গুৱাহাটী প্ৰেছ ক্লাবত ডাউন টাউন হাস্পতালৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 10 December 2025

গুৱাহাটী প্ৰেছ ক্লাবত ডাউন টাউন হাস্পতালৰ সংবাদ মেল

 

অনুষ্ঠিত হ'ব উত্তৰ-পূব ৰোগী সুৰক্ষা সন্মিলনী



W7s news গুৱাহাটী:  ডাউন টাউন হাস্পতালৰ উত্তৰ-পূৱ ৰোগী সুৰক্ষা সন্মিলনীখন এইবাৰ ১২ আৰু ১৩ ডিচেম্বৰত গুৱাহাটীৰ পানীখাইটিস্থিত ডাউন টাউন বিশ্ববিদ্যালয়ত অনুস্থিত  হ'ব। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ডাউন টাউন হাস্পতালৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সম্মিলনীৰ মুখ্য উপদেষ্টা তথা ডাউন টাউন হাস্পতালৰ  অধীক্ষক ডাঃ উদয়ন বৰুৱাই। তেওঁ লগতে কয়-অসম সম্মিলনীখনত স্বাস্থ্য সেৱা বৃত্তিৰ সৈতে জৰিত সকলৰ লগতে, স্বাস্থ্য সেৱা খণ্ডৰ অনুশাষক আৰু ছাত্র -ছাত্রীসকল উপস্থিত থাকিব। প্রতি বছৰে অনুস্থিত হৈ অহা এই ক্ষেত্ৰৰ এক সংস্কৃতিৰূপে গঢ়ি তোলাটো একনিষ্ঠ লক্ষ্য হিচাপে লোৱা হৈছে। ইয়াৰ যোগেদি সামগ্রিকভাৱে ৰোগী সুৰক্ষাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ লগতে 'ৰোগী সুৰক্ষা'ক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা সেৱা সম্পৰ্কে আলোকপাত কৰা হ'ব। চুবুৰীয়া দেশ ভুটান আৰু নেপালৰ প্ৰতিনিধি সকলে এইবেলিও পুনৰ এই সন্মিলনত যোগদান কৰিব। এই সন্মিলনত নাভৰ মুখ্য কৰ্যবাহী বিষয়া ডাঃ অতুলমোহন কোচ্চাৰ, শ্ৰী ৰাজৰাজন এছ,ডাঃ পৰাগ আৰ ৰিন্দানি, ডাঃ সুৰেশ ৰামাচুব্বান,  প্ৰফেচৰডাঃ এলচা চনাতম্বী দেৱী, পল্লবী কুমাৰ,  ডাঃ অনুজ প্রকাশ, প্ৰফেচাৰ ডাঃ ৰঞ্জিনি দত্ত, মনিষা শর্মাৰ বহু সংখ্যক শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব। ৰোগী সুৰক্ষাৰ উন্নতিৰ সৈতে জড়িত চিকিৎসক, নার্চ হাস্পতালৰ সৈতে জড়িত কর্মচাৰীসকলেও অংশগ্ৰহণ কৰিব। অংশগ্রহনকাৰী সকলে প্রমাণ পত্র আৰু নার্চিং ক্রেডিট পইন্ট লাভ কৰিব। আমাৰ হাস্পতাখনে নিৰন্তৰভাৱে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উন্নতৰ মানদণ্ড বজাই ৰখাত দায়বদ্ধতা নির্বাহ কৰি আহিছে।এই সন্মিলনৰ জৰিয়তে অংগদানৰ সজাগতা সৃষ্টি কৰাৰ লগতে বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰা হ'ব।'সংবাদ মেলত ডাউন টাউন হাস্পতালৰ কাৰ্যবাহী পৰিচালক ময়ুৰাক্ষী দত্ত আৰু সন্মিলনীৰ সম্পাদক

 নিখিলেশ শর্মা


উপস্থিত থাকি এই সন্মিলনখন সফল কৰি তোলাত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here