W7s news,,গুৱাহাটীঃ 22 ফেব্ৰুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ব্যৱসায়ী প্ৰতিষ্ঠান 'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা সহযোগ প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্বচ্ছ ভাৰত অভিযান গতি দিয়া উদেশ্য 'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা ২০ টা ডাষ্টবিন প্ৰদান কৰা হয়। গেলেক্সি চিমেন্টৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক মহা প্ৰবন্ধক নিপু হালৈ, নগাঁও জিলাৰ উপ প্ৰবন্ধক সমীৰণ ডেকা, অভিজিৎ পাঠক, সঞ্জীৱ বৰুৱা, সঞ্জীৱ ৰয়, বিট্টু সেনকে আদি কৰি কৰ্মকৰ্তা সকল বটদ্ৰৱা থানত উপস্থিত হৈ থান চৌহদক সুন্দৰ কৰাৰ প্ৰচেষ্টাৰে তথা থান চৌহদৰ স্বচ্চতাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী আৰু কাৰিকৰী সভাপতি গোবিন দাসকে আদি কৰি সদস্য সকলৰ উপস্থিতিত ২০ টা ডাষ্টবিন প্ৰদান কৰা হয়। ইফালে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে গেলেক্সি চিমেন্ট'ৰ কৰ্মকৰ্তা সকলক গামোছাৰে আদৰণি জনাই।
Post Top Ad
Responsive Ads Here
Saturday, 21 February 2026
বটদ্ৰৱা থানক 'গেলেক্সি চিমেন্ট'ৰ তৰফৰ পৰা সহযোগ
Tags
# - অসম
# - ব্যৱসায়-বাণিজ্য
Share This
About W7S News
- ব্যৱসায়-বাণিজ্য
Labels:
- অসম,
- ব্যৱসায়-বাণিজ্য
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.

No comments:
Post a Comment