পুনৰ মুখ্যমন্ত্ৰী হ'ব ড° হিমন্ত বিশ্ব শৰ্মা
২০ শতাংশ প্ৰত্যাহ্বান জনাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে
W7s news গুৱাহাটী: কেন্দ্ৰ আৰু ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টিৰ সুদিন চলিছে। শাসনাধিষ্ঠ চৰকাৰৰ সুদিনকলৈ লৈ যেন চল চাই কঠিয়া পাৰিছে জ্যোতিবিজ্ঞানীসকলেও। আনকি বিজেপিৰ সপক্ষে তেওঁলোকে ভৱিষ্যতবাণী কৰিছে। বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত দ্বাদশ সংখ্যক কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা উন্মোচন কৰি কাল চক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা অনুসৰি অসম ৰাজ্য আৰু ৰাজনৈতিক নেতা সকলৰ ভৱিষ্যতবাণী কৰে বিশিষ্ট জ্যোতিৰ্বিজ্ঞানী পুলিন দেৱ শর্মাই। তেওঁ কয়-পুনৰ মুখ্যমন্ত্ৰী হ'ব ড° হিমন্ত বিশ্ব শৰ্মা। ৮০ শতাংশ ভোট আৰু ২০ শতাংশ প্ৰত্যাহ্বানৰ মাজেৰে ২০২৬ ত বিধান সভা নিৰ্বাচনত পুনৰ মুখ্যমন্ত্ৰী হ'ব ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ভৱিষ্যতবাণী কৰি লগতে কয়-২০২৬ চনৰ ২৫ আগষ্টলৈকে হিমন্ত বিশ্ব শৰ্মাই বহু ক্ষেত্ৰত সফলতা পাব । ২০ শতাংশ প্ৰত্যাহ্বান জনাব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২০২৬ ৰ ২৯ মে'লৈ নিৰ্বাচন সম্ভৱ হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবন্ধকতা নাই । শনিৰ দৃষ্টিৰ বাবে পিছপৰি থাকিব সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালতকৈ বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা ।
ইপিনে লুৰিন জ্যোতি গগৈ, অখিল গগৈৰ ভৱিষ্যতবাণী কৰি তেওঁ পুনৰ কয় লুৰিন জ্যোতি গগৈ, অখিল গগৈয়ে এইবাৰ কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব । তদুপৰি গৌৰৱ গগৈৰ সন্দৰ্ভত তেওঁ কয়- গৌৰৱ গগৈৰ ওপৰত
শনিৰ প্ৰভাৱ আছে।যথেষ্ট ন'হলেও গৌৰৱ গগৈৰ জনমানসত কিছু প্ৰভাৱ পৰিব।ৰাজনৈতিক ভাৱে গৌৰৱ গগৈয়ে উত্থান কৰাটো কঠিন হ'ব। অত্যাধিক ঋনে ভৱিষ্যত প্ৰজন্মক অসুবিধাত পেলাব । হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়াই নোলাব সেয়েহে পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা।