উত্তৰ-পূব ভাৰতৰ বজাৰত প্ৰৱেশ কেম্পাছৰ; গুৱাহাটীত প্ৰথম এক্সক্লুছিভ বিপণী মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 1 December 2025

উত্তৰ-পূব ভাৰতৰ বজাৰত প্ৰৱেশ কেম্পাছৰ; গুৱাহাটীত প্ৰথম এক্সক্লুছিভ বিপণী মুকলি


 

- ১০৪৬ বৰ্গফুটত বিস্তৃত এই নতুন বিপণীয়ে আগবঢ়াইছে কেম্পাছৰ আধুনিক আৰু ট্ৰেণ্ড-ফৰৱাৰ্ড জোতাৰ শেহতীয়া সংগ্ৰহ

- গ্ৰাহকৰ বাবে উপলব্ধ আকৰ্ষণীয় অফাৰ: ন্যূনতম ২৪৯৯ টকাৰ বজাৰ কৰক আৰু পাওক বেলা ভিটা সুগন্ধি বিনামূলীয়াকৈ, ন্যূনতম ৩৯৯৯ টকাৰ বজাৰ কৰক আৰু পাওক বিনামূলীয়া বেকপেক


W7s news,গুৱাহাটী, ১ ডিচেম্বৰ, ২০২৫: ভাৰতৰ অন্যতম আগশাৰীৰ ক্ৰীড়া আৰু এথলেইজাৰ জোতা ব্ৰেণ্ড কেম্পাছে গুৱাহাটীত প্ৰথমখন এক্সক্লুছিভ বিপণী মুকলিৰ জৰিয়তে উত্তৰ-পূবৰ বজাৰত প্ৰৱেশ কৰিছে*। এই কৌশলগত বজাৰ সম্প্ৰসাৰণ গ্ৰাহকৰ প্ৰসাৰ বৃদ্ধি আৰু এটা ব্যতিক্ৰমী সৰ্বাত্মক অভিজ্ঞতা প্ৰদানৰ বাবে ব্ৰেণ্ডটোৱে আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ সৈতে মিল খায়। 


১০৪৬ বৰ্গফুটৰ এই নতুন বিপণীত পুৰুষ আৰু মহিলা উভয়ৰে বাবে ষ্টাইলিছ আৰু কাৰ্যক্ষম জোতাকে ধৰি শেহতীয়া কেম্পাছ সংগ্ৰহসমূহ প্ৰদৰ্শিত কৰা হৈছে। গ্ৰাহকে স্নিকাৰ, পাৰফৰমেন্স শ্বু আৰু সীমিত সংস্কৰণৰ বিভিন্ন পৰিসৰ অন্বেষণ কৰিব পাৰে। মুকলি উদযাপন আৰু মূল্য-চালিত বজাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ কেম্পাছে আকৰ্ষণীয় উদ্বোধনী প্ৰচাৰৰ পৰিকল্পনা কৰিছে: ‘ন্যূনতম ২৪৯৯ টকাৰ বজাৰ কৰক আৰু বিনামূলীয়াকৈ বেলা ভিটা সুগন্ধি লাভ কৰক, ৩৯৯৯ বা তাৰ ওপৰৰ বাবে বজাৰ কৰক আৰু বেকপেক বিনামূলীয়াকৈ পাওক’। এই অফাৰে গ্ৰাহকসকলক ব্ৰেণ্ডৰ উচ্চমানৰ আৰু অন-ট্ৰেণ্ড, ফেশ্বনেবল জোতা আকৰ্ষণীয় মূল্যত লাভ কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে।


অনুষ্ঠানত কেম্পাছ এক্টিভৱেৰ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পূৰ্ণকালীন সঞ্চালক শ্ৰীযুত নিখিল আগৰৱালে কয়, ‘‘আমাৰ গুৱাহাটীত মুকলি হোৱা বিপণীখনে মূল বজাৰসমূহত আমাৰ কৌশলগত সম্প্ৰসাৰণৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি চিহ্নিত কৰিছে। এই সম্প্ৰসাৰণে গ্ৰাহকৰ অভিগম্যতা বৃদ্ধি আৰু এক নিৰৱচ্ছিন্ন বজাৰ অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত থকা আমাৰ সমৰ্পণক প্ৰদৰ্শন কৰে। বজাৰৰ প্ৰবল চাহিদাৰ সাক্ষী হোৱাৰ লগে লগে আমি ভাৰতৰ পছন্দৰ ক্ৰীড়া আৰু এথলেইজাৰ জোতা ব্ৰেণ্ড হিচাপে আমাৰ স্থান অধিক দৃঢ় কৰিবলৈ প্ৰসাৰ পৰিকল্পনা ত্বৰান্বিত কৰিছো। এই নতুন বিপণীয়ে আমাৰ মূল্যৱান গ্ৰাহকৰ সৈতে আমাক সংযোগ কৰা এক শক্তিশালী সৰ্বাত্মক উপস্থিতি গঢ়ি তোলাৰ ক্ষেত্ৰত উপলব্ধ আমাৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে।”


এই বিপণীৰ সংযোজনৰ লগে লগে কেম্পাছে এতিয়া দেশজুৰি ২৯৭খন খুচুৰা বিপণী পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে, যিয়ে ব্ৰেণ্ডটোৰ দ্ৰুত আৰু কৌশলগত বৃদ্ধিক প্ৰতিফলিত কৰিছে। শেহতীয়াকৈ মূল বজাৰসমূহত বিপণী মুকলি হোৱাৰ ফলত ব্ৰেণ্ডটোৰ বৰ্ধিত প্ৰসাৰতাই এক বহল পৰিসৰৰ গ্ৰাহকৰ বাবে ব্ৰেণ্ডটোক অধিক সুলভ কৰি তুলিছে।


ষ্টাইল আৰু কাৰ্য্যক্ষমতা দুয়োটা বিচৰা ট্ৰেণ্ড-সচেতন গ্ৰাহকৰ বাবে গ’-টু গন্তব্যস্থলী হিচাপে কেম্পাছে নিজৰ স্থান শক্তিশালী কৰাত মনোনিৱেশ কৰি থকাৰ লগে লগে ই যুৱক-যুৱতীসকলক তেওঁলোকৰ ফেশ্বন পছন্দৰ দ্বাৰা নিজকে উপস্থাপন কৰিবলৈও অনুপ্ৰাণিত কৰি আহিছে।


গ্ৰাহকসকলে যিকোনো সময়তে বিপণীলৈ যাব পাৰিব। বৰ্তমান কেম্পাছৰ জোতা www.campusshoes.comৰ লগতে ই-কমাৰ্চ ফেশ্বন আৰু বজাৰ স্থানতো উপলব্ধ।  


*ঠিকনা: মণিপুৰী বস্তি, বিজিতা কমপ্লেক্স, জি এছ ৰড, মণিপুৰী ৰাজবাৰী, পল্টন বজাৰ, গুৱাহাটী, অসম ৭৮১০০৭

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here