W7s news গুৱাহাটী: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত শনিবাৰে
অখিল ভাৰতীয় জনসংঘৰ ৰাষ্ট্ৰীয় সন্মিলনখন দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
অখিল ভাৰতীয় জনসংঘৰ অসম শাখাৰ উদ্যোগত অনুষ্ঠিত এই অধিবেশনত
অসমখন বাংলাদেশ মুক্ত কৰা, থলুৱা লোকৰ ভৱিষ্যত সুৰক্ষিত কৰা, চাহ জনগোষ্ঠীৰ সৰ্বোতপ্ৰকাৰৰ উন্নয়ন কৰা, গো-সুৰক্ষা কৰাত গুৰুত্ব আৰোপ, গো-ধন অবৈধ সৰবৰাহ ৰোধ কৰা আদিকে ধৰি অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোকপাত কৰা হয়। তদুপৰি আগন্তুক বিধায়সভা নিৰ্বাচনত জনসংঘই কি ধৰণৰ ভূমিকা গ্রহণ কৰিব সেই বিষয়েও আলোকপাত কৰা হয়। এই ৰাষ্ট্ৰীয় সন্মিলনত
সন্মিলনত উপস্থিত থাকি
অখিল ভাৰতীয় জনসংঘৰ
ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক
: ৰাকেশ কৌল গোৰ্খা, উপ-সভাপতি
দেচ্ছ কুমাৰ কৌশিক, দক্ষিণ ভাৰতৰ তত্ত্বাৱধায়ক, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক
ড০ ভি (ক ৰমনাৰেড্ডী,
সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক
সন্তোষ কুমাৰ তিৱাৰী,
কোষাধ্যক্ষ অনিল কুমাৰ শৰ্মা, দিল্লীৰ প্ৰদেশ অধ্যক্ষ
প্ৰমোদ সৌতি, অখিল ভাৰতীয় জনসংঘৰ ৰাজ্যিক সভাপতি আৰু আদিবাসী ৱেলফেয়াৰ ডেভলপমেণ্ট কাউঞ্চিল ডেপুটি চি ই এম ৰ অএছডি ৰুগেশ্বৰ খান্দোৱাল
গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
সন্মিলনত
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
No comments:
Post a Comment