গুৱাহাটী প্ৰেছক্লাবত অভিশ্ৰুতি বেজবৰুৱাৰ বিহু সুৰীয়া গীত 'দে ঢেকীঁ দে' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 March 2026

গুৱাহাটী প্ৰেছক্লাবত অভিশ্ৰুতি বেজবৰুৱাৰ বিহু সুৰীয়া গীত 'দে ঢেকীঁ দে' মুকলি

 




W7s news গুৱাহাটী: গুৱাহাটী প্ৰেছক্লাবত শুকুৰবাৰে অভিশ্ৰুতি বেজবৰুৱাৰ বিহু সুৰীয়া গীত 'দে ঢেকি দে' 'মুকলি'কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰা হয়। গীতটো মুকলি কৰি

বিশিষ্ট সংগীত শিল্পীম ণিষা হাজৰিকাই ভাষণত কয়-ভিডঅ'টো বৰ সুন্দৰ হৈছে। দিগন্ত ভাৰতীয়ে সুন্দৰ ভাষাৰে গীতটো লিখিছে।  তেওঁৰ শব্দৰ মাদকতা আছে। থলুৱা ভাষা ব্যৱহাৰ কৰে। ভিডিঅ' টো নিপুনভাবে কৰিছে, সুন্দৰকৈ পৰিচালনা কৰিছে।  ড০ ভূপেন হাজৰিকাই কৈছিল অসম, অসমীয়া জাতি সত্বা, ভাষা, সংস্কৃতি, পোছাক, খাদ্য আমি জীয়াই ৰাখিব লাগে। ময়ো সেয়া বিশ্বাস কৰো। অভিশ্ৰুতি বেজবৰুৱাই অসমীয়া সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখক।'

ভাষণত বিশিষ্ট সংগীত শিল্পী ইবচনলাল বৰুৱাই ভাষণত কয়- সুৰুৰে পৰাই অভিশ্ৰুতিক পাইছোঁ। গীত এটাক সাংস্কৃতিক বীজ দিয়াকলৈও আমি অধ্যয়ন কৰিব লাগিব। দিগন্ত ভাৰতীয়ে সুন্দৰকৈ গৱেষণা কৰি গীতটো লিখিছে। আমাৰ ওচৰত বহু ভাল গীত আছে। আমি এই গীত বোৰকলৈ গৌৰৱ কৰিব লাগে। অসমীয়া পৰম্পৰা আমি ধৰি ৰাখিব লাগিব। অসমীয়া জাতিৰ খেতিৰ লগত সম্পৰ্ক নাইকিয়া হ'বলৈ দিব নোৱাৰি। নৱ প্ৰজন্মক পৰম্পৰা, সংস্কৃতিৰ সৈতে সংযুক্ত কৰি ৰাখিব লাগিব। অভিশ্ৰুতিলৈ আশীৰ্বাদ জনালোঁ তেওঁ এনেদৰে আগবাঢ়ি যাওঁক। ভাষণত বিশিষ্ট সংগীত শিল্পী

দিগন্ত ভাৰতীয়ে ভাষণত কয়-সুৰীয়া আছুতীয়া পথাৰত অভিশ্ৰু তিয়ে খোজ দিছিল। 'ৰৈ ৰৈ ৰতি' গীতটোৱে ১০ বছৰ সম্পূৰ্ণ হ'ল। আত্মাৰ সদিচ্ছা নহলে কাম-বোৰ সফল নহয়। অভিশ্ৰুতিৰ  প্ৰগতিশীল চিন্তা চেতনা আছে। সেই চেতনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আছিল। তেওঁ গানটো সম্পূৰ্ণ নোহোৱালৈকে ভাগৰি নাযায়। সংগীত এটা মিউজিকেল হলে ন'হব এটা কলাত্মক গুণৰ অধিকাৰী হ'ব লাগিব। ৰাইজে গীতটো আদৰি ল'ব বুলি আশা কৰিলোঁ।' গীতটোৰ ভিড়িঅ' পৰিচালক সমুজ্বল কাশ্যপে এই গীতটো সকলোৱে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে।অভিশ্ৰুতি বেজবৰুৱাই গীতটোৰ আঁৰৰ কথা কয়। তেওঁ কয় যে  'দে ঢেকি দে' হৈছে এক লোক-ফিউজন সংগীত, য’ত পৰম্পৰাগত অসমীয়া ঢেকিৰ ছন্দ, চাউল জৰা ধ্বনি আৰু স্থানীয় লোকবাদ্যযন্ত্ৰ আধুনিক সংগীতৰ সৈতে সংযোজিত কৰা হৈছে। গীতটোৱে পৰম্পৰা আৰু আধুনিকতাৰ এক নতুন শ্ৰৱণ অভিজ্ঞতা দৰ্শকৰ আগত উপস্থাপন কৰে। গীতটো দিগন্ত ভাৰতীয়ৰ সুৰৰ ৰচনা, পৰাণ বৰকটকীয়ে সংগীত প্ৰযোজনা কৰিছে, আৰু ইবচন লাল বৰুৱাই মিক্সিং আৰু মাষ্টাৰিং কৰিছে।

মিউজিক ভিডিঅ’টো সমুজ্জ্বল কাশ্যপৰ পৰিচালনাত আৰু নগেন বৈশ্যৰ চিত্ৰগ্ৰহণত অসমৰ ঠাকুৰকুচি গাঁৱৰ মনোমোহা পৰিৱেশত চিত্ৰায়িত কৰা হৈছে। ভিডিঅ’টোত বিহুৰ পৰম্পৰাগত সংস্কৃতি আৰু ঢেকিৰ ছন্দ এক সুন্দৰ ভিজুৱেল ৰূপত উপস্থাপন কৰা হৈছে।'এই গীতটোত  থলুৱা বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে।'আৰ জে আলিয়াই আঁতধৰা অনুষ্ঠানত 

ভিডিঅ' টো সন্ধিয়া ৬ বজাত  ইউটিউবত মুকলি কৰা হয়।গী


তটো প্ৰিয়ংকা কাশ্যপে কৰিঅ' গ্ৰাফ কৰিছে। অনুষ্ঠানত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here