থলুৱা বস্ত্ৰসম্ভাৰ, ডিজাইনাৰ আৰু সৃজনশীল উদ্যোগৰ সপ্তাহজোৰা এই বিশেষ অনুষ্ঠান উদ্বোধন মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ
শতিকাজুৰি আমাৰ মাতৃ আৰু আইতাসকলেই অৰুণাচলৰ বয়ন শিল্পৰ পৰম্পৰাক জীয়াই ৰাখিছেঃ মুখ্যমন্ত্ৰী পেমা খাণ্ডু
W7s news,,নাহৰলগুন, ১৫ মাৰ্চ, ২০২৬: থলুৱা বস্ত্ৰ আৰু সমসাময়িক ফেশ্বনৰ এক আঠদিনীয়া মহোৎসৱেৰে নাহৰলগুনৰ ইণ্টেৰিয়ৰ পাৰ্কত শুভাৰম্ভ হৈছে অৰুণাচল ফেশ্বন উইক ২০২৬-ৰ। ‘এ এফ ডব্লিউ নাইট অৱ অপুলেন্স’ শীৰ্ষক এক আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হৈছে দ্য আৰ্টিচান মুভমেণ্টৰ এই বিশেষ যাত্ৰা। অহা ১৪ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱে অৰুণাচলৰ বস্ত্ৰসম্ভাৰ আৰু সৃজনশীল উদ্যোগক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক লক্ষ্য হাতত লৈছে।
অৰুণাচল প্ৰদেশ চৰকাৰৰ বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ তত্ত্বাৱধানত আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। লক্ষ্যণীয়ভাৱে, ইয়াৰ জৰিয়তে আৰ্টিচান মুভমেণ্টৰ পাঁচ বছৰীয়া সফলতা উদযাপন কৰাৰ লগতে পৰম্পৰাগত শিপিনী আৰু যুৱ ডিজাইনাৰসকলক একগোট কৰা হৈছে। ৰাজ্যখনত থলুৱা ফেশ্বন আৰু বস্ত্ৰ উদ্যোগৰ বাবে এক সুসংগঠিত পৰিৱেশ গঢ়ি তোলাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য।
অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ফেশ্বন উইকখনিৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৪৭-নামচাইৰ বিধায়ক চৌ জিংনু নামচুম, বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ আয়ুক্ত ন্যায়ালি এতে (আইএএছ) আৰু সঞ্চালক শ্ৰী দৰ্জি ফুনচোৰ দৰে বিশিষ্ট ব্যক্তিসকল। ইয়াৰ লগতে বহু দক্ষ ডিজাইনাৰ, শিল্পী আৰু সৃজনশীল উদ্যোগৰ সদস্যসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
মুখ্যমন্ত্ৰীয়ে এক বিশেষভাৱে যুগুত কৰা বস্ত্ৰ আৰু জনজাতীয় ফিউচন কনচেপ্ট ইনষ্টলেচন উন্মোচন কৰাৰ লগে লগে আৰম্ভ হয় এই মনোজ্ঞ সন্ধিয়া। এই প্ৰদৰ্শনীত অৰুণাচলৰ বৈচিত্ৰ্যপূৰ্ণ বয়ন পৰম্পৰাৰ লগতে আধুনিক ডিজাইনৰ এক অনুপম সংমিশ্ৰণ উপস্থাপন কৰা হয়।
অনুষ্ঠানত সমবেত ৰাইজক সম্বোধন কৰি মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, “শতিকাজুৰি আমাৰ মাতৃ আৰু আইতাসকলেই এই বিৰল ঐতিহ্যৰ প্ৰকৃত তৰণী হৈ আহিছে। আজি অৰুণাচল ফেশ্বন উইকৰ দৰে মঞ্চই আমাৰ এই পৰম্পৰাসমূহক আধুনিক ৰূপত বিশ্বদৰবাৰত তুলি ধৰাৰ এক শক্তিশালী মাধ্যম প্ৰদান কৰিছে।”
