ৰবি ২৫–২৬ বতৰৰ বাবে কৃষক সজাগতা বৃদ্ধিঃ পি এম এফ বি ৱাইৰ শস্য বীমা সপ্তাহত অংশগ্ৰহণ এছ বি আই জেনেৰেল ইন্স্যুৰেন্সৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 6 December 2025

ৰবি ২৫–২৬ বতৰৰ বাবে কৃষক সজাগতা বৃদ্ধিঃ পি এম এফ বি ৱাইৰ শস্য বীমা সপ্তাহত অংশগ্ৰহণ এছ বি আই জেনেৰেল ইন্স্যুৰেন্সৰ

 



W7s news,গুৱাহাটী, ০৬ ডিচেম্বৰ, ২০২৫: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ (পি এম এফ বি ৱাই) অধীনত আগন্তুক শস্য বীমা সপ্তাহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্ব কৰিছে ভাৰতৰ অন্যতম আগশাৰীৰ সাধাৰণ বীমাকৰ্তা এছ বি আই জেনেৰেল ইন্স্যুৰেন্সে। সপ্তাহজোৰা এই পদক্ষেপৰ লক্ষ্য হৈছে শস্য বীমাৰ গুৰুত্বৰ বিষয়ে কৃষকসকলৰ বুজাবুজি গভীৰ কৰা আৰু কৃষিভিত্তিক জীৱিকা সুৰক্ষিত কৰিবলৈ তেওঁলোকক পি এম এফ বি ৱাই আঁচনিখন ভালদৰে বুজাত সহায় কৰা।


উল্লেখ্য যে, এই পদক্ষেপৰ অংশ হিচাপে, কোম্পানীটোৱে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, অসম আৰু তামিলনাডুৰ আবণ্টিত জিলাসমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। শস্য বীমা আঁচনিখনৰ বিশেষত্ব, যেনে কভাৰেজৰ বিৱৰণ, নামভৰ্তিৰ নীতি-নিয়ম আৰু ক্ষতিপূৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে কৃষকসকলক সজাগ আৰু শিক্ষিত কৰিবলৈ এক বিস্তৃত কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ ভিতৰত আছে ফচল বীমা পাঠশালা, কৃষক কৰ্মশালা, কিষাণ মেলা আৰু মহিলা কৃষকসকলক লক্ষ্য কৰি নামভৰ্তি কেন্দ্ৰিক বিশেষ কাৰ্যসূচীৰ দৰে ব্যাপক ক্ষেত্ৰভিত্তিক কাৰ্যসূচী।


কৃষকসকলৰ মাজত সজাগতা অধিক বৃদ্ধি কৰিবলৈ এছ বি আই জেনেৰেল ইন্স্যুৰেন্সে ঘৰে ঘৰে অভিযান চলাব। ইয়াৰ উপৰিও, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষামূলক পদক্ষেপ ল'ব। বাইক ৰেলী, নাৱেৰে গৈ যোগাযোগ স্থাপন, বাটৰ নাট আৰু সাংস্কৃতিক প্ৰদৰ্শনৰ জৰিয়তে স্থানীয়ভাৱে জড়িত হ'ব। গাঁও, খণ্ড আৰু জিলা পৰ্যায়ত এই অভিযানৰ প্ৰচাৰ শক্তিশালী কৰিবলৈ পুস্তিকা, সঘনাই সোধা প্ৰশ্নাৱলী (এফ এ কিউ) বিতৰণ কৰা হ'ব। লগতে হৰ্ডিং, বেনাৰ আৰু পোষ্টাৰ ব্যৱহাৰ কৰি ব্যাপক বাহ্যিক বিজ্ঞাপনো চলোৱা হ'ব।


এই ক্ষেত্ৰভিত্তিক কাৰ্যসূচীবোৰৰ উপৰিও, আঞ্চলিক ভাষাত এক শক্তিশালী ডিজিটেল আৰু ছ'চিয়েল মিডিয়া অভিযানে এই পদক্ষেপৰ প্ৰভাৱ অধিক বৃদ্ধি কৰিব।


এই পদক্ষেপ সন্দৰ্ভত এছ বি আই জেনেৰেল ইন্স্যুৰেন্সৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নবীন চন্দ্ৰ ঝাই কয়, "এছ বি আই জেনেৰেল ইন্স্যুৰেন্সত আমাৰ লক্ষ্য হৈছে সদায় ভাৰতৰ কৃষক সমাজৰ স্থিতিস্থাপকতা আৰু প্ৰগতি শক্তিশালী কৰা। কৃষকসকলেই আমাৰ দেশৰ অৰ্থনীতিৰ মূল ভেটি; সেয়েহে, তেওঁলোকক সহায় কৰাটো আমাৰ বাবে অতি গৌৰৱৰ আৰু মূল্যৱান এক সুযোগ।"


তেওঁ পুনৰ কয়, "শস্য বীমা সপ্তাহে আমাক কৃষকসকলৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত হ'বলৈ এক অৰ্থপূৰ্ণ মঞ্চ প্ৰদান কৰে। ইয়াৰ জৰিয়তে তেওঁলোকৰ বাবে আঁচনিখনৰ বুজাবুজি সৰল কৰা হয় আৰু লাভ কৰিব পৰা সুৰক্ষাৰ বিষয়ে ভালদৰে অৱগত কৰা হয়। চৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানিক অংশীদাৰসকলৰ সৈতে মিলি কাম কৰি, আমি নিশ্চিত কৰিব বিচাৰোঁ যে নামভৰ্তিৰ প্ৰক্ৰিয়া যাতে মসৃণ হয় আৰু ক্ষেত্ৰভিত্তিক ৰূপায়ণ সময়োপযোগী আৰু ফলপ্ৰসূ হয়। প্ৰতি বছৰে, আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক্ষেপত অংশগ্ৰহণ কৰোঁ, যিয়ে বিশ্বাস গঢ়ি তোলা, বিত্তীয় সুৰক্ষা বহল কৰা আৰু গ্ৰাম্য ভাৰতৰ বহনক্ষম তথা সন্মিলিত বৃদ্ধিত অৰিহণা যোগোৱাৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰতিফলিত কৰে।"


মন কৰিবলগীয়া যে, এই অভিযানৰ জৰিয়তে, এছ বি আই জেনেৰেল ইন্স্যুৰেন্সে পি এম এফ বি ৱাইৰ সুবিধা আৰু বিধানসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ৰবি ২০২৫–২৬ বতৰৰ কৃষকসকলৰ ওচৰলৈ যোৱাৰ ওপৰত গুৰুত্ব দিব। এই প্ৰচেষ্টাসমূহে কৃষকক শক্তিশালী কৰা, কৃষিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰা আৰু এখন আত্মনিৰ্ভৰশীল তথা শক্তিশালী কৃষি খণ্ডৰ বাবে চৰকাৰৰ দৃষ্টিভংগীত অৰিহণা যোগোৱাৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here