W7s news,,গুৱাহাটী, ৩০ জানুৱাৰী। মাচখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত অনুষ্ঠিত হয় হেৰিটেজ পাব্লিক স্কুল, গতানগৰৰ বাৰ্ষিক দিৱস হাৰমনি ২০২৬। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ সভাপতি শ্যাম সুন্দৰ শৰ্মা, ট্ৰাষ্টী হেমলতা শৰ্মা, অধ্যক্ষ দেৱ কুমাৰ শইকীয়া, অধ্যক্ষ অৰ্পিতা ভট্ট ঠাকুৰীয়া লগতে অতিথিসকলৰ ভিতৰত সৰলা-বীৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত হাল্ডাৰ, ফেকাল্টী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰা, শই বিকাশৰ বিদ্যানিকেতনৰ সঞ্চালক ড° শ্ৰীনিবাস ৰেড্ডী, এম পি একাডেমীৰ সঞ্চালক শ্বাহিদ আনছাৰী আৰু অধ্যক্ষ শ্ৰীমতী সুলিপি হাল্ডাৰ উপস্থিত থাকে। গীতৰ জৰিয়তে কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
এই সময়ত সভাপতি শ্যাম সুন্দৰ শৰ্মাই আদৰণি ভাষণত বিদ্যালয়খনৰ শিশুসকলৰ সৰ্বাংগীন উন্নয়নক লৈ আনন্দ প্ৰকাশ কৰাৰ লগতে শিক্ষক আৰু অভিভাৱকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ মাজতে বিদ্যালয়খনৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষয়িত্ৰীয়েও অভিভাৱকসকলক বিদ্যালয়খনৰ উন্নতি বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হয়, য’ত বিদ্যালয়ৰ শিশুসকলে তেওঁলোকৰ গীত-নৃত্যৰে উপস্থিত ৰাইজক মোহিত কৰে। এই সময়ত শিশুসকলে তেওঁলোকৰ লুকাই থকা প্ৰতিভাৰ এক অতুলনীয় উপস্থাপন আগবঢ়ায়, যিটো সকলোৱে শলাগ লয়। অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা সকলো শিশু আৰু তেওঁলোকৰ অভিভাৱকলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

No comments:
Post a Comment