তৃতীয় নিৰি৯ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণিঃ চলচ্চিত্ৰৰ এক মনোৰম যাত্ৰাৰ সমাপ্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 12 January 2026

তৃতীয় নিৰি৯ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণিঃ চলচ্চিত্ৰৰ এক মনোৰম যাত্ৰাৰ সমাপ্তি


 





- অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবি ‘জুইফুল’লৈ আটাইতকৈ সন্মানজনক ড০ জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা; ‘ডাহিনী- দ্য উইচ’ৰ বাবে ৰাজেশ ট’ছৰিভাৰলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান


- সৰ্বভাৰতীয় দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ বাবে নিৰি৯-ৰ প্ৰচেষ্টাক হায়দৰাবাদৰ চলচ্চিত্ৰ মহলৰ প্ৰশংসা আৰু ভৱিষ্যতৰ সহযোগিতাৰ আশ্বাস প্ৰদান


W7s news,,হায়দৰাবাদ, ১১ জানুৱাৰী, ২০২৬: চিনেমাৰ উৎকৰ্ষতা, সৃষ্টিশীল বিনিময় আৰু সাংস্কৃতিক উদযাপনৰ দুটা স্মৰণীয় দিনৰ অন্তত আজি সফল সামৰণি পৰিল নিৰি৯ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ তৃতীয় সংস্কৰণৰ। প্ৰসাদ ফিল্ম লেবছ আৰু ৰাজভৱন সংস্কৃতি প্ৰেক্ষাগৃহত আয়োজিত এই মহোৎসৱ সমগ্ৰ ভাৰত তথা বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, উদ্যোগৰ জ্যেষ্ঠ ব্যক্তি আৰু চলচ্চিত্ৰ প্ৰেমীসকলক একত্ৰিত কৰা এক সজীৱ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰে।


এই দুদিনীয়া মহোৎসৱত পূৰ্ণদৈৰ্ঘ্য ছবি, চুটি ছবি, অতি চুটি ছবি আৰু তথ্যচিত্ৰৰ এক আকৰ্ষণীয় পৰিসৰ প্ৰদৰ্শন কৰা হয়, যিয়ে বিভিন্ন কণ্ঠস্বৰ, বিষয়বস্তু আৰু চলচ্চিত্ৰ শৈলীক প্ৰতিফলিত কৰে। সামাজিকভাৱে শক্তিশালী কাহিনীৰ পৰা আৰম্ভ কৰি পৰীক্ষামূলক উপস্থাপন আৰু বিশ্বজুৰি সমাদৃত চিনেমালৈকে, এই সুনিপুণ সংগ্ৰহসমূহে দৰ্শকক গভীৰভাৱে আকৰ্ষিত কৰাৰ লগতে অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰে।


এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপালৰ বিশেষ মুখ্য সচিব এম দানা কিশোৰ (আইএএছ)। বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে তেলংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালিকা চি প্ৰিয়ংকাই। সামৰণি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে অভিনেতা তথা পৰিচালক অশোক কুমাৰ; এছভিএফএফএ-ৰ অধ্যক্ষ অজিত সুৰভি আৰু অন্য বিশিষ্ট ব্যক্তিসকলে।


মহোৎসৱৰ অন্যতম বৌদ্ধিক আকৰ্ষণ হিচাপে পৰিগণিত হয় দ্বিতীয় দিনা অনুষ্ঠিত হোৱা পেনেল আলোচনা, য’ত সীমা বিশ্বাস, কাৰ্লিটা মৌহিনী, মনোজ নন্দৱানা, যদুমণি দত্ত, ড০ পদ্মিনী নাগুলাপল্লী, সতীশ, ৱাই ৰবি শংকৰ আৰু মহোৎসৱৰ সঞ্চালক ড০ জুনমণি দেৱী খাউণ্ডৰ দৰে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এই সমাৱেশখন পৰিচালনা কৰে সুনীতা কৃষ্ণনে। এই আলোচনাত সামাজিক পৰিবৰ্তনৰ আহিলা হিচাপে চিনেমা, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণ, প্ৰতিনিধিত্ব আৰু ডিজিটেল যুগত কাহিনী কোৱাৰ ক্ৰমবৰ্ধমান পৰিৱেশৰ ওপৰত অন্তৰ্দৃষ্টিপূৰ্ণ বাৰ্তালাপ চলে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় আৰু বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাণ, সহ-প্ৰযোজনা আৰু বিতৰণৰ দৰে বিষয়সমূহৰ ওপৰতো ইয়াতে বিশদভাৱে আলোচনা কৰা হয়।


চলচ্চিত্ৰ মহোৎসৱৰ বিভাগ অনুযায়ী বিজয়ীসকলৰ তালিকা তলত দিয়া হ’লঃ


পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ-


শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিঃ জুইফুল


দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিঃ ঘৰ


তৃতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিঃ ডাহিনী- দ্য উইচ


জুৰীৰ বিশেষ বঁটাঃ কুঁহিপাঠ


শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): বিষ্ণু খাৰঘৰীয়া (আকাশ হেনো নদীৰ নাম)


শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা): আকাংক্ষা যাদৱ (ঘৰ)


শ্ৰেষ্ঠ শিশু শিল্পীঃ নিহাৰ কাশ্যপ, ছানিদুল ইছলাম, মানিক আলী (কুঁহিপাঠ)


শ্ৰেষ্ঠ পৰিচালকঃ ৰাজেশ ট’ছৰিভাৰ (ডাহিনী- দ্য উইচ)


