গুৱাহাটীত বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 21 February 2026

গুৱাহাটীত বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত


 

W7s news,,গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ বধিৰ শিশু তথা তেওঁলোকৰ পৰিয়ালসমূহক সবল কৰাৰ নতুন পথৰ সন্ধানত শেহতীয়াকৈ গুৱাহাটীত এক বিশেষ সন্মিলনৰ আয়োজন কৰে বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনে। এই সন্মিলনত সমাজৰ বিভিন্ন স্তৰৰ অংশীদাৰসকলে একত্ৰিত হৈ এক শক্তিশালী আলোচনা প্ৰক্ৰিয়াত অংশ লয়। “লিমিটলেছ হৰাইজনছঃ হোলিষ্টিক পাথৱেজ টু ৰেচিলিয়েণ্ট ফিউচাৰ্ছ ফৰ ডেফ চিলড্ৰেন এণ্ড দেয়াৰ ফেমিলিজ” শীৰ্ষক এই অনুষ্ঠানটোত এক অন্তৰ্ভুক্তিমূলক উজ্জ্বল ভৱিষ্যত গঢ়াৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।


উল্লেখ্য যে, নৱজাতকৰ প্ৰাৰম্ভিক পৰীক্ষা, শৈক্ষিক সহযোগিতা আৰু বৃত্তিগত দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এই ফাউণ্ডেচনে আগবঢ়োৱা অৱদানে সমগ্ৰ দেশৰে শ্ৰৱণ শক্তিহীন যুৱক-যুৱতীৰ জীৱনলৈ প্ৰকৃত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই সন্মিলনৰ মজিয়াত সংগবদ্ধ সহায় ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ লগতে অভিভাৱকৰ বলিষ্ঠ নেতৃত্ব আৰু বধিৰ যুৱ প্ৰজন্মৰ সামগ্ৰিক সৱলীকৰণৰ দিশসমূহ গভীৰভাৱে আলোচিত হয়।


অনুষ্ঠানটোৰ আন এক গুৰুত্বপূৰ্ণ আকৰ্ষণ আছিল নৱজাতকৰ শ্ৰৱণ শক্তি পৰীক্ষা, অভিভাৱকৰ নেটৱৰ্ক গঢ়া আৰু বধিৰ যুৱক-যুৱতীৰ উচ্চ শিক্ষা তথা সংস্থাপনৰ পথ মুকলি কৰা।


এই উপলক্ষে বাণী ডেফ চিলড্ৰেন ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালিকা সুমেধা বিজয়লক্ষ্মী জোগলেকাৰে কয়, “যেতিয়া বধিৰ শিশুসকলে ভাষা, শিক্ষা আৰু সমাজত নিজৰ অধিকাৰ সম্পূৰ্ণৰূপে সাব্যস্ত কৰাৰ সুযোগ পায়, তেতিয়া তেওঁলোকে কেৱল সফলতাই নহয়, বৰঞ্চ সমাজক নেতৃত্বও দিয়ে।”


তেওঁ লগতে কয়, “বধিৰ সমাজৰ মাজৰ পৰা সামাজিক বিচ্ছিন্নতা আৰু নিবনুৱা সমস্যা দূৰ কৰিবলৈ আমি লোৱা সংকল্প সঁচাকৈয়ে প্ৰেৰণাদায়ক। এই দিশত আজিৰ এই সন্মিলন এক বিশেষ পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰকৃততে এই আয়োজন আছিল অংশগ্ৰহণকাৰীসকলৰ বাবে এক বিশেষ আহ্বান, যাতে সকলোৱে জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময় কৰি এক দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে। আমাৰ একমাত্ৰ লক্ষ্য হৈছে সকলোৰে বাবে এখন অন্তৰ্ভুক্তিমূলক সমাজ গঢ়ি তোলা।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here