গুৱাহাটী পৌৰ নিগমৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 31 December 2025

গুৱাহাটী পৌৰ নিগমৰ সংবাদ মেল


 

বিগত বছৰৰ খতিয়ান দাঙি ধৰে সংবাদমেলত


২০২৬ চনত গুৱাহাটীৰ উন্নয়নৰ বাবে
১৩২ কোটি টকাৰ কাম কৰিব গুৱাহাটী পৌৰ নিগমে

গুৱাহাটী মহানগৰীৰ উন্নত বাট পথ নিৰ্মাণৰ নামত ২০২৬ চনত চৰকাৰে ২৪ কৌটি টকা ধাৰ্য কৰিছে 


W7s news গুৱাহাটী : ২০২৬ চনত গুৱাহাটীৰ উন্নয়নৰ বাবে ১৩২ কোটি টকাৰ কাম কৰিব গুৱাহাটী পৌৰ নিগমে।   বুধবাৰে গুৱাহাটীৰ উজান বজাৰ স্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এইকথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । তেওঁ লগতে কয়-গুৱাহাটী মহানগৰীৰ উন্নত ৰাস্তা ঘাট নিৰ্মাণৰ নামত ২০২৬ চনত চৰকাৰে ২৪ কৌটি টকা ধাৰ্য কৰিছে । তদুপৰি বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ উপৰিও ৰেচন কাৰ্ড থকা আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ মাজত বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী যোগানৰ সুবিধা প্ৰদান কৰা হ'ব। আনহাতে জাবৰ-জোথৰ নিষ্কাষণ কেন্দ্ৰ , ফুট পাথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিশেষ কিছু পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ।বিগত বছৰত স্বচ্ছতা প্ৰতিযোগিতা গুৱাহাটীয়ে ৪৪ স্থান পাবলৈ সক্ষম হৈছে। গুৱাহাটী
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পৰিস্কাৰ নগৰ হিচাপে স্থান পাবলৈ সক্ষম হৈছে।
গুৱাহাটী যথেষ্ট পৰিমাণে জাৱৰ নিষ্কাষণ কৰিবলৈ সক্ষম হৈছে।জাবৰ সংগ্ৰহ কৰাৰ বাবে নিগমে সফলতা লাভ কৰিছে। জাৱৰ সংগ্ৰহৰ বাবে ২৫০ খন গাড়ী নতুনকৈ অনা হব।গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন ক্ষেত্ৰত কাম কৰা হৈছে। গুৱাহাটীৰ গণেশগুৰিত সৌন্দৰ্য বৰ্ধন ক্ষেত্ৰত কাম কৰা হৈছে। নতুনকৈ পানী মৰা গাড়ী অনা হৈছে।।
নতুনকৈ ৬০০০ ৰো অধিক বিনামূলীয়া পানীৰ যোগান ব্যৱস্থা কৰা হৈছে।
ইয়াৰ উপৰি মন্দিৰ নাম ঘৰ , ক্লাৱ ঘৰ, ৰাজহুৱা অনুষ্ঠানত পানীৰ সংযোগ দিয়া হৈছে।
২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ৬-৮ মাহৰ ভিতৰত ১৩২ কোটি টকাৰ নতুন কাম হব গুৱাহাটীত। বান নিয়ন্ত্ৰণ বাবে ৫৫০ নলা চাফা কৰাৰ কাম কৰা হ'ব ফ্ৰেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিলেহে বানপানী নিয়ন্ত্ৰণ হব। সকলোকে এই ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনালোঁ। ৭০ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে।শেষৰ মাহত ৪ কোটি টকা সংগ্ৰহ হৈছে। ৩১ মাৰ্চৰ ভিতৰত সকলোকে অনাদায় কৰ প্ৰদান কৰিবলৈ আহ্বান।
অনাদায় কৰ এতিয়াও বহুত আছে। বিগত বৰ্ষত ১০০ কোটিৰো অনাদায় আছিল।বহুতে কৰ প্ৰদান কৰিছে।কিছু এতিয়াও বাকী আছে।
মটৰ চালিত ৰিক্সাৰ বহুতো মটৰ জব্দ কৰা হৈছে।নাকি লগোৱা হ'ব মটৰ চালিত ৰিক্সাৰ। পূৰবী ডায়েৰী, আদাবাৰীত ডাষ্ট বিনৰ সমস্যা দূৰ হ'ব। সৌন্দৰ্য বৰ্দ্ধনত
ৰূপনগৰত
৭ কোটি ৭০ লাখ টকাৰ কাম কৰিছোঁ। ৮০ কোটি টকা মূল্যৰ লাইট জ্বলোৱা হৈছে।এতিয়া
২৫০ খন গাড়ীৰ ৮০ খন আহিছে জাৱৰ নিষ্কাশণৰ বাবে। ৰেচন কাৰ্ডৰ জৰিয়তে পানী যোগান দিয়া হৈছে, নামঘৰ, মন্দিৰ, ক্লাব লাইবেৰ্ৰীত সংযোগ দিছে।
২০২৫ চনত বিভিন্ন।
উন্নয়নত
টয়লেট ১২ কোটি টকা, কমিউনিটী হলো  নিৰ্মাণ কৰা হৈছে। আকৌ আমি বাট পথ নির্মাণ কৰিম।হাই মাষ্ট লাইট লগোৱা হ'ব।বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ কিছু সকাহ দিব তেওঁলোকৰ হল্ডিং টেস্ক্স দিব, নিজে জাৱৰ নিষ্কাষণ কৰিবলৈ ঘৰত জি এম চি সহায় কৰিব। ২-৩ জানুৱাৰীত কাম  আৰম্ভ কৰিব। প্ৰথম পৰ্যায়ত ১৩২ কোটি টকাৰ কাম কৰিব।নৱ বৰ্ষৰ শুভেচ্ছা দিয়ে। আমি পথ, পোহৰ, পানী আৰু পৰিস্কাৰত গুৰুত্ব আৰোপ কৰিছোঁ। এইবাৰ ৬০ জন জি এম চিৰ আৰক্ষী থাকিব।' সংবাদ মেলত 
গুৱাহাটী পৌৰ নিগমৰ উপ-পৌৰপতি স্মিতা ৰয়ৰ লগতে যুটীয়া আয়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগমৰ সংশ্লিষ্ট বিষয়-ববীয়া সকল উপস্থিত  থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here