সংক্ৰমণৰ সঠিক চিকিৎসা নকৰাৰ বাবেই যুৱ দম্পতীৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যাঃ ডাঃ কল্পনা জৈনৰ মন্তব্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 17 December 2025

সংক্ৰমণৰ সঠিক চিকিৎসা নকৰাৰ বাবেই যুৱ দম্পতীৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সমস্যাঃ ডাঃ কল্পনা জৈনৰ মন্তব্য

 



W7s news গুৱাহাটী: বিৰলা আই ভি এফ এণ্ড ফাৰ্টিলিটি চেণ্টাৰে অলপতে সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান আয়োজন কৰে, য’ত জ্যেষ্ঠ ফাৰ্টিলিটি বিশেষজ্ঞ ডাঃ কল্পনা জৈনে সমগ্ৰ অঞ্চলটোত বন্ধ্যাত্বৰ ক্ষেত্ৰত দেখিবলৈ পোৱা কিছুমান উদ্বেগজনক দিশৰ ওপৰত আলোকপাত কৰে।


ডাঃ জৈনৰ মতে, কেন্দ্ৰটোলৈ পৰামৰ্শ বিচাৰি অহা প্ৰতি ছয় দম্পতীৰ ভিতৰত প্ৰায় এহাল দম্পতীয়েই বন্ধ্যাত্বৰ সমস্যাৰে  যুঁজি আছে, য’ত যথেষ্ট সংখ্যক মহিলাৰ বয়স মাত্ৰ ২৩ - ২৪ বছৰ। তেওঁ উল্লেখ কৰে যে এইক্ষেত্ৰত সংক্ৰমণ হৈছে ইয়াৰ অন্যতম প্ৰধান কাৰণ, বিশেষকৈ ফেল’পিয়ান টিউব আৰু অসুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে সংক্ৰমিত সংক্ৰমণ। বহু ক্ষেত্ৰত এই সংক্ৰমণৰ চিকিৎসা হয় অপৰ্যাপ্ত হৈছিল, নাইবা চিকিৎসা মাজভাগতে বন্ধ কৰি দিয়া হৈছিল। যাৰ ফলত দীৰ্ঘকালীন প্ৰজনন জটিলতাৰ সৃষ্টি হৈছিল।


ডাঃ জৈনে জোৰ দি কয় যে বন্ধ্যাত্বক সদায় দম্পতীৰ, অৰ্থাৎ পুৰুষ-মহিলা উভয়ৰে সমস্যা হিচাপে মূল্যায়ন কৰা উচিত। “যেতিয়া এগৰাকী মহিলাৰ সংক্ৰমণ হয়, তেতিয়া পুৰুষ সংগীৰ অন্তৰ্নিহিত পেলভিক বা আনুষংগিক সংক্ৰমণ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। নিৰাপদ যৌন সম্পৰ্ক সাধাৰণ কথা যদিও বন্ধ্যাত্ব প্ৰতিৰোধ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।” এনেদৰে মন্তব্য কৰে ডাঃ জৈনে।


ক্লিনিকেল প্ৰেকটিছৰ পৰা অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰি ডাঃ জৈনে উল্লেখ কৰে যে যোৱা তিনি বছৰত কেন্দ্ৰটোৱে প্ৰায় এদিনৰ পিছত এদিন ধৰি বন্ধ্যাত্বৰ ৰোগীৰ আগমণ দেখিবলৈ পাই আহিছে। অন্যান্য চিকিৎসা বিকল্পসমূহ এতিয়ালৈকে ফলপ্ৰসূ নোহোৱাত এই দম্পতীৰ এটা বৃহৎ অংশক অৱশেষত আই ভি এফৰ প্ৰয়োজন হয়। পুৰুষৰ যৌন অক্ষমতা, বিশেষকৈ ডায়েবেটিছৰ সৈতে জড়িত ইৰেক্টাইল ডিছফাংচন এটা সাধাৰণ অৰিহণা যোগোৱা কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে।


পূৰ্বে সামাজিক ব্যাধি আৰু পৰিয়ালৰ হেঁচাত দম্পতীক আই ভি এফ পদ্ধতি বাছি ল’বলৈ দ্বিধাবোধ কৰিছিল যদিও  এতিয়া এনে  মানসিকতাৰ ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱাৰ কথা প্ৰকাশ কৰিছে ডাঃ জৈনে। অৱশ্যে বহু দম্পতীয়ে পলমকৈ সহায় বিচৰাৰ বাবে উদ্বেগ প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে। তেওঁ জনায় যে আই ভি এফ চিকিৎসাৰ বাবে অহা বেছিভাগ ৰোগী ৪০ উৰ্ধৰ আৰু ইয়াৰে  বহুতেই হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাৰ দৰে ৰাজ্যৰ  বাসিন্দা ।


ডাঃ জৈনে সকীয়াই দিয়ে যে পলমকৈ পৰামৰ্শ ল’লে সফলতাৰ হাৰ যথেষ্ট হ্ৰাস পায়। ৩৫ বছৰ বয়সৰ পিছত এগৰ  গুণাগুণ হ্ৰাস পাবলৈ ধৰে, আৰু জেনেটিক অস্বাভাৱিকতাৰ সম্ভাৱনা বৃদ্ধি পায়। অধিক বয়সত গৰ্ভধাৰণ কৰিলেও  জেনেটিক বিকাৰৰ সম্ভাৱনা থাকে।


আইনী সীমাবদ্ধতাৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে কয় যে ৫০ বছৰ হৈছে প্ৰজনন ক্ষমতাৰ চিকিৎসাৰ বাবে সৰ্বোচ্চ অনুমোদিত বয়স। শেহতীয়াকৈ কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰা এগৰাকী ৪৯ বছৰীয়া ৰোগীৰ কথা মনত পেলাই ডাঃ জৈনে উল্লেখ কৰে যে এনেধৰণৰ সমস্যাই সময়মতে সিদ্ধান্ত গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰিছে। “সজাগতা বৃদ্ধি পাইছে যদিও সঠিক সিদ্ধান্ত গ্ৰহণত পলম হয় আৰু সেয়াই আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছে,” বুলি তেওঁ শেষত কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here