শ্ৰেষ্ঠ চিত্ৰগ্ৰহণঃ নৌচাদ চেৰিফ (ডাহিনী- দ্য উইচ)


শ্ৰেষ্ঠ সম্পাদনাঃ কে শশী কুমাৰ (ডাহিনী- দ্য উইচ)


শ্ৰেষ্ঠ সংগীত পৰিচালকঃ সৌৰভ মহন্ত (আকাশ হেনো নদীৰ নাম)


শ্ৰেষ্ঠ কনচেপ্টঃ ৰিতুল ফুকন (লাইফ বিহাইণ্ড দ্য লাইফ-ৰ লেখক)


শ্ৰেষ্ঠ কলা নিৰ্দেশনাঃ জ্যোশ্বিকা তনভী কাশ্যপ (ঢঙুলৈ) 


শ্ৰেষ্ঠ চিত্ৰনাট্যঃ কংকণ বৰা (ঘৰ)


শ্ৰেষ্ঠ মেক-আপঃ এন জি ৰোশন (ডাহিনী- দ্য উইচ)


শ্ৰেষ্ঠ শব্দ বিন্যাসঃ দেৱজিৎ গায়ন (প্ৰস্তাৱনা)


শ্ৰেষ্ঠ সাজ-সজ্জাঃ নন্দিনী শৰ্মা দত্ত (জুইফুল)


চুটি ছবি-


শ্ৰেষ্ঠ চুটি ছবিঃ কেৰেক্টাৰ


দ্বিতীয় শ্ৰেষ্ঠ চুটি ছবিঃ অৱশেষত


তৃতীয় শ্ৰেষ্ঠ চুটি ছবিঃ মানিথা শুভম


জুৰীৰ বিশেষ বঁটাঃ চুৰি


শ্ৰেষ্ঠ পৰিচালকঃ হিমজ্যোতি তালুকদাৰ (ইলিচ)


শ্ৰেষ্ঠ অভিনেতা (পুৰুষ): ছানী কাৱালে (চুৰি)


শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা): সীমা বৰুৱা (অৱশেষত)


শ্ৰেষ্ঠ সম্পাদনাঃ উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য (ইলিচ)


শ্ৰেষ্ঠ শিশু অভিনেতাঃ কৰ্ষিতা শুভাংগী কাশ্যপ (অৱশেষত)


অতি চুটি ছবি-


শ্ৰেষ্ঠ অতি চুটি ছবিঃ ডেট আগলি গ্ৰীণ প্লেনেট


দ্বিতীয় শ্ৰেষ্ঠ অতি চুটি ছবিঃ শেষ চিঠি


তৃতীয় শ্ৰেষ্ঠ অতি চুটি ছবিঃ অমনিপ্ৰেজেণ্ট


তথ্যচিত্ৰ-


শ্ৰেষ্ঠ তথ্যচিত্ৰঃ গোল্ডেন থ্ৰেড


দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰঃ দ্য এলিফেণ্ট হেভেন


তৃতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰঃ পাপা- ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট


শ্ৰেষ্ঠ অভিনেতা (জনপ্ৰিয়): সমিত চৌধুৰী (ড° নিশান্ত)


উল্লেখ্য যে, সামৰণি অনুষ্ঠানৰ এক অন্যতম আকৰ্ষণ হিচাপে জুইফুল-এ লাভ কৰে ড০ জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা।


মহোৎসৱৰ সফল সামৰণিৰ সন্দৰ্ভত সকলো অংশগ্ৰহণকাৰী, জুৰী সদস্য, গণ্য-মান্য ব্যক্তি, অংশীদাৰ, স্বেচ্ছাসেৱক আৰু দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে সঞ্চালিকা ড০ জুনমণি দেৱী খাউণ্ডে। তেওঁ কয়, "নিৰি৯ নিৰ্ভীক কাহিনী কথন আৰু অৰ্থপূৰ্ণ চিনেমাৰ পক্ষত থিয় দিয়ে। এই দুটা দিনে আমাৰ বিশ্বাসক পুনৰ দৃঢ় কৰিছে যে চিনেমাৰ জৰিয়তে সংস্কৃতিসমূহক সংযোগ কৰিব পৰা যায়, দৃষ্টিভংগীক প্ৰত্যাহ্বান জনাব পাৰি আৰু স্থায়ী প্ৰভাৱ সৃষ্টি কৰিব পাৰি। এই যাত্ৰা সম্ভৱ কৰি তোলা প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত মই গভীৰভাৱে কৃতজ্ঞ।"


গুৱাহাটীৰ নিৰি মিডিয়া (অ’পিচি) প্ৰাইভেট লিমিটেডৰ অধীনস্থ অ’টিটি প্লেটফৰ্ম নিৰি৯-ৰ এক বিশেষ পদক্ষেপ নিৰি৯ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱে স্বতন্ত্ৰ আৰু সামাজিকভাৱে সচেতন চিনেমাৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক মঞ্চ হিচাপে নিজৰ স্থিতি শক্তিশালী কৰি আহিছে। অন্তৰ্ভুক্তিমূলকতা, আঞ্চলিক কণ্ঠস্বৰ আৰু বৈশ্বিক কাহিনীৰ প্ৰতি থকা দায়বদ্ধতাৰে এই মহোৎসৱে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে চিনেমা হৈছে প্ৰকাশ আৰু আলোচনাৰ অন্যতম শক্তিশালী মাধ্যম।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here