দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন মধ্য ইংৰাজী বিদ্যালয় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 17 December 2025

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন মধ্য ইংৰাজী বিদ্যালয়

 



ছাত্ৰ–ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত শিক্ষকৰ অভাৱ


W7s news দক্ষিণ কামৰূপ:

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এখন মধ্য ইংৰাজী বিদ্যালয় নাম– খোখাপাৰা এম ই স্কুল। জনজাতীয় লোকেৰে পৰিপূৰ্ণ অঞ্চলটোত এই বিদ্যালয়খন গুৰুত্ব পূৰ্ণ আছিল। কিন্তু ছাত্ৰ–ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত শিক্ষক নাই। বৰ্তমান বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ৭৫গৰাকী, বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ দুগৰাকী। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিয়ে ৰামপুৰ শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়াৰ ওচৰত বহুবাৰ আবেদন–নিবেদন কৰিছিল। কিন্তু কোনো ফল নধৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা খণ্ড বহু উন্নত হোৱা বুলি মেলে–মিটিঙে কৈ ফুৰে। ৰাজ্যৰ শিক্ষা খণ্ডৰ সকলো অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত কৃপনালী কৰা নাই বুলিও কয়। কিন্তু বাস্তৱ ক্ষেত্ৰত যে ওলোটা ছবি এখন দেখা যায় সেয়া খোখাপাৰা এম ই স্কুলেই প্ৰমাণ কৰে। জনজাতীয় অঞ্চলটোৰ শিক্ষাৰ অভাৱ দূৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here