শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 22 January 2026

শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন

 



W7s news গুৱাহাটী: গুৱাহাটীৰ  শিলপুখুৰী শ্রীশ্রী নবগ্রহ শ্মশান নিবামুহীয়া শিব মন্দিৰৰ ৩০ সংখ্যক মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞ  ১২, ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ লাইখুটা স্থাপন কৰে কামাখ্যা মন্দিৰৰ বৰদলৈ কবিন্দ্র শর্মাই। এই অনুষ্ঠানত উপস্থিত থাকে মহাশিবৰাত্ৰি আৰু ৰুদ্রযজ্ঞৰ মুখ্য উপদেষ্টা ড° অৰূপ কুমাব মিশ্র, অনুষ্ঠানৰ সভাপতি বিজন মহাজনৰ লগতে ভালেসংখ্যক ধর্মপ্রাণ ৰাইজ আৰু অনুষ্ঠানৰ বিষয়ববীয়াসকল। এই লাইখুটা স্থাপন অনুষ্ঠানত ড০ অৰূপ কুমাৰ মিশ্র,  বিজন মহাজন আৰু অনুষ্ঠানৰ মুখ্য সম্পাদক  বিৰিঞ্চি অধিকাৰীয়ে বক্তব্য ৰখাৰ লগতে সমূহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here