বশিষ্ঠস্থিত ওজা হুণ্ডাইত সম্পূৰ্ণ নতুন 'হুণ্ডাই ভেন্যু'ৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 7 November 2025

বশিষ্ঠস্থিত ওজা হুণ্ডাইত সম্পূৰ্ণ নতুন 'হুণ্ডাই ভেন্যু'ৰ মুকলি

 

W7s news গুৱাহাটী:  গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ অনুমোদিত ডিলাৰ ওজা হুণ্ডাইয়ে আজি হুণ্ডাইৰ শেহতীয়া কমপেক্ট এছইউভি 'অল-নিউ হুণ্ডাই ভেন্যু'ৰ মুকলি কৰে।



মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰখ্যাত অভিনেতা কপিল বৰা, প্ৰাক্তন সাংসদ কুইন ওজা, পৰিচালন সঞ্চালক ৰাজদীপ ওজা,   অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়ৰ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ দীপক বাঞ্চাল, জ্যেষ্ঠ পৰিচালক নীলিময় নাথ ।


সম্পূৰ্ণ নতুন হুণ্ডাই ভেন্যু'-এ এক নতুন ডিজাইন, অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আৰাম প্ৰদান কৰি চহৰাঞ্চলৰ গতিশীলতাৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। এই এছ.ই.ভি.ত হুণ্ডাইৰ অধিক ষ্টাইল, অধিক উদ্