গুৱাহাটী প্ৰেছক্লাবত 'অমৃত গীতায়ন” হিন্দী অডিঅ' এলবাম আৰু "অমৃত মঞ্জুৰী' হিন্দী আধ্যাত্মিক গ্রন্থৰ উন্মোচনী অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 20 March 2026

গুৱাহাটী প্ৰেছক্লাবত 'অমৃত গীতায়ন” হিন্দী অডিঅ' এলবাম আৰু "অমৃত মঞ্জুৰী' হিন্দী আধ্যাত্মিক গ্রন্থৰ উন্মোচনী অনুষ্ঠান

 




W7s news


গুৱাহাটী :গুৱাহাটী প্ৰেছক্লাবত শুকুৰবাৰে

"অমৃত গীতায়ন” হিন্দী অডিঅ' এলবাম আৰু "অমৃত মঞ্জুৰী' হিন্দী আধ্যাত্মিক গ্রন্থৰ  উন্মোচনী অনুষ্ঠানৰ আয়োজন বিষয়ে সদৰি কৰে। এই উপলক্ষে গুৱাহাটী প্ৰেছক্লাবত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰি কৰে চি এইছ আশীৰ্বাদে। তেওঁ লগতে কয়-মনুজ্যোতি আশ্ৰমৰ দ্বাৰা আধ্যাত্মিক সজাগতা বৃদ্ধি আৰু 'এটাই ভগৱান, এটাতেই দেশ” বাণী প্ৰচাৰৰ উদ্দেশ্যে ২২ মার্চৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ ছাত্ৰীবাৰীৰ কে চি চৌধুৰী পথৰ শ্ৰী পৰশুৰাম সেৱা সদনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে "অমৃত গীতায়ন' হিন্দী ভজন অডিঅ' এলবাম আৰু "অমৃত মণ্ডাৰী” নামৰ হিন্দী আধ্যাত্মিক গ্রন্থ, যিখন দেবসীৰ ই. ল'ৰীয়ে লিখিছে সেইখন উন্মোচন কৰা হ'ব।  এই গ্রন্থত বেদ আৰু পুৰাণৰ সাৰ সহজ ভাষাত উপস্থাপন কৰা হৈছে যাতে সাধাৰণ মানুহেও সহজে আধ্যাত্মিক জ্ঞান লাভ কৰিব পাৰে।

এই অনুষ্ঠানত দেশৰ বিভিন্ন ৰাজ্যৰ বহু ভক্তই অংশগ্ৰহণ কৰিব, যাৰ ফলত এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় ৰূপ লাভ কৰিব।এই অনুষ্ঠান মনুজ্যোতি আশ্ৰমৰ সভাপতি  ডি. প'ল উপাজ ল'ৰীৰ উপস্থিতি থাকিব। লগতে আন বহু বিশিষ্ট অতিথি আৰু গণ্যমান্য ব্যক্তিও উপস্থিত থাকিব।

এই অনুষ্ঠানত সকলো ধর্ম, শ্ৰেণী আৰু অঞ্চলৰ মানুহক আদৰণি জনোৱা হৈছে আৰু প্রৱেশ সম্পূৰ্ণৰূপে বিনামূলীয়া থাকিব।'

সংবাদমেলত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here