ৰুজী মুদৈলৈ NEZCC ৰ ২০২৫-২৬ বৰ্ষৰ 'য়ং টেলেন্ট আৰ্টিষ্ট' বঁটা* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 30 January 2026

ৰুজী মুদৈলৈ NEZCC ৰ ২০২৫-২৬ বৰ্ষৰ 'য়ং টেলেন্ট আৰ্টিষ্ট' বঁটা*


 *

W7s news,, উদীয়মান মূকাভিনয় শিল্পী ৰুজী মুদৈয়ে লাভ কৰিছে  ২০২৫-২৬ বৰ্ষৰ 'নৰ্থ-ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা। ৰুজীয়ে  মূকাভিনয়ৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা লাভ কৰিছে। যোৱা ১০ জানুৱাৰীত "শিল্পগ্ৰাম মহোৎসৱ ২০২৬"ৰ মুখ্য অতিথি তথা মণিপুৰ আৰু নাগালেণ্ডৰ সন্মানীয় ৰাজ্যপাল  অজয় কুমাৰ ভল্লাদেৱে এই বঁটা প্ৰদান কৰে।  শিল্পগ্ৰামত আয়োজন কৰা এই বঁটা বিতৰণী সভাৰ অনুষ্ঠানত উপস্থিত থাকে NEZCC ৰ সন্মানীয় পৰিচালক ড° প্ৰসন্ন গগৈ তথা অৱসপ্ৰাপ্ত আই.এ.এছ বিষয়া স্বপ্ননীল বৰুৱা। ২০১৬ চনতেই মূকাভিনয় বিষয়ত 'ইয়ং টেলেন্ত আৰ্টিষ্ট' বঁটা লাভ কৰা প্ৰাক্তন বঁটা প্ৰাপক তথা অগ্ৰগামী সাংস্কৃতিক অনুষ্ঠান থাৰ্ড থিয়েটাৰৰ প্ৰতিষ্ঠাপক বিজিত কুমাৰ দাসৰ তত্বাবধানত ২০২০-২১ বৰ্ষৰ "Under The Scheme of Award of Scholarship to Young Artists in different cultural fields" ৰ মূকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি পাবলৈও সক্ষম হৈছিল ৰুজী মুদৈয়ে। লগতে মূকাভিনয় আৰু অভিনয়ৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁ।    জাগীৰোড কলেজৰ পৰা অভিনয় বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰত নাটকৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ৰুজী মুদৈ বৰ্তমান আকাশবাণী গুৱাহাটীত ঘোষিকা হিচাপে কৰ্মৰত। বিগত প্ৰায় ৯ বছৰ ধৰি তেওঁ মূকাভিনয়ৰ লগত জৰিত হৈ আছে।

             তেওঁ গুৱাহাটীৰ ফটাশিল আমবাৰী মানপাৰাৰ বাসিন্দা তথা স্বৰ্গীয় যাদৱ চন্দ্ৰ মুদৈ আৰু লক্ষী মুদৈৰ দ্বিতীয় কন্যা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here