W7s news,গুৱাহাটী, ২২ জানুৱাৰী, ২০২৬: গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হৈছে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ) ২০২৬ৰ দ্বিতীয়টো বৰ্ণিল সংস্কৰণ। এছিয়াৰ লগতে ভাৰতীয় চিনেমাৰ নান্দনিক ৰূপটোক উদযাপন কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱত মুঠ ২৬খন নিৰ্বাচিত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।
প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, বিশিষ্ট অতিথি আৰু প্ৰতিনিধিসকলৰ সক্ৰিয় উপস্থিতিত আজি এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন (এন এফ ডি চি) আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ সহযোগত ট্ৰেণ্ডিং নাও মিডিয়াই আয়োজন কৰিছে এই চলচ্চিত্ৰৰ মহাৰণৰ।
শ্বাকিৰ খোলিকভৰ নিৰ্দেশনাত নিৰ্মিত উজবেকিস্তানৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ছানডে’ৰ প্ৰদৰ্শনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি ঘটে গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল ২০২৬ৰ। মহোৎসৱৰ উদ্বোধনী দিনটোত এছিয়ান চিনেমা শাখাৰ অধীনত মাছাহিৰ’ ওটাৰ জাপানী ছবি ‘এছ’ৰ ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হোৱাৰ লগতে ইণ্ডিয়ান শ্ব’কেচ (অনা-প্ৰতিযোগিতামূলক) শাখাত বিশাল স্বৰ্গীয়াৰীৰ পৰিচালিত ‘এন ইভিনিং বেলাড’ শীৰ্ষক ছবিখন প্ৰদৰ্শিত হয়।
মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ ২৩ জানুৱাৰীত খঞ্জন কিশোৰ নাথৰ কাৰ্বি ছবি ‘দ্য ল’ষ্ট পাথ’ (কাংবো আলতি), ববী শৰ্মা বৰুৱাৰ অসমীয়া ছবি ‘মৰ্নিং ছানশ্বাইন’ (ৰ’দৰ পাখি) আৰু ভিয়েটনামৰ ফাম এনগোক লানৰ ‘কু লি নেভাৰ ক্ৰাইছ’ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ লগতে প্ৰকাশ ডেকাৰ অসমীয়া ছবি ‘দ্য উডকাটাৰ’ (গছ কটা মানুহ) আৰু ৰাকেশ মইৰাংথেমৰ মণিপুৰী ছবি ‘ফৌইবী’ (দ্য গডেছ অৱ পেডী) দৰ্শকৰ বাবে প্ৰদৰ্শিত হ’ব।
উল্লেখ্য যে, গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ২৫ জানুৱাৰীলৈকে চলিবলগীয়া গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ)ৰ এই দ্বিতীয়টো সংস্কৰণত এছিয়াৰ ১০খন দেশৰ মুঠ ২৬খনকৈ আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। সুদীৰ্ঘ চাৰিটা দিনত দৰ্শকে একেখন মঞ্চতে এছীয় চিনেমাৰ বিচিত্ৰ সোৱাদ ল’ব পাৰিব।
কেৱল চিনেমা প্ৰদৰ্শনীৰ মাজতে আৱদ্ধ নাথাকি গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ) ২০২৬ত অন্তৰ্ভুক্ত কৰা হৈছে এলানি মাষ্টাৰক্লাছ, পেনেল আলোচনা আৰু আকৰ্ষণীয় মত-বিনিময়মূলক অনুষ্ঠান। ভাৰতৰ লগতে এছিয়াৰ বিভিন্ন দেশৰ খ্যাতিমান চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু এই উদ্যোগটোৰ সৈতে জড়িত পেচাদাৰী বিশেষজ্ঞসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মৰ্যাদা অধিক বৃদ্ধি কৰিব।

No comments:
Post a Comment