পৰ্যটকক দীঘলীয়া সময়ৰ বাবে আকৰ্ষণৰ লক্ষ্যৰে 'মিজোৰাম টুৰিজিম ইভেন্ট কেলেণ্ডাৰ ২০২৬' মুকলি মিজোৰামৰ
আইজল আন্তৰ্জাতিক হাফ মাৰাথনে ভাৰতৰ ক্ৰীড়া পৰ্যটনৰ মানচিত্ৰত শক্তিশালী ৰূপত উপস্থাপন কৰিব মিজোৰামক, অংশগ্ৰহণ কৰিব ৫০০০ দৌৰবিদে
W7s news গুৱাহাটী: উন্নত যাতায়ত ব্যৱস্থা, আন্তঃগাঁথনিৰ নিৰন্তৰ বিনিয়োগ আৰু আকৰ্ষণীয় অনুষ্ঠানসমূহক মূলধন হিচাপে লৈ মিজোৰামে বৰ্তমান ইয়াৰ পৰ্যটনভিত্তিক বিকাশৰ আৰ্হিটো অধিক শক্তিশালী কৰি তুলিছে।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বৈৰৱী–চাইৰাং ৰেলপথ মুকলি হোৱাৰ পিছতে মিজোৰামৰ যাতায়ত ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অহা পৰিলক্ষিত হয় আৰু ৰাজ্যখনলৈ পৰ্যটকৰ আগমন ব্যাপক হাৰত বৃদ্ধি পায়। ২০২৩ আৰু ২০২৪ চনৰ ভিতৰত মিজোৰামে পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত ১৪৫.৫৪ শতাংশৰ এক বিস্ময়কৰ অভিলেখ গঢ়ি পৰ্যটন বজাৰৰ এক শক্তিশালী সম্ভাৱনা স্পষ্ট কৰি তুলিছে- এইদৰে কয় মিজোৰামৰ ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰী লালঘিংলোভা মাৰে। তেওঁ লগতে কয়-বিগত বৰ্ষত মিজোৰামলৈ ৮,২৯,৮৩৮ জন দেশী আৰু ১১,৪৮৪ জন বিদেশী পৰ্যটকৰ সমাগম ঘটিছিল।
পৰ্যটকসকলক মিজোৰামত দীৰ্ঘসময়ৰ বাবে আকৰ্ষণ কৰিবলৈ মিজোৰাম পৰ্যটন বিভাগে ২০২৫ চনৰ ১৫ ডিচেম্বৰত মিজোৰাম টুৰিজিম ইভেণ্ট এণ্ড ফেষ্টিভেল কেলেণ্ডাৰ ২০২৬ মুকলি কৰে।মিজোৰাম চৰকাৰে বৰ্তমান বৃহৎ ৰাজহুৱা বিনিয়োগৰ জৰিয়তে কেন্দ্ৰীয় আৰু বিদেশী সাহায্যপুষ্ট আঁচনিৰ অধীনত ৩৯৫.০৪ কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আছে।আইজল আন্তৰ্জাতিক হাফ মাৰাথন (এ আই এইচ এম) ২০২৬, যিটো অহা ১৪ ফেব্ৰুৱাৰীত ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ২০২৫ চনত ১,৫০০ গৰাকী দৌৰবিদেৰে সফল আৰম্ভণি কৰাৰ পিছত, দ্বিতীয় সংস্কৰণত প্ৰায় ৫,০০০ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক অংশগ্ৰহণকাৰীক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।'
সংবাদ মেলত মিজোৰাম পৰ্যটন বিভাগৰ
সঞ্চালক আৰ লালৰোডিঙি, আইজল ইণ্টাৰনেশ্বনেল হাফ মাৰাথনৰ ইনোভেশ্বেচনছ ইণ্ডিয়া এণ্ড কিউৰেটৰ পৰিচালন সঞ্চালক কেপ্তেইন ৰাহুল বেইল আদি উপস্থিত থাকে।
No comments:
Post a Comment