২০২৫ ৰ মাৰ্চৰ পৰা অনাগত ৬ বছৰলৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ কিছু খেলি মেলি চলি থাকিব। তেঁওৰ সকলো সিদ্ধান্ত গ্ৰহণযোগ্য ন'হব ।কিছুমান সিদ্ধান্তই বিপদত পেলাব।মঙ্গল শনি বুধ একত্র অৱস্থান আৰু ৰবি শুক্র দশমত হোৱাৰ উপৰিও দ্বাদশস্থ গুৰুৰ প্ৰভাবে গণতান্ত্রিক চৰকাৰৰ বিৰোধীৰ সবল যুক্তিপূর্ণ পৰামৰ্শত চৰকাৰৰ ভুল ক্ৰতি নিৰিক্ষনৰ কাৰণে বিৰোধীৰ ভূমিকা অপৰিহাৰ্য যদিও অসমত বিৰোধীৰ ভূমিকা অতি দুর্ব্বল বুলি কব পাৰি। বিৰোধী ত্ৰিমূৰ্ত্তি গগৈৰ আদ্য নামাক্ষৰাশ্ৰিত ৰাশ্যনুসৰি সবল স্থিতিৰ অভাবত চৰকাৰ বহুক্ষেত্ৰত একক ভাবে ইচ্ছানুসৰি প্রশাসনিক ব্যৱস্থাত অগ্ৰসৰ হোৱা দেখা যাব। আনকি আঞ্চলিক দল অসম গণপৰিষদৰ লগতো ভাৰতীয় জনতা দলৰ নিম্নপৰ্য্যায়ৰ সক্রিয় সদস্যৰ অন্তৰ্কন্দলৰো সৃষ্টি দেখা যাব। বিৰোধী দলৰ দ্বাৰা চৰকাৰ গঠণৰ কাৰণে কৰা নীতি আৰু পৰিকল্পনাই বৰ্তমানৰ চৰকাৰক কিছু বিমোৰত পেলাব চেষ্টা কৰিব। চৰকাৰৰ দ্বাৰা লোৱা ভুল সিদ্ধান্ত আৰু নিজৰ অধিক আত্মবিশ্বাস আৰু নীতিয়ে ৰাইজৰ ৰোষত পৰিব পাৰে। ফলস্বৰূপে বিৰোধী দল সংগঠনে পূৰ্বৰ তুলনাত যথেষ্ট জনগনৰ সহযোগ লাভ কৰিবলৈ সক্ষম হব যদিও মূখ্যমন্ত্ৰীৰ চতুৰনীতি আৰু অদম্য সাহসিকতাৰে পূৰ্বৰ আচনি আৰু জনসাধাৰণক দিয়া সুৰক্ষা, সুবিধা আৰু উন্নয়নৰ ফলত বিজেপি চৰকাৰে যথেষ্ট প্রত্যাহ্বানৰ মাজেৰে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।২০২৬ ৰ মে' ৰ পাছত সপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বাস্থ্যৰ সমস্যা হ'ব।ছোনীয়া গান্ধীৰ স্বাস্থ্যৰ অৱনতি ঘটিব ।২০২৭ চনৰ ১২ জুলাইলৈকে শনিৰ বাবে ৰাহুল গান্ধীয়ে কোনো এটা শক্তি শুদ্ধ ৰূপত প্ৰকাশ কৰিব নোৱাৰে।
অসম গণ পৰিষদ কিছু পৰিমাণে এতিয়া তলত আছে। জুলাইৰ পাছত অসমৰ বাবে এটা লেখত ল'ব লগীয়া উন্নতি হ'ব ।জুনৰ পাছত প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত অসমৰ বাবে কোনো চিন্তাৰ কাৰণ নাই।জুলাই লৈকে অসমত কিছু কিছু ক্ষেত্ৰত তাণ্ডৱ চলিব।
এইবাৰ
ৰবি ৰজা, বুধ- মন্ত্রী, শনি- জলাধিপতি আৰু মঙ্গল-শস্যাধিপতি। আগন্তুক বৰ্ষত অসমৰ পৰিস্থিতি সম্পৰ্কে তেওঁ কয়-
