আঞ্চলিক মীন পালনৰ বিকাশৰ ওপৰত গুৰুত্ব দি ১২ ডিচেম্বৰত একুৱা নৰ্থ ইষ্ট ছামিটৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 11 December 2025

আঞ্চলিক মীন পালনৰ বিকাশৰ ওপৰত গুৰুত্ব দি ১২ ডিচেম্বৰত একুৱা নৰ্থ ইষ্ট ছামিটৰ আয়োজন

 


  

W7s news গুৱাহাটী:: আঞ্চলিক মীন পালনৰ বিকাশক গুৰুত্বসহকাৰে লৈ ফিছাৰী.নিউজৰ সৈতে সহযোগিতাৰে একুৱা নৰ্থ ইষ্ট ছামিট ২০২৫ৰ প্ৰথম সংস্কৰণৰ আয়োজন কৰিছে একুৱা ডক্টৰ চলিউচনছে। এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গুৰুত্বপূৰ্ণ সন্মিলনখনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মীন পালনৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন অনা।


উল্লেখ্য যে, ভাৰত চৰকাৰৰ মীন বিভাগৰ সহযোগিতা আৰু ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ (এন এফ ডি বি)ৰ সমৰ্থনত এই অনুষ্ঠানটো অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত। এই বিশেষ সন্মিলনখনত চেম্বাৰ সহযোগী হিচাপে সহযোগিতা আগবঢ়াইছে বেংগল চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (বি চি চি এণ্ড আই)য়ে।


এই সন্মিলন সন্দৰ্ভত ১১ ডিচেম্বৰত অনুষ্ঠিত এক সংবাদমেলত ফিছাৰী.নিউজ-ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইন্দুৱৰ্ধন ৰেড্ডী পুটানাই কয়, "উত্তৰ-পূব ভাৰত দেশৰ এক আগশাৰীৰ মীন পালন কেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ যথেষ্ট সম্ভাৱনা আছে। এই একুৱা নৰ্থ ইষ্ট ছামিটৰ জৰিয়তে আমি বিজ্ঞান, প্ৰযুক্তি, নীতি আৰু ব্যৱসায়িক দিশসমূহক একেখন মঞ্চলৈ আনিবলৈ লক্ষ্য স্থিৰ কৰিছো। এই সন্মিলনে দীৰ্ঘম্যাদী বিকাশৰ ভেটি স্থাপন কৰিব আৰু একুৱা নৰ্থ ইষ্ট এক্সপ' ২০২৬ ৰ বাবে পথ প্ৰশস্ত কৰিব।"


মন কৰিবলগীয়া যে, সহ-আয়োজক হিচাপে ফিছেৰী.নিউজ-এ সন্মিলনখনৰ ডিজিটেল সজাগতা, যোগাযোগ আৰু সংবাদ সম্প্ৰসাৰণৰ নেতৃত্ব দিব।


সংবাদমেলখনত লগতে উপস্থিত থাকে ফিছাৰী.নিউজ-ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যকৰী বিষয়া সূৰ্যতেজা ভেমাভাৰাপু, একুৱা ডক্টৰ চলিউচনছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ দেৱতনু বৰ্মন আৰু এন এফ ডি বি-এন ই আৰ চি, গুৱাহাটীৰ জ্যেষ্ঠ কাৰ্যবাহী (কাৰিকৰী) তথা ভাৰপ্ৰাপ্ত বিষয়া অসীম কুমাৰ বৰা।


একুৱা নৰ্থ ইষ্ট ছামিট ২০২৫-য়ে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ নীতি নিৰ্ধাৰক, গৱেষক, উদ্যোগপতি, প্ৰযুক্তি প্ৰতিষ্ঠান, ষ্টার্টআপ, সমবায়, এফ পি অ' আৰু প্ৰগতিশীল কৃষকসকলক একত্ৰিত কৰিব।


ইয়াৰ জৰিয়তে অঞ্চলটোৰ মূল প্ৰত্যাহ্বানসমূহ যেনে- কম উৎপাদনশীলতা, বৈজ্ঞানিক পদ্ধতি গ্ৰহণৰ অভাৱ, সীমিত বজাৰ সংযোগ, মূল্য শৃংখলাৰ দুৰ্বলতা আৰু জলবায়ুজনিত সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হ'ব।


সন্মিলনত আলোচনা হ’বলগীয়া প্ৰধান বিষয়সমূহৰ ভিতৰত আছে প্ৰজাতিৰ বৈচিত্ৰ্যকৰণ, শীতল শৃংখলাৰ বিকাশ, এ আই, আই অ' টি আৰু ডিজিটেল কৃষি প্ৰযুক্তি, বহনক্ষমতা আৰু পি এম এম এছ ৱাইৰ দৰে চৰকাৰী আঁচনিৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি। এই আলোচনা চক্ৰসমূহত নেটৱৰ্কিংৰ সুযোগ, সামগ্ৰীৰ প্ৰদৰ্শন আৰু উদ্যোগ-চৰকাৰৰ মাজত আলোচনাৰ সুবিধা থাকিব।


প্ৰণিধানযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ অন্যতম সমৃদ্ধ মীন পালনৰ সম্পদ, যেনে- প্ৰচুৰ জলভাগ, অধিক মাছৰ ব্যৱহাৰ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা আঞ্চলিক বজাৰ আছে। কিন্তু কম উৎপাদনশীলতা, সীমিত সম্প্ৰসাৰণ সমৰ্থন আৰু খণ্ডিত যোগান শৃংখলাৰ দৰে প্ৰত্যাহ্বানসমূহে ইয়াৰ বিকাশত বাধা দি আহিছে।


সন্মিলনখনৰ লক্ষ্য হৈছে প্ৰযুক্তি-প্ৰধান মীন পালনৰ সক্ষমতা গঢ়ি তোলা, অংশীদাৰসকলৰ মাজত সমন্বয় উন্নত কৰা আৰু বিনিয়োগক উৎসাহিত কৰা। ই অঞ্চলটোৰ সৰ্ববৃহৎ মীন পালন প্ৰদৰ্শনী বুলি বিবেচিত একুৱা নৰ্থ ইষ্ট এক্সপ' ২০২৬-ৰ বাবেও ভেটি স্থাপন কৰিব।


এই দিনজোৰা সন্মিলনত অংশগ্ৰহণ কৰিব বিভিন্ন চৰকাৰী সংস্থা, প্ৰতিষ্ঠান, ষ্টার্টআপ, সমবায় আৰু প্ৰগতিশীল কৃষকসকলে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মীন পালনৰ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here