প্ৰথমবাৰলৈ গুৱাহাটীত শিশুৰ বাবে আয়োজন বিশেষ অবষ্টেকল ৰেচ ‘জুনিয়ৰ চাৰ্কিট’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 March 2026

প্ৰথমবাৰলৈ গুৱাহাটীত শিশুৰ বাবে আয়োজন বিশেষ অবষ্টেকল ৰেচ ‘জুনিয়ৰ চাৰ্কিট’


 

২৯ মাৰ্চত কালচাৰ ক্লাব- প্ৰি-স্কুল আৰু হাউচ অফ প্লে'ৰ উদ্যোগত শিশু তথা অভিভাৱকৰ একত্ৰীকৰণেৰে আমোদজনক দুঃসাহসিক অভিযান


W7s news,গুৱাহাটী, ২৫ মাৰ্চ, ২০২৬: শিশুৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ উদ্দেশ্যে মহানগৰীৰ আৰ্য মহাবিদ্যালয়ৰ খেলপথাৰত অহা ২৯ মাৰ্চত অনুষ্ঠিত হ’ব এক ব্যতিক্ৰমী জুনিয়ৰ অবষ্টেকল ৰেচ, ‘জুনিয়ৰ চাৰ্কিট’। উল্লেখ্য যে, শিশু আৰু অভিভাৱকসকলৰ বাবে বিশেষভাৱে ৰূপাঙ্কন কৰা এয়া হৈছে চহৰখনৰ এনেধৰণৰ প্ৰথমটো অভিজ্ঞতাভিত্তিক অনুষ্ঠান।


কালচাৰ ক্লাব- প্ৰি-স্কুলৰ দ্বাৰা আয়োজিত আৰু হাউচ অফ প্লে’ৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৰ লক্ষ্য হৈছে ৩ ৰ পৰা ১৫ বছৰ বয়সৰ শিশুসকলৰ মাজত শাৰীৰিক সক্ৰিয়তা, আত্মবিশ্বাস বৃদ্ধি আৰু পাৰিবাৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰা। গতানুগতিক দৌৰ প্ৰতিযোগিতাতকৈ পৃথক এই অনুষ্ঠানটো কোনো ৰেংকিং বা সময়ৰ সীমা নোহোৱাকৈ এক অ-প্ৰতিযোগিতামূলক প্ৰকৃতিৰে অনুষ্ঠিত হ’ব, য’ত কেৱল অংশগ্ৰহণ তথা দৌৰ সম্পূৰ্ণ কৰাৰ ওপৰতহে বিশেষ গুৰুত্ব দিয়া হ’ব।


প্ৰায় ৯০০ ৰ পৰা ১০০০ মিটাৰ দৈৰ্ঘ্যৰ এই হেঙাৰযুক্ত পথছোৱাত ক্ৰলিং টানেল, বেলেঞ্চ বিম আৰু কাৰ্গো নেটকে ধৰি ১৫ বিধ বিশেষভাৱে নিৰ্মিত প্ৰত্যাহ্বান থাকিব। আনহাতে, অভিভাৱকসকল কেৱল দৰ্শক হৈ নাথাকি তেওঁলোকেো নিজৰ সন্তানৰ সৈতে ভাগ ল’ব পাৰিব এই প্ৰত্যাহ্বান অতিক্ৰম কৰাত। ইয়াৰ জৰিয়তে দুয়ো পক্ষই এক অনন্য শাৰীৰিক অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।


কালচাৰ ক্লাব - প্ৰি-স্কুলৰ প্ৰতিষ্ঠাপক নিখিল মোজিকাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই পদক্ষেপে শ্ৰেণীকোঠাৰ চাৰিবেৰৰ বাহিৰত এক অৰ্থপূৰ্ণ শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিব। তেওঁ লগতে কয়, "আমি বিশ্বাস কৰোঁ যে বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ মাজেৰেহে শিশুৱে আটাইতকৈ সহজকৈ শিকে। ‘জুনিয়ৰ চাৰ্কিট’ৰ জৰিয়তে শিশুসকলে আত্মবিশ্বাস গঢ়ি তোলাৰ লগতে মাক-দেউতাকৰ সৈতে প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাৰ আনন্দ উপভোগ কৰিব পাৰিব।"


উল্লেখ্য যে, চিল্কি আৰু নিখিল মোজিকা নামৰ দম্পত্তিহালে প্ৰতিষ্ঠা কৰা কালচাৰ ক্লাব- প্ৰি-স্কুলে অভিজ্ঞতাভিত্তিক শিক্ষাৰ জৰিয়তে শিশুৰ সৰ্বাংগীণ বিকাশৰ দিশত কাম কৰি আহিছে। উদ্যোক্তাসকলে কয় যে এক পৰিকল্পিত অথচ আমোদজনক পদ্ধতিৰে শিশুসকলক পুনৰ মুকলি খেলপথাৰলৈ উলিয়াই আনি তেওঁলোকৰ মাজত থকা এলেহুৱা জীৱনশৈলীৰ সমস্যাসমূহ দূৰ কৰাই এই অনুষ্ঠানটোৰ লক্ষ্য।


উদ্যোক্তাসকলে লগতে কয় যে এই পথ অতিক্ৰম কৰা প্ৰতিগৰাকী শিশুকে বিশেষ স্বীকৃতি প্ৰদান কৰা হ’ব। কেৱল জয়ী হোৱাতকৈ অংশগ্ৰহণ আৰু নিৰন্তৰ প্ৰচেষ্টাহে যে আচল সফলতা, এই পদক্ষেপৰ জৰিয়তে সেই বাৰ্তাকেই প্ৰদান কৰিব বিচাৰিছে উদ্যোক্তাসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here