তেওঁ লগতে কয়, “বৰ্তমান অৰুণাচলত বছৰি প্ৰায় ৬৯ মেট্ৰিক টন এৰী, মুগা আৰু পাট সূতা উৎপাদিত হয়। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ৫০০খন ৰেচম উৎপাদনকাৰী গাঁৱৰ ৩৪,০০০তকৈ অধিক লোকৰ কৰ্মসংস্থাপন সুনিশ্চিত হৈছে। এই খণ্ডটোক অধিক শাক্তিশালী কৰাৰ লক্ষ্যৰে আমাৰ চৰকাৰে ২৫ কোটি টকাৰ ব্যয়েৰে পাঁচখনকৈ উদ্ভাৱনীমূলক আঁচনিৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ ভিতৰত নতুন প্ৰজন্মৰ শিল্পীসকলক সুদক্ষ কৰি গঢ়ি তুলিবলৈ ‘ইয়ং চিল্ক উইভাৰ স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভ’ অন্যতম। সৃজনশীল উদ্যোগসমূহৰ বৰ্ধিত সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ‘অৰুণাচল ক্ৰিয়েটিভ ইকনমি চেল’ স্থাপনৰো প্ৰস্তাৱ দিছোঁ। এই কোষে শিল্পী আৰু সৃজনশীল পেছাদাৰীসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব।”
মন কৰিবলগীয়া যে, নাৰী সৱলীকৰণ হৈছে এই পৰিৱৰ্তনৰ মূল আধাৰ। অৰুণাচল ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে ১.৫ লাখতকৈও অধিক মহিলাক প্ৰায় ১৬০০০ আত্মসহায়ক গোটত একত্ৰিত কৰা হৈছে, যাৰ মাজৰ বহুসংখ্যক মহিলা বয়ন হস্তশিল্প আৰু বস্ত্ৰ উদ্যোগৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে।
উদ্বোধনী ৰানৱে’ খণ্ডত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ডিজাইনাৰ আৰু শিপিনীসকলে পৰম্পৰাগত বস্ত্ৰৰ সৈতে আধুনিক ফেশ্বনৰ সংমিশ্ৰণেৰে যুগুত কৰা সংগ্ৰহ প্ৰদৰ্শন কৰে। এই প্ৰদৰ্শনীত মিবি বাগ্ৰা, মোবাং দৰাং, জেনিথ খোঞ্জুজু, ৰাল্টে এলি পেৰ্মে মিউ, ওৱাংমু বাপু জ্যোতি দাদা আৰু নাং এঞ্জি নামচুমৰ সৃষ্টিৰাজিৰ লগতে জিয়ী এতেৰ এক শিপিনী প্ৰদৰ্শন আগবঢ়োৱা হয়। সন্ধিয়াটোত ৰিছা টোকৰ দ্বাৰা হস্ততাঁতৰ ব্ৰেণ্ড পামক’জ আৰু আটুৰ্টো-অৰিৰ এক বিশেষ ফেশ্বন ক্ৰম প্ৰদৰ্শিত হোৱাৰ অন্তত অংশগ্ৰহণকাৰী ডিজাইনাৰসকলৰ সামূহিক ৰানৱে’ ফিনালেৰে কাৰ্যসূচীৰ সামৰণি পৰে।
