অসমৰ ১৫ গৰাকীকৈ ব্যতিক্ৰমী নাৰীক সম্বৰ্ধনা জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে তেওঁলোকৰ কৰ্মৰাজিক জনোৱা হ'ল স্বীকৃতি
W7s news গুৱাহাটী,: অসম আৰু ইয়াৰ জনগোষ্ঠীসমূহৰ মাজত গভীৰভাৱে শিপাই থকা দায়বদ্ধতাক শক্তিশালী কৰি আইটিচি ছানৰাইজ স্পাইচেছ-য়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসউপলক্ষে ৰাজ্যজুৰি অৰ্থৱহ পৰিৱৰ্তন সাধন কৰি অহা মহিলাসকলক স্বীকৃতি আৰু সন্মান প্ৰদানৰ বাবে আয়োজন কৰেউদয়িনীৰ ৷ ৰেড এফএম ৯৩.৫-ৰ সহযোগত আয়োজিত এই পদক্ষেপটোত অসমৰ বিভিন্ন জিলাৰ ১৫ গৰাকী ব্যতিক্ৰমী মহিলা সফলতা অৰ্জন কৰোতাক সম্বৰ্ধনা জনোৱা হয়, যাৰ সহনশীলতা , নেতৃত্ব, উদ্যোগী মনোভাৱে পৰিয়াল আৰু স্থানীয় জনগোষ্ঠীসমূহৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাইছে৷
এই অনুষ্ঠানত ময়ুৰী ওঝা (হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালক, আমবাৰী, গুৱাহাটী), মঞ্জু ৰাণী গগৈ তালুকদাৰ (উদ্যোগ আৰু বাণিজ্যৰ যুটীয়া সঞ্চালক আয়ুক্ত, অসম উদ্যোগ ভৱন), মাৰা কোচো, পৰিচালন সঞ্চালক, উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (এনইএইচএইচডিচি), ওঙ্কাৰনাথ ৰথ, চিঅ’অ’, ডিপাৰ্টমেন্ট অৱ ইনোভেচন, ইনকিউবেচন এণ্ড ষ্টাৰ্টআপচ্ – অসম চৰকাৰ লগতে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ, গুৱাহাটীৰ মুৰব্বী আৰু সঞ্চালক শৌভিক চন্দা-কে ধৰিকেইবাগৰকীও বিশিষ্ট অতিথি উপস্থিত থাকে৷ তেওঁলোকৰ উপস্থিতিয়ে মহিলাসকলক কেৱল অনুপ্ৰাণিত কৰাই নহয়, বিভিন্ন প্ৰয়োজনীয় তথ্যৰ যোগানেৰে তেঁওলোকৰ জীৱনটোক সফলভাৱে পৰিচালিত কৰাতো সহায় কৰিব। এই অনুষ্ঠানৰ লক্ষ্য আছিল অসমৰ আৰ্থ-সামাজিক অগ্ৰগতিত শক্তি প্ৰদান কৰা দৃঢ়তাৰ কাহিনীসমূহক অনুষ্ঠানিক ভাৱে স্বীকৃতি প্ৰদান কৰা।বিভিন্ন পটভূমি আৰু বৃত্তিৰ মহিলাসকলক তেওঁলোকৰ অসাধাৰণ কৃতিত্বৰ বাবে সন্মানিত কৰা।
তেওঁলোকৰ ভিতৰত আছিল ডালিমি দেৱী (অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী), দেবায়নী ভূঞা (চেফ), দৰ্শনা বৰুৱা (সাংবাদিক), অনুষ্কা দাসকে (প্ৰতিষ্ঠাপক - অনুৰূপা ষ্টুডিঅ') আদি কৰি এনে বহু প্ৰেৰণাদায়ী মহিলা।
প্ৰতিগৰাকী মহিলাৰ সাফল্যৰ ব্যক্তিগত আখ্যানে আৰু নিযুত সংখ্যকক অনুপ্ৰাণিত কৰিব পাৰে৷ উদাহৰণ হিচাপে ল’ব পাৰি গুৱাহাটীৰ বেলতলাৰ এগৰাকী চেফ দেবায়নী ভূঞাক, যিয়ে দুটা অফিচ কেন্টিন চলাই আছে আৰু উত্তৰ-পূবৰ জনজাতিসকলৰ সংস্কৃতি আৰু পৰম্পৰাত গভীৰভাৱে শিপাই থকা স্থানীয় খাদ্যৰ প্ৰচাৰ কৰে৷
সমানেই প্ৰেৰণাদায়ক হৈ পৰিছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ডালিমী দেৱী, যিগৰাকীয়েবিনামূলীয়াকৈবহু শিশুক শিক্ষা প্ৰদান কৰি আহিছে৷কেৱল এয়াই নহয়,তেওঁস্কুল এৰি যোৱা ছোৱালীসকলৰ বাবেও কাম কৰে আৰু তেওঁলোকক নিটিং আৰু চিলাইৰ প্ৰশিক্ষণ দিয়ে, যাৰ ফলত তেওঁলোক আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ় লৈ উঠিব পাৰে।