সুজলা সুফলা, শস্য শ্যামলা অসম মাতৃৰ আগন্তুক ভাগ্যচক্র গণনাত গ্রহ সন্নিবেশ ৰাশি চক্ৰত গ্ৰহৰ অবস্থিতি আৰু গতিবিধি গণনা প্রয়াসত সমস্যা বহুল অসমৰ বছৰটোত শুভাশুভ ফল দেখা যায়। ৰজা-মন্ত্রী ফল অনুসৰি বৰ্ষাধিপতি সৌৰশক্তিদায়ক ৰবি নভোমণ্ডলৰ ৰাজত্বভাৰ গ্ৰহণ কৰিছে। যুবকাৰক গ্রহ বুধ মন্ত্রীত্বৰ ভাৰ লৈ মহাজাগতিক সুখ-ঐশ্বর্য-সম্পদ, সাহিত্য-সংগীত, শিল্পকলা, বিজ্ঞান-প্রযুক্তিবিদ্যা, চিকিৎসা বিদ্যা, উদ্ভাবনী শক্তি, উদ্যোগ, বস্ত্রাদিৰ কাৰক গ্রহ। মঙ্গল শয্যাধিপতিৰ ফলত শস্য বিনাশ হোৱাৰ উপৰি শস্যত আৰু পশু-পক্ষীত অচিন ৰোগৰ দ্বাৰা শস্য বিনাশ হ'ব। শনি জলাধিপতিৰ ফলত পৃথিৱীত অতি-বৃষ্টি, ধৰাত শস্যৰ পৰিপূৰ্ণতা, কীট-পতংগৰ উৎপাত বৰ্জিত হ'ব। দেশত শস্য পৰিপূৰ্ণ হৈ প্ৰজাসকল ধনে-ধানে উন্নতিৰ কাৰক হ'ব।
অসমমাতৃৰ কাৰক কৰ্কটৰাশিৰ বছৰৰ আৰম্ভণিতে গ্রহসমূহৰ অবস্থান সমূহ কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ ব'হাগ মাহৰ আৰম্ভণিতে অষ্টমত ৰাহু যুক্ত, নৱমত মঙ্গল, শনি আৰু নীচস্থ বুধ, দশমত ৰবি তুঙ্গী আৰু শুক্র গ্রহ, দ্বাদশত দেবগুৰু বৃহস্পতি আৰু কৰ্কট ৰাশিৰ দ্বিতীয়ত নীচস্থ কেতু অবস্থান কৰি অৱস্থান হোৱাত অসমৰ আগম্ভক বছৰৰ শুভ অশুভ ফল নির্ণয় কৰিছে। অসমৰ কাৰক ৰাশ্যাধিপতি চন্দ্র ৰাহু যুক্তহৈ গুৱাহাটীকে ধৰি অন্যান্য জিলাৰ মুখ্য প্রাণ কেন্দ্রবিন্দু চহৰত মৌলবাদীৰ দুষ্কাৰ্য, নাৰীজনিত অপৰাধ, ড্ৰাগছ, নিচাজাতীয় দ্রব্যৰ প্ৰচলন, যৌন উদ্দীপক দ্ৰব্যৰ প্ৰচলন, চুৰি-অপৰাধমূলক কাৰ্য, অপহৰণ, হত্যাই জনজীৱন অশান্ত কৰি তোলাৰ যোগ সুচিত হৈছে। কৰ্কটৰাশিত ৰাহুৰ অর্দ্ধদৃষ্টিপূর্ব্বক আৰু দ্বাদশস্থ শত্রুগৃহী বৃহস্পতিৰ ফলত অসমত ধর্মীয় সংখ্যালঘুৰ পৰিসংখ্যা বৃদ্ধিৰ যোগ। প্রতিবেশী ৰাষ্ট্ৰৰ পৰা অবৈধ প্ৰব্ৰজনে অসমৰ ভৌগালীক পৰিবেশ বিনষ্ট হোৱাৰ সম্ভাৱনাধিক্য দেখা যাব। মৌলবাদী বিদ্রোহী সংগঠনবোৰে সততে চোৰাং কাৰবাৰ, নিচাদ্ৰব্য বিস্ফোৰক পদার্থ আদি সৰবৰাহ ঘটোৱাৰ ফলশ্রুতিত বহু নিৰীহ লোকৰ মৃত্যুৰ কাৰক হ'ব পাৰে। নাৰীজনিত অপৰাধ, নিচাজাতীয় দ্রব্যৰ প্ৰচলন, হত্যা আদি নাভূত নাশ্রুত ঘটনাই জনজীৱন অশান্ত কৰাৰ যোগসূচিত হৈছে।