W7s news,,গুৱাহাটী, ০২ ফেব্ৰুৱাৰী, ২০২৬: ঘৰতে খেলি থকা অৱস্থাত ভুলবশতঃ কঠিন ধাতুৰ স্ক্ৰু গিলি দিয়া পাঁচ বছৰীয়া শিশুৰ জৰুৰীকালীন অৱস্থাত বায়ুপথেৰে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰে গুৱাহাটীৰ প্ৰতীক্ষা ৰেইনব’ চিল্ড্ৰেনছ হাস্পতালৰ চিকিৎসকে ।
মাষ্টাৰ আৰভ (গোপনীয়তাৰ বাবে নাম সলনি কৰা হৈছে) নামেৰে উল্লেখ কৰা শিশুটিয়ে সৰু সৰু হাৰ্ডৱেৰ বস্তুৰে খেলি থকাৰ সময়তে মুখত এটা স্ক্ৰু লৈ থাকোঁতে অসাৱধানবশতঃ গিলি পেলায় । ইয়াৰ লগে লগে শিশুটিৰ তীব্ৰ কাহ আৰু উশাহ-নিশাহ বন্ধ হৈ পৰাৰ দৰে হয় । পৰিস্থিতিৰ ভয়াৱহতালৈ লক্ষ্য কৰি শিশুটিয়ে তৎক্ষণাত পিতৃ-মাতৃক এই বিষয়ে (নাম সলনি কৰা) অৱগত কৰাত তাৎক্ষণিক চিকিৎসাৰ বাবে শিশুটিক ওচৰৰ স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যোৱা হয় ।
স্বাস্থ্যসেৱা কেন্দ্ৰটোত কৰা বুকুৰ এক্স-ৰে’ত শিশুটিৰ বাওঁ হাওঁফাওঁত ধাতু জাতীয় বস্তু এটা সোমাই থকাটো নিশ্চিত কৰা হয় । স্থানীয় শিশু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পৰিয়ালটোক গুৱাহাটীৰ প্ৰতীক্ষা ৰেইনবো চিলড্ৰেনছ হস্পিটেললৈ প্ৰেৰণ কৰে । মাজনিশাৰ কেইঘণ্টামান পিছতে শিশুটিক লৈ চিকিৎসালয়ত উপস্থিত হয় পিতৃ-মাতৃ, আৰু তেতিয়ালৈকে কাহ আৰু বাওঁ হাওঁফাওঁত বায়ুৰ প্ৰৱেশ কমি গৈছিল ।
শিশুটিক সুস্থিৰ কৰি চিকিৎসালয়ৰ ই এন টি দলে জৰুৰীকালীন ৰিজিড ব্ৰংকোস্কপিৰ বাবে লৈ যায় । এই প্ৰক্ৰিয়াৰ সময়ত বাওঁফালৰ মূল ব্ৰংকাছত স্ক্ৰুটো স্পষ্টকৈ দেখা গৈছিল আৰু অপটিকেল ফৰ্চেপ ব্যৱহাৰ কৰি সাৱধানে উলিয়াই অনা হৈছিল । ধাতুবিধক সফলতাৰে উলিওৱাৰ পিছত শিশুটিৰ হাওঁফাওঁৰ বায়ু চলাচল তৎক্ষণাত উন্নতি হোৱা দেখা গৈছিল । সমগ্ৰ প্ৰক্ৰিয়াৰ পিছত শিশুটি সুস্থ হৈ উঠাত আৰু পৰ্যবেক্ষণৰ পিছত তেওঁক ডিচচাৰ্জ দিয়া হয়।
এই ঘটনা সন্দৰ্ভত মন্তব্য কৰি গুৱাহাটীৰ প্ৰতীক্ষা ৰেইনবো চিলড্ৰেনছ হস্পিটেলৰ পৰামৰ্শদাতা ই এন টি ছাৰ্জন ডাঃ বিশ্বজিৎ গগৈয়ে কয়, “শিশুৰ বায়ুপথৰ জৰুৰীকালীন অৱস্থাত উচ্চ পৰ্যায়ৰ প্ৰস্তুতি, নিখুঁত, আৰু দলীয় সহযোগিতাৰ প্ৰয়োজন হয় । এইক্ষেত্ৰত প্ৰতিটো মিনিট গুৰুত্বপূৰ্ণ, আৰু ফলাফল নিৰ্ভৰ কৰে আগতীয়াকৈ ৰোগ নিৰ্ণয়, সময়মতে ৰেফাৰেল, আৰু সঠিক আন্তঃগাঁথনি থকা প্ৰশিক্ষিত ই এন টি বিশেষজ্ঞৰ উপলব্ধতাৰ ওপৰত । ৰেইনবোত আমি এনে ব্যৱস্থা নিৰ্মাণত গুৰুত্ব দিওঁ যিয়ে যিকোনো সময়ত এনে জৰুৰীকালীন অৱস্থাৰ প্ৰতি ফলপ্ৰসূভাৱে সঁহাৰি দিব পাৰে ।”
নিজৰ অভিজ্ঞতাৰ বিষয়ে বিৱৰি শিশুটিৰ পিতৃ শ্ৰীযুত শৰ্মাই (নাম সলনি কৰা হৈছে) কয়, “পিতৃ-মাতৃ হিচাপে আমাৰ বাবে এই পৰিস্থিতি ভয়ংকৰ আছিল, কিন্তু প্ৰতীক্ষা ৰেইনবো চিলড্ৰেনছ হস্পিটেলৰ চিকিৎসক আৰু নাৰ্চিং দলে ইয়াক অতি শান্ত আৰু পেছাদাৰীভাৱে নিয়ন্ত্ৰণ কৰিলে । সমগ্ৰ পদ্ধতিটোৰ বিষয়ে দলটোৱে আমাৰ আগত দাঙি ধৰা বিৱৰণ আৰু সময়মতে প্ৰদান কৰা যত্নই আমাক অপৰিসীম আশ্বাস দিলে । আমাৰ সন্তানে লাভ কৰা সহায় আৰু চিকিৎসাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ’ম ।”
গুৱাহাটীৰ প্ৰতীক্ষা ৰেইনবো চিলড্ৰেনছ হস্পিটেলে উন্নত এণ্ড’স্কপিক আন্তঃগাঁথনি আৰু শিশুৰ জটিল বায়ুপথৰ জৰুৰীকালীন অৱস্থা পৰিচালনাৰ অভিজ্ঞতা থকা বহুবিষয়ক ক্লিনিকেল দলৰ সহায়ত বিস্তৃত শিশু ই এন টি সেৱা আগবঢ়ায় । উত্তৰ-পূব অঞ্চলৰ ক্ৰমবৰ্ধমান শিশু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চিকিৎসালয়খনে ই এন টি সামৰ্থ্য শক্তিশালী কৰি ৰাখিছে।
চিকিৎসালয়খনৰ চিকিৎসকসকলেও অভিভাৱকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সৰু ল’ৰা-ছোৱালীৰ ওপৰত চোকা দৃষ্টি লয় ৰাখিবলৈ আহ্বান জনায় । বিশেষকৈ গিলি দিয়াৰ আশংকা থকা স্ক্ৰু, বাদাম, মুদ্ৰা, বেটাৰী, খেলনাৰ অংশ আদি সৰু সৰু বস্তুৰ আশে-পাশে থাকিলে ।
ৰোগীৰ পৰিচয় সুৰক্ষিত কৰিবলৈ নাম সলনি কৰা হৈছে ।

No comments:
Post a Comment