰ সেৱাক স্বীকৃতি জনাই এই অনুষ্ঠানত তিনিটা বিশেষ বঁটা প্ৰদান কৰা হয়। পালম’নলজিষ্ট ড° ফাৰজানা বেগমক ‘বেষ্ট পেচেণ্ট আউটকাম এৱাৰ্ড’ প্ৰদান কৰে পখিলা লেখথেপীয়ে। ‘বেষ্ট একাডেমিক এংগেজমেণ্ট এৱাৰ্ড’ লাভ কৰে নিউৰ’লজিষ্ট ড° ৰূপজ্যোতি দাসে, যিটো প্ৰদান কৰে মনীষা হাজৰিকাই। আনহাতে, সৰ্বাধিক লোকৰ ওচৰলৈ সেৱা আগবঢ়োৱাৰ বাবে মলয়া দাসক ‘বেষ্ট স্বাস্থ্যমিত্ৰ এৱাৰ্ড’ৰে সন্মানিত কৰে ফারিহা জামানে। উদযাপনৰ অংশ হিচাপে সত্ৰীয় নৃত্য, হিলফোনিক গ্ৰুপ, এআইএনই গ্ৰুপ আৰু স্বাস্থ্যমিত্ৰ দলৰ দ্বাৰা পৰিবেশিত সাংস্কৃতিক কাৰ্যসূচীয়ে অনুষ্ঠানটোক অধিক ৰঙীন কৰি তোলে।

> "এই দিনটো হ’ল মহিলাৰ সাহস, মমতা আৰু অৱদানৰ উদযাপন। কলা, ক্ৰীড়া আৰু স্বাস্থ্যসেৱা— এই বিভিন্ন ক্ষেত্ৰত সমাজলৈ অৱদান আগবঢ়োৱা মহিলাসকলক সন্মান জনাবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। লগতে, অহা বছৰৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত মহিলাসকলক প্ৰদান কৰিবলৈ জি এন আৰ চিয়ে দুটা নতুন স্মাৰক বঁটা— 'প্ৰয়াত অনুপমা দাস সোঁৱৰণী বঁটা' আৰু 'কনকলতা বৰা সোঁৱৰণী বঁটা' ঘোষণা কৰিছে। এই বঁটা দুটা আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ থকা দুগৰাকী অসাধাৰণ প্ৰতিভাশালী মহিলাৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলী।" অ-কাৰ্যবাহী সঞ্চালিকা, জি এন আৰ চি হাস্পতাল ডাঃ জয়শ্ৰী বৰাই জনায়।

বিশেষ স্বাস্থ্য পেকেজ ঘোষণা:

এই বিশেষ দিৱস উপলক্ষে জি এন আৰ চি হাস্পতালে মহিলাসকলৰ কাৰনে এমাহৰ বাবে উপলব্ধ হোৱাকৈ বিশেষ স্বাস্থ্য পেকেজ ঘোষণা কৰিছে: ইয়াক আছে সামগ্ৰিক ওমেন হেল্থ পেকেজ (৭,০০০ টকাত), মেন্টেল হেল্থ পেকেজ (৪০০ টকাত) আৰু পি.চি.অ'.এচ (PCOS) পেকেজ (২,০০০ টকাত)। এয়া মহিলাসকলৰ বাবে সুলভ আৰু সামগ্ৰিক স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত জি এন আৰ চিৰ এক সংকল্প।

অনুষ্ঠানটোৱে উপস্থিত সকলোকে নাৰীক সৱলীকৰণ আৰু স্বাস্থ্য সজাগতাৰ বাৰ্তা আগবঢ়াই নিবলৈ উৎসাহিত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here