কৰ্কট বাশিৰ অধিপতি গ্রহ, চন্দ্ৰ বছৰৰ আৰম্ভণিতে অষ্টমত ৰাহু যুক্ত হৈ অৱস্থান কৰি দেশৰ আভ্যন্তৰিণ প্রশাসনিক ব্যৱস্থাৰ বিপৰ্য্যয় হোৱাৰ লগতে প্রাকৃতিক ভারেও নানান সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হব। বিভিন্ন পথ দুর্ঘটনা দুষ্কৃতিকাৰীৰৰ দ্বাৰা কুটাঘাটমূলক কাৰ্য্য গোষ্ঠীগত সংঘর্ষ জনিত বিবাদ আদিৰ দ্বাৰা সাধাৰণ জন জীৱনত জীৱন ধাৰণ কৰাত বিড়ম্বনাই দেখা দিব। প্রাকৃতিক দুর্যোগ, ভূমিকম্প, ঘূর্ণি বতাহ, শিলাবৃষ্টি আদিৰ দ্বাৰা ক্ষতিগ্রস্ত হৈ সাধাৰণ জীৱন যাপনত প্রভাব পৰিব। কৰ্কটত ৰাহুৰ অৰ্দ্ধেকদৃষ্টিত বিভিন্ন কেলেংকাৰী জনসাধাৰণক ঠগ প্ৰৱঞ্চনা আদিৰ লগতে নিচাযুক্ত দ্রব্যৰ বেহা বেপাৰে ঠন ধৰি উঠিব। কৰ্মৰ প্ৰতি উদাসীন নিচাযুক্ত শৰীৰৰ বিষ ভুল চিকিৎসা আদিৰ দ্বাৰা নানান সমস্যাই জনসাধাৰণক জৰ্জৰিত কৰিব পাৰে। আৰম্ভণিতে মঙ্গল শনি অগ্নিবাশি ভাগ্যভাবত একত্র অবস্থানে বিদ্যার্থীৰ বিদ্যালাভত সমস্যা, চিকিৎসা বিজ্ঞান, কৃষি বিজ্ঞান, প্রশাসনিক দিশৰ বিদ্যাৰ্থীৰ উন্নত মানৰ বিদ্যালাভ, বাস্তাঘাটত পদুলি নির্মাণত নিম্নবৰ্গৰ কৰ্ম্মচাৰী আদিৰ গাফিলতিৰ বাবে চৰকাৰ ৰাইজৰ ৰোষত পৰিব পাৰে। শনিৰ প্রভাবে প্রশাসনিক দিশত পূৰ্বৰ তুলনাত উন্নত হব। প্রশাসনৰ মনোবল বৃদ্ধি লগতে সহযোগ স্থানীয় অপৰাধ মূলক কার্যত ৰোধ, দুর্নীতি কাৰীক কৰায়ত্ত কৰা শাসন ব্যৱস্থা কটকটীয়া কৰাৰ প্ৰয়াস অব্যাহত থকিব। কিন্তু ৰাহুৰ প্ৰভাবে বর্ষান্তৰ আগমহুৰ্ত্তত আভ্যন্তৰীন দেখা যাব। দশমস্থ বর্ষাধিপতি ৰবিগ্রহৰ ফলত কল কাৰখানা উদ্যোগ প্রতিনুপ্রবেশ না আৰু সম্প্ৰসাৰণ কৰ্মপ্ৰাৰ্থীৰ কৰ্মলাভ, কৰ্মোন্নতি শিক্ষা, বিজ্ঞান, সাহিত্য গৱেষণা, যাতায়ত উন্নতি, ৰাজহ বৃদ্ধি, কলা সংস্কৃতি চিকিৎসা বিজ্ঞান, প্রযুক্তি বিদ্যাৰ ক্ষেত্ৰত চৰকাৰৰ তৎপৰতা বৃদ্ধি পাব। গুৰু দ্বাদশত থকাত জেঠ মাহৰ শেষলৈ ৰাজনৈতিক বিষয়া আমোলা বিভাগীয় উচ্চ পদস্থ, কৰ্মচাৰীৰ দুৰ্নীতিৰ প্ৰভাবো পৰিব। ওচৰ চুবুৰীয়া ৰাজ্য ও ৰাষ্ট্ৰৰ দ্বাৰা শত্রুতা কাৰ্য্য সংঘর্ষ, মাওবাদী আৰু বিচ্চিন্নতাবাদীৰ দ্বাৰা চৰকাৰ তথা শাসন ব্যৱস্থাত অশুভ প্রভাব পৰিব। বিৰোধী দলৰ সমালোচনা মিথ্যাপবাদ জনসাধাৰণক বিপথে পৰিচালিত কৰাত প্রয়াস আদি ৰোধ কৰিবলৈ সক্ষম হব। আঘোণ মাহৰ পৰা কেতু কৰ্কট ৰাশিত বছৰৰ শেষলৈ অবস্থান কৰি দেশৰ উন্নয়নত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। দেশৰ বাহিৰৰ শত্রুতকৈও ভিতৰৰ শত্ৰুৰ দ্বাৰা জনসাধাৰণৰ ওপৰত অশুভ প্রভাব