অসমৰ দুগ্ধ খণ্ডত পূৰবী ডেইৰীৰ দ্ৰুত সম্প্ৰসাৰণ; মাঘ বিহুৰ আনন্দৰ মাজতে সফল বৰ্ষ উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 12 January 2026

অসমৰ দুগ্ধ খণ্ডত পূৰবী ডেইৰীৰ দ্ৰুত সম্প্ৰসাৰণ; মাঘ বিহুৰ আনন্দৰ মাজতে সফল বৰ্ষ উদযাপন


 

W7s news,,গুৱাহাটী, ১২ জানুৱাৰী, ২০২৬: প্ৰতিটো অসমীয়া পৰিয়ালৰ পদূলিলৈ সুখ আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই অনা মাঘ বিহুৰ এই জীপাল ক্ষণতে অসমৰ দুগ্ধ খণ্ডত এক নব্য জোৱাৰৰ সূচনা কৰিছে পূৰবী ডেইৰীয়ে। উত্তৰ-পূব ভাৰতৰ বৃহত্তম দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত নিজৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰত প্ৰাক-মাঘ বিহু উদযাপন কৰে। এই বিশেষ অনুষ্ঠানে শক্তিশালী বিকাশ, অধিক সংখ্যক দুগ্ধ পালকৰ অংশগ্ৰহণ আৰু সমগ্ৰ অসমৰ দুগ্ধ খণ্ডত নিজৰ পৰিসৰ বৃদ্ধিৰ এক সফল বছৰক চিহ্নিত কৰে।


অসমৰ দুগ্ধ উদ্যোগত এক শক্তিশালী ভেটি নিৰ্মাণ কৰি পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ বিষয়াসকলে সংবাদ মাধ্যমৰ আগত আলোকপাত কৰে যে বিগত এটা বছৰত পূৰবী ডেইৰীয়ে নিজৰ স্থিতি অধিক সৱল কৰি তুলিছে। অনুষ্ঠানৰ মাজতে তেওঁলোকে উল্লেখ কৰে যে এই সময়ছোৱাত গাখীৰ উৎপাদন আৰু সংগ্ৰহৰ ক্ষেত্ৰত এক অভূতপূৰ্ব বৃদ্ধি পঞ্জীয়ন কৰাৰ লগতে সমবায় নেটৱৰ্কৰো নিৰন্তৰ সম্প্ৰসাৰণ ঘটিছে।


এই বৰ্ষত পূৰবীৰ ছত্ৰছায়াত দুগ্ধ সমবায় সমিতি (ডি চি এছ)ৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে উজনি অসমতো সমবায় দুগ্ধ ব্যৱস্থা যথেষ্ট শক্তিশালী হৈছে। ইয়াৰ জৰিয়তে অধিক সংখ্যক দুগ্ধ পালকক সংগঠিত দুগ্ধ খণ্ডৰ আওতালৈ অনাৰ লগতে তৃণমূল পৰ্যায়ত এক সুস্থিৰ উপাৰ্জনৰ সুযোগ নিশ্চিত কৰিছে প্ৰতিষ্ঠানটোৱে।


কৃষকৰ সৰ্বাংগীণ উন্নয়নক অগ্ৰাধিকাৰ দি ৱামুলৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পাৰিদাই কয়, “পূৰবী ডেইৰীৰ লক্ষ্য সদায় কৃষক-কেন্দ্ৰিক বিকাশ। দুগ্ধ সংগ্ৰহ ব্যৱস্থা অধিক শক্তিশালী কৰি, আমাৰ সমবায় ভেটি সম্প্ৰসাৰিত কৰি আৰু বজাৰৰ সুবিধা উন্নত কৰি আমি এয়া নিশ্চিত কৰিছোঁ যাতে দুগ্ধ পালন অসমৰ হাজাৰ হাজাৰ গ্ৰাম্য পৰিয়ালৰ বাবে এক নিৰ্ভৰযোগ্য আৰু বহনক্ষম জীৱিকা হৈ পৰে।”


গ্ৰাহকৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষত পূৰবী ডেইৰীয়ে পৰম্পৰাগত ভাৰতীয় মিষ্টান্ন মুকলি কৰে। লক্ষ্যণীয়ভাৱে, এই নতুন সামগ্ৰীসমূহে গ্ৰাহকৰ পৰা যথেষ্ট উৎসাহজনক সঁহাৰিও লাভ কৰিবলৈ সক্ষম হয়। একেদৰে, সোৱাদযুক্ত গাখীৰ আৰু আইচক্ৰীমৰ দৰে সামগ্ৰীৰ চাহিদা বজাৰত অটুট থাকে এই বছৰ। আনহাতে, ইউ এইচ টি গাখীৰৰ দৰে দীৰ্ঘদিন সতেজ হৈ থকা সামগ্ৰীয়ে পূৰবীক নতুন তথা দুৰৱৰ্তী বজাৰত প্ৰৱেশত সহায় কৰে।


বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ ফলত পূৰবীৰ সামগ্ৰী এতিয়া বহু নতুন ভৌগোলিক অঞ্চলত উপলব্ধ হৈছে। ইয়াৰ জৰিয়তে বজাৰত সামগ্ৰীৰ যোগান অব্যাহত থকাৰ লগতে গ্ৰাহকৰ বাবেও ই সহজলভ্য হৈ পৰিছে। বিশেষকৈ গুৱাহাটীত অসম ৰাজ্যিক পৰিবহণ নিগম (এ এছ টি ছি) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ সৈতে হোৱা বুজাবুজিৰ অধীনত কেইবাটাও নতুন পূৰবী মিল্ক বুথ মুকলি কৰা হৈছে। এই পদক্ষেপে একেবাৰে অন্তিম সীমাৰ গ্ৰাহকলৈ সেৱা আগবঢ়োৱাৰ লগতে স্থানীয় উদ্যমিতাক সৱল কৰাত সহায় কৰিছে।


গ্ৰাহকৰ ওচৰলৈ যোৱাৰ পৰিসৰ বৃদ্ধি হ’লেও গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাই পূৰবীৰ মূল লক্ষ্য বুলি বিষয়াসকলে পুনৰ দোহাৰে। নিৰন্তৰ দক্ষতা বৃদ্ধি, নিশ্চিত গাখীৰ সংগ্ৰহ, সময়মতে ধন আদায় আৰু কাৰিকৰী সহায়ৰ দৰে পদক্ষেপসমূহে কৃষকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰিছে। এই ব্যৱস্থাই তৃণমূল পৰ্যায়ত দুগ্ধ পালকসকলৰ আয়ৰ সুস্থিৰতা নিশ্চিত কৰিবলৈ সক্ষম হৈছে।


অনাগত সময়ৰ বাবে পূৰবী ডেইৰীয়ে আন্তঃগাঁথনি সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়ৰ প্ৰস্তুতি চলাইছে। ইয়াৰ অংশ হিচাপে শিলচৰ, যোৰহাট আৰু ডিব্ৰুগড়ত নতুন দুগ্ধ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এই পদক্ষেপে স্থানীয় গাখীৰ সংগ্ৰহ বৃদ্ধি কৰাৰ লগতে পৰিবহণ খৰচ হ্ৰাস কৰাত সহায় কৰিব। লগতে ই বৰাক উপত্যকা আৰু উজনি অসমত অঞ্চলভিত্তিক দুগ্ধ খণ্ডৰ বিকাশত বিশেষ অৰিহণা যোগাব।


সোমবাৰে অনুষ্ঠিত হোৱা প্ৰাক-মাঘ বিহুৰ উদযাপনত পূৰবী ডেইৰীৰ সামগ্ৰীৰে প্ৰস্তুত কৰা পৰম্পৰাগত অসমীয়া খাদ্য আৰু সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। এই অনুষ্ঠানে ঋতুৰ শস্য চপোৱাৰ আনন্দক প্ৰতিফলিত কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এক স্বচ্ছ তথা কৃষক-কেন্দ্ৰিক আৰ্হিৰ জৰিয়তে গ্ৰাম্য উৎপাদকক নগৰীয়া গ্ৰাহকৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত সমবায়টোৱে পালন কৰা ধাৰাবাহিক ভূমিকাৰ সকলোৱে শলাগ লয়।


প্ৰণিধানযোগ্য যে, মাঘ বিহুৱে শস্য চপোৱাৰ বাবে কৃতজ্ঞতা আৰু সমৃদ্ধিৰ আশা কঢ়িয়াই আনে। এই পবিত্ৰ ক্ষণতে পূৰবী ডেইৰীয়ে অসমত এক শক্তিশালী তথা স্বাৱলম্বী দুগ্ধ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দৃঢ় কৰিছে। ইয়াৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাৰ লগতে গ্ৰাম্য জীৱিকা শক্তিশালী হৈছে আৰু সমগ্ৰ ৰাজ্যৰ ঘৰুৱা গ্ৰাহকসকলে উন্নত মানৰ পুষ্টি লাভ কৰিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here