শতাধীক ৰাজমিস্ত্ৰীৰ অংশগ্ৰহণ
W7s news,,গুৱাহাটী, ৬ ফেব্ৰুৱাৰী।অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহক ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ফলস্বৰূপে নিৰ্মাণৰ সময়ত সৰু সৰু গাফিলতিও মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। এই কথা মনত ৰাখি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড গেলেক্সী চিমেণ্টে ৰাজমিস্ত্ৰী সকলৰ বাবে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই গুৰুত্বপূৰ্ণ সজাগতা কাৰ্যসূচীৰ সফলতা প্ৰদৰ্শন কৰি ১০০ জনৰো অধিক ৰাজমিস্ত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে শ্ৰী নিপু হালৈ, মহাপ্ৰবন্ধক (বিক্ৰয় আৰু বিপণন), সুভাষ দাস (ব্ৰেণ্ডিং মেনেজাৰ), চৈয়দ আছিক আহমেদ (ক্ষেত্ৰীয় বিপনন পৰিচালক), আৰু আব্দুল মালিক (কাৰিকৰী অভিযন্তাকে) ধৰি বিশেষ ব্যক্তি সকলে উপস্থিত হৈ ৰাজমিস্ত্ৰীসকলক প্ৰশিক্ষন প্ৰদান কৰে। বাক্সা জিলাৰ মহৰিপাৰাৰ গেলেক্সী চিমেণ্টৰ মহাবিতৰক এছ. বি. গ্লাছ এণ্ড হাৰ্ডৱেৰ প্ৰাঙ্গণত অনুষ্ঠিত এই সভাত ৰাজমিস্ত্ৰীসকলক নিৰ্মাণৰ সূক্ষ্মতা সম্পৰ্কে অৱগত কৰা হয়। লগতে সকলোকে গুণগত নিৰ্মাণ পদ্ধতিৰ প্ৰসাৰৰ বাবে অনুপ্ৰাণিত কৰা হয়। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল গুণগত নিৰ্মাণৰ ওপৰত বিশ্বাস শক্তিশালী কৰা আৰু ৰাজমিস্ত্ৰী সকলৰ অৱদানক স্বীকৃতি দিয়া। গেলেক্সী চিমেণ্টে ইয়াৰ দ্বাৰা আয়োজিত এই সজাগতা কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সকলো অংশগ্ৰহণকাৰী, প্ৰতিনিধি আৰু অংশীদাৰক কৃতজ্ঞতা প্ৰকাশ কৰে। কোম্পানী পৰিচালনা সমিতিয়ে আশ্বাস দিয়ে যে গেলেক্সী চিমেণ্টে ৰাজমিস্ত্ৰীসকলক সহায় কৰিবলৈ আৰু বহনক্ষম নিৰ্মাণ পদ্ধতিক প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বহু গ্ৰাহকেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰে। এই সময়ত ৰাজমিস্ত্ৰীসকলক আকৰ্ষণীয় উপহাৰ প্ৰদান কৰি ৰাজ্যৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত কৰা হয়।

No comments:
Post a Comment