সম্বৰ্ধনাঅনুষ্ঠানৰবাহিৰেওএইমঞ্চইবঁটাপ্ৰাপ্তসকলকউল্লেখযোগ্যপ্ৰতিষ্ঠানিকনেটৱৰ্কৰসৈতেসংযোগস্থাপনকৰিদিয়াতওসক্ষমহৈছে।
অনুষ্ঠানত ভাষণ দি আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছৰ ব্যৱসায়িক মুৰব্বী পীযুষ মিশ্ৰ-য়ে কয়, ‘‘দশক দশক ধৰি ছানৰাইজ অসমীয়া পৰিয়ালসমূহৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে, সেয়া ইয়াৰ মূল ব্ৰেণ্ড পদক্ষেপৰ জৰিয়তেই হওক অথবা আঞ্চলিক অৰ্পণসমূহৰ জৰিয়তেই হওক৷ উদয়িনী-ৰ দৰে পদক্ষেপেৰে ব্ৰেণ্ডটোৱে পাকঘৰৰ বাহিৰেও বৃহত্তৰ অসমীয়া সম্প্ৰদায়লৈ নিজৰ প্ৰভাৱ বিস্তাৰ কৰি প্ৰেৰণাদায়ক মহিলা সফলতা অৰ্জনকাৰীসকলকস্বীকৃতি আৰু বিকাশৰকৰ্মপথৰ সৈতেসবল কৰি তুলিব বিচাৰিছে৷ আমি অসমৰ মহিলা পৰিৱৰ্তনকাৰীসকলক এক বিশ্বাসযোগ্য মঞ্চ প্ৰদান কৰি, তেওঁলোকক প্ৰতিষ্ঠানিক আৰু প্ৰশাসনিক সংযোগসমূহৰ সুবিধা প্ৰদান কৰাৰ লগতে অধিক মহিলাবৃন্দক আত্মবিশ্বাস আৰু উদ্দেশ্যেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰাখিছো৷’’
অনুষ্ঠানত ভাষণ দি এনইএইচএইচডিচি-ৰ এগৰাকী প্ৰতিনিধি-য়ে কয়, ‘‘উদয়িনী-ৰ দৰে পদক্ষেপে এনে তৃণমূল পৰ্যায়ৰ নেতৃত্বক উন্নীত কৰাত মৌলিক ভূমিকা পালন কৰে যিবোৰ প্ৰায়ে লক্ষ্যত নপৰাকৈয়ে থাকে৷ এই মহিলাসকলক এনে মঞ্চৰ জৰিয়তে প্ৰতিষ্ঠানিক দৃশ্যমানতা প্ৰদান কৰি তেওঁলোকৰ বিশ্বাসযোগ্যতা শক্তিশালী কৰাত সহায় কৰিব পৰাৰ লগতেদীৰ্ঘস্থায়ী বিকাশৰকৰ্মপথ সৃষ্টি কৰিব পাৰি৷’’
ইনোভেচন, ইনকিউবেচন আৰু ষ্টাৰ্টআপ বিভাগ - অসম চৰকাৰৰ এজন প্ৰতিনিধি-য়ে লগতে যোগ কৰে, ‘‘তৃণমূল পৰ্যায়ৰ উদ্যোগীকৰণ হ’ল আৰ্থ-সামাজিক অগ্ৰগতিৰ এক শক্তিশালী চালক।ছানৰাইজৰ দৰে ব্ৰেণ্ডসমূহে এনে চিন্তাশীল মঞ্চ সৃষ্টি কৰা দেখিবলৈ পাই অতি আশ্বস্ত হৈ পৰিছো, যিয়ে কেৱল মহিলা পৰিৱৰ্তনকাৰীসকলক উদযাপন কৰাই নহয় লগতে তেওঁলোকক অনুপ্ৰানিত কৰাতো আগ ভাগ লয়।
এই অনুষ্ঠানত মহিলা সবলীকৰণৰ ওপৰত এক পেনেল আলোচনাও অনুষ্ঠিত হয়, য’ত বিভিন্ন খণ্ডৰ বিশিষ্ট বক্তাসকলৰ অংশগ্ৰহণে মহিলাসকলৰ সৰ্বাংগীনবিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় কেতবোৰ তথ্ ভাগ বতৰা কৰে।এই পদক্ষেপৰ জৰিয়তে আইটিচি ছানৰাইজ স্পাইচেছ-য়ে অসমৰ সম্প্ৰদায়ৰ উন্নয়নৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিসফল স্থানীয় অৰ্থনীতি আৰু অধিক প্ৰগতিশীল সমাজৰ বাবে মহিলা সবলীকৰণ সহনশীল পৰিয়াল গঢ়াৰ বাবে অবিচ্ছেদ্য অংগ বুলি থকা বিশ্বাসক পুনৰ দৃঢ় কৰি তুলিছে৷
মহিলাসকলৰ বাবে ছানৰাইজৰ বহুমাত্ৰিক পদক্ষেপসমূহ আইটিচিৰ ব্যাপক সংহত আৰু বৃহৎ পৰিসৰৰ মহিলা সবলীকৰণ কাৰ্যসূচীৰ সৈতে খাপ খাই পৰে, যিয়ে সমগ্ৰ দেশৰ ৬ নিযুততকৈ অধিক মহিলাক সামৰি লৈ মহিলাসকলক দক্ষতা, নিয়োগৰ সুযোগ, আৰ্থিক সামৰ্থ্য বিকাশ আৰু সম্প্ৰদায়ভিত্তিক তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত অংশগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ উদ্যোগীকৰণৰ সম্ভাৱনাক উপলব্ধি কৰাত সহায় কৰিব বিচাৰে৷
No comments:
Post a Comment