নাৰী দিৱস উপলক্ষে ৰেড এফ এমৰ বিশাল আয়োজন ‘উদয়িনী’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 7 March 2026

নাৰী দিৱস উপলক্ষে ৰেড এফ এমৰ বিশাল আয়োজন ‘উদয়িনী’



W7s news,,গুৱাহাটী, ৬ মাৰ্চ, ২০২৬:  আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আইটিচি ছানৰাইজ পিঅ’ৰ-ৰ সহযোগত ৰেড এফ এম-এ আয়োজন কৰিলে ‘উদয়িনী’  শীৰ্ষক এক অনুষ্ঠানৰ । য'ত অসমৰ ১৫ গৰাকীকৈ ব্যতিক্ৰমী নাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে তেওঁলোকৰ কৰ্মৰাজিক স্বীকৃতি জনোৱা হ'ল। ‘উদয়িনী’ এ সন্মানিত কৰিলে সেইসকল মহিলাক; যি চৰ্চাত নাথাকে, কিন্তু সমাজত পৰিবৰ্তনৰ উদাহৰণ দাঙি ধৰে। যিয়ে অনুপ্ৰাণিত কৰে, নতুন যুগৰ সূচনা কৰে। এখন শক্তিশালী সমাজ গঢ়ে। আৰু শক্তিশালী সমাজ সেইখন, য'ত এগৰাকী মহিলাই আন এগৰাকী মহিলাক আগবঢ়াই নিয়ে।  দেশৰ প্ৰগতিত সহযোগ কৰে। 


এই অনুষ্ঠানত  ময়ুৰী ওঝা (হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক, আমবাৰী, গুৱাহাটী), শ্ৰীমতী মঞ্জু ৰাণী গগৈ তালুকদাৰ (উদ্যোগ আৰু বাণিজ্যৰ যুটীয়া সঞ্চালক আয়ুক্ত, অসম উদ্যোগ ভৱন), শ্ৰী মাৰা কোচো, পৰিচালন সঞ্চালক, উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (এনইএইচএইচডিচি), শ্ৰী ওঙ্কাৰনাথ ৰথ, চিঅ’অ’, ডিপাৰ্টমেন্ট অৱ ইনোভেচন, ইনকিউবেচন এণ্ড ষ্টাৰ্টআপচ্ – অসম চৰকাৰ লগতে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ, গুৱাহাটীৰ মুৰব্বী আৰু সঞ্চালক শ্ৰী শৌভিক চন্দা-কে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ৷ তেওঁলোকৰ উপস্থিতিয়ে মহিলাসকলক কেৱল অনুপ্ৰাণিত কৰাই নহয়, বিভিন্ন প্ৰয়োজনীয় তথ্যৰ যোগানেৰে তেওঁলোকৰ জীৱনটোক সফলভাৱে পৰিচালিত কৰাতো সহায় কৰিব। এই অনুষ্ঠানৰ লক্ষ্য আছিল অসমৰ আৰ্থ-সামাজিক অগ্ৰগতিত শক্তি প্ৰদানকাৰী দৃঢ়তাৰ কাহিনীসমূহক অনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰা।

বিভিন্ন পটভূমি আৰু বৃত্তিৰ মহিলাসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ বাবে সন্মানিত কৰা।


 তেওঁলোকৰ ভিতৰত আছিল ডালিমি দেৱী (অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী), দেবায়নী ভূঞা (চেফ), দৰ্শনা বৰুৱা (সাংবাদিক), অনুষ্কা দাসকে (প্ৰতিষ্ঠাপক - অনুৰূপা ষ্টুডিঅ') আদি কৰি এনে বহু প্ৰেৰণাদায়ী মহিলা।

প্ৰতিগৰাকী মহিলাৰ সাফল্যৰ কাহিনীয়ে লাখ লাখ মহিলাক অনুপ্ৰাণিত কৰিব। সম্বৰ্ধনা অনুষ্ঠানৰ বাহিৰেও এই মঞ্চই বঁটা প্ৰাপ্তসকলক উল্লেখযোগ্য প্ৰতিষ্ঠানিক নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰি দিয়াত ও সক্ষম হৈছে।

 

অসম আৰু অসমীয়াৰ প্ৰাণত গভীৰ ভাৱে শিপাই থকা ছানৰাইজ পিঅ’ৰ-এ মহিলাসকলক এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে উৎসাহিত তথা অনুপ্ৰাণিত কৰিবলৈ কাম কৰি আহিছে। আৰু এইবছৰো ছানৰাইজ পিঅ’ৰ-ৰ সহযোগত ৰেড এফ এম-এ এই অনুষ্ঠানটি সফলভাৱে  পৰিচালিত কৰাত  সক্ষম হৈছে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here