অৰুণাচল প্ৰদেশৰ বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ আয়ুক্ত শ্ৰী ন্যায়ালি এতে, আই এ এছ-এ অনুষ্ঠানৰ সময়ত নিজৰ অভিমত ব্যক্ত কৰি কয় যে অৰুণাচল ফেশ্বন উইকৰ মূল লক্ষ্য হৈছে গুণগত মান, উদ্ভাৱন আৰু প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি কৰাৰ লগতে থলুৱা বস্ত্ৰ সামগ্ৰীৰ বাবে এক অধিক সুসংগঠিত বজাৰ ব্যৱস্থা গঢ়ি তোলা। তেওঁৰ মতে, এনে পদক্ষেপসমূহে স্থানীয় শিপিনী আৰু যুৱ সৃজনশীল পেছাদাৰীসকলৰ বাবে এক মূল্যবান সুযোগ কঢ়িয়াই আনিছে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ কৰ্মৰাজি প্ৰদৰ্শন কৰিব পাৰিব আৰু বৃহৎ বজাৰৰ সৈতে পোনপটীয়া সংযোগ স্থাপনত সক্ষম হ'ব।
ইফালে, অৰুণাচল ফেশ্বন উইকৰ মুখ্য পৰিচালন বিষয়া মীনা নছিয়ে নিজৰ ভাষণত কয়, “আমাৰ এই যাত্ৰা কেৱল এখন ফেশ্বন শ্ব’ৰ জৰিয়তে আৰম্ভ হোৱা নাছিল। ইয়াৰ আৰম্ভণি হৈছিল বহু বছৰ পূৰ্বে গাঁৱে গাঁৱে ভ্ৰমণ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী, শিল্পী আৰু ডিজাইনাৰসকলক লগ কৰা আৰু আমাৰ সমাজৰ গভীৰতাত জীয়াই থকা অনন্য বস্ত্ৰ পৰম্পৰাসমূহ হৃদয়ংগম কৰাৰ জৰিয়তে। আৰম্ভণিৰে পৰাই অৰুণাচল প্ৰদেশ চৰকাৰে এনে এক অৰ্থপূৰ্ণ মঞ্চ গঢ়ি তোলাৰ পৰিকল্পনাত গভীৰ বিশ্বাস ৰাখিছিল, য’ত থলুৱা শিল্পকৰ্মক সমগ্ৰ বিশ্বৰ আগত গৌৰৱ আৰু মৰ্যাদাৰে উপস্থাপন কৰিব পৰা যায়।”
নৰ্থ ইষ্ট ইণ্ডিয়া ফেশ্বন উইক- দ্য আৰ্টিচান মুভমেণ্টৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইয়ানা ঙোবা চাকপুই অনুষ্ঠানত নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “২০১৫ চনত আৰম্ভ হোৱাৰ পৰাই আৰ্টিচান মুভমেণ্টে এক মজবুত ভেটিৰ পৰা ক্ৰমান্বয়ে এক সহযোগিতামূলক পৰিৱেশলৈ গতি কৰিছে, যি বৰ্তমান শিল্পী, ডিজাইনাৰ আৰু যুৱ সৃজনশীল পেছাদাৰীসকলক একগোট কৰিছে। অৰুণাচল ফেশ্বন উইক হৈছে সেই যাত্ৰাৰেই এক প্ৰতিফলন, য’ত থলুৱা শিল্পকৰ্মৰ সৈতে সমসাময়িক ডিজাইনৰ মিলন ঘটিছে আৰু যুৱপ্ৰজন্মৰ সৃজনশীলতাই এই অঞ্চলৰ ফেশ্বন উদ্যোগৰ ভৱিষ্যত গঢ়ি তুলিছে।”
বস্ত্ৰ আৰু হস্তশিল্প বিভাগৰ সঞ্চালক দৰ্জি ফুনচোৱে শলাগৰ শৰাই আগবঢ়াই উল্লেখ কৰে যে অৰুণাচল ফেশ্বন উইকে কেনেকৈ শিল্পী, ডিজাইনাৰ, উদ্যমী আৰু যুৱ সৃজনশীল পেছাদাৰীসকলক একেখন মঞ্চতে উপৱিষ্ট কৰাইছে। তেওঁ লগতে কয় যে ই পৰম্পৰাগত শিল্পসমূহক স্বাৱলম্বী জীৱিকা আৰু এক সজীৱ সৃজনশীল উদ্যোগলৈ ৰূপান্তৰিত কৰাত যথেষ্ট সহায় কৰিছে।
উদ্বোধনী সন্ধিয়াটোৰ সামৰণি পৰে এক পৰম্পৰাগত জনজাতীয় নৈশ আহাৰ আৰু ইউথ কানেক্ট অনুষ্ঠানৰ জৰিয়তে। এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় ২৩ গৰাকী ডিজাইনাৰ, ৫০ গৰাকীৰো অধিক মডেল আৰু সৃজনশীল দলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হৈ মত বিনিময় কৰে। অৰুণাচল প্ৰদেশত ‘দ্য আৰ্টিচান মুভমেণ্ট’ৰ এই পঞ্চম সংস্কৰণৰ বাবে সমগ্ৰ অঞ্চলটোৰ অলেখ শিপিনী আৰু ডিজাইনাৰ নাহৰলগুনৰ ইণ্টেৰিয়ৰ পাৰ্কত একত্ৰিত হয়, য’ত বিশেষকৈ যুৱ পেছাদাৰীসকলৰ সবল অংশগ্ৰহণ পৰিলক্ষিত হয়।
উল্লেখ্য যে, ৰানৱে’ শ্ব’ৰ সমান্তৰালকৈ ইণ্টেৰিয়ৰ পাৰ্কত জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে এক বহুমহলীয়া ডিজাইন আৰু লাইফষ্টাইল প্ৰদৰ্শনী। সমগ্ৰ সপ্তাহজুৰি চলিবলগীয়া এই প্ৰদৰ্শনীত হস্ততাঁত শিল্প, শিপিনীৰ অনন্য সংগ্ৰহ, ডিজাইনাৰ পোছাক আৰু অলংকাৰৰ এক বিশাল সম্ভাৰ দাঙি ধৰা হৈছে। ইয়াৰ লগতে ফেশ্বনৰ সামগ্ৰী, গৃহ সজ্জাৰ ইনষ্টলেচন, আচবাব, কাৰুশিল্প আৰু জীৱনশৈলীৰ সৈতে জড়িত বিভিন্ন সৃজনশীল সামগ্ৰীয়ে প্ৰদৰ্শনীখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।
উৎসৱৰ দ্বিতীয় দিনা এ এফ ডব্লিউ ফেশ্বন এক্সট্ৰাভাগানজাৰ জৰিয়তে এই আনন্দ উল্লাস অব্যাহত থাকিব। উক্ত অনুষ্ঠানত অৰুণাচল চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মাননীয় মন্ত্ৰী ডাছাংলু পুল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব মাননীয় বিধায়িকা ন্যাবী জিনি দিৰ্চীয়ে। সেই বিশেষ সন্ধিয়াটোত ডিজাইনাৰ মেটাম ভিঅ’, অছুম জেৰাং কাৰ্লো, মিনা ৰতন, নাম্পি জোৰাম, আগাচি টয়ু, জুমতাৰ আঙু আৰু যাজিৰ মাৰাৰ আকৰ্ষণীয় ৰানৱে’ প্ৰদৰ্শনৰ লগতে ইয়াৰক পামেৰ এক শিপিনী উপস্থাপন আৰু বুল্লো তাজং তথা চাংগে চেৰঙৰ সংগীতময় পৰিৱেশনে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব।
বিভিন্ন প্ৰদৰ্শনী, ডিজাইনাৰ শ্ব’কেছ আৰু জনসাধাৰণৰ অংশগ্ৰহণমূলক কাৰ্যসূচীৰে সমগ্ৰ সপ্তাহজুৰি অব্যাহত থাকিব অৰুণাচল ফেশ্বন উইক ২০২৬। অহা ২১ মাৰ্চত সাংস্কৃতিক ঐতিহ্য দিৱস আৰু অৰুণাচল ফেশ্বন উইক এৱাৰ্ড নাইটৰ জৰিয়তে এই বিশেষ মহোৎসৱৰ সামৰণি পৰিব। ফেশ্বন ডিজাইন, মডেলিং আৰু বয়ন শিল্পৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাক সন্মান জনোৱাৰ লক্ষ্যৰে এই বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই সামৰণি অনুষ্ঠানটোৱে ‘আৰ্টিচান মুভমেণ্ট’ৰ সফল পাঁচ বছৰ সম্পূৰ্ণ কৰাৰ লগতে অৰুণাচলৰ থলুৱা বস্ত্ৰ আৰু শিপিনীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি ‘ভোকাল ফৰ লোকেল’ৰ আদৰ্শক অধিক শক্তিশালী কৰি তুলিব।

No comments:
Post a Comment