কূটাঘাটমূলক কাৰ্য্য কলাপ বৃদ্ধিৰ শঙ্কা থাকিব। জাতিগত আৰু ধৰ্মগত সংঘর্ষ, মাওবাদীকে ধৰি বিচ্চিন্নতাবাদী সংগঠন সমূহৰ দ্বাৰা কূটাঘাট মূলক কাৰ্য্য সংঘটন হোৱা আৰু প্রাকৃতিক দুর্যোগ, ভূমিকম্প বৃষ্টিপাত যাতায়ত ব্যৱস্থাত বিধস্ত হোৱা, চৰকাৰী কৰ্মচাৰীৰ ভ্ৰষ্টচাৰ আদিৰ দ্বাৰা সাধাৰণ জনজীৱনত নানান বাধাৰ সন্মুখীন হব পাৰে। মন্ত্রীসভাৰ মাজত মতবিৰোধৰ ভাবুকি আহিব পাৰে। দেশৰ শাসন ব্যৱস্থাত কিছু ত্রুটি, আইন শৃঙ্খলাত পৰিবৰ্তন আদিৰ দ্বাৰা দেশৰ ৰাজনীতিত বিশেষ প্রভাব দেখা যাব। সংবাদ মাধ্যম আৰু বিৰোধী দলৰ ভূমিকা বিশেষ লক্ষণীয় হব। চুবুৰীয়া ৰাজ্য আৰু সীমা মুৰীয়া ৰাজ্য নাগালেণ্ড অৰুণাচল প্রদেশ, মনিপুৰ, মিজোৰাম, মেঘালয় আদিৰলগত সীমা বিবাদৰ নিচিনা অশান্তিয়ে সীমাৰ ওচৰৰ জনসাধাৰণক সাধাৰণ জীৱন ধাৰণত অসুবিধাৰ সৃষ্টি হব পাৰে। উত্তৰপূবৰ ৰাজ্য সমুহৰ ভিতৰত উন্নত ৰাজ্য হোৱাৰ লগতে ভাৰতৰ বহু ৰাজ্যক পিছপেলাই উন্নতিৰ শিখৰত উঠিব সক্ষম হব। বিৰোধী দল সংগঠন আৰু বৰ্হিৰাজ্যৰ অশুভ প্রভাবে চৰকাৰৰ কাৰ্য্য কলাপ সুচাৰুৰূপে চলোৱাত অসুবিধাৰ সন্মুখীন হোৱা দেখা যাব। চৰকাৰৰ দ্বাৰা লোৱা ভুল সিদ্ধান্ত আৰু পৰিকল্পনা ৰূপায়নত ব্যর্থহৈ আর্থিক সংকটত ভূগিব পাৰে। চৰকাৰৰ ওচৰত ঋণ বৃদ্ধি হোৱাত জনসাধাৰণৰ ওপৰত বিভিন্ন ধৰণৰ কৰ, দ্রব্যমূল্য বৃদ্ধি, অৰাজকতাৰ প্রভাব পৰিব। বছৰটোত গুৰুৰ শুভ প্রভাবে দেশব মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী সভাৰ সবল পদক্ষেপৰ শুভ প্রভাবে বিগত বছৰ সমুহৰ তুলনাত আগন্তুক বর্ষটো সর্বভে দিশতে অগ্রগতি লাভ কৰা দেখা যাব। সদৌ শেষত আমি কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকাৰ তৰফৰ পৰা পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাও আগন্তুক বৰ্ষটো অসমৰ সকলো জাতি-জনজাতি, বিভিন্ন ধর্ম সম্প্রদায়, ছাত্র সমাজ, ৰাজনৈতিক চৰকাৰৰ মাজত শান্তি-সম্প্রীতিয়ে বিশ্বৰ ভিতৰত জিলিকি উঠি সকলোৰে মুখত হাঁহি বিৰিঙি উঠক।' সংবাদ মেলত কালচক্ৰ পঞ্জিকাৰ উন্মোচক, বাস্তু বিশেষজ্ঞ ড০ অনিল বৰুৱা, গণনাকাৰী বিজিত পি শৰ্মা,চন্দ্ৰ প্ৰকাশকৰ প্ৰকাশক ডাঃ ৰবীন্দ্ৰ মোহন শর্মাৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments:
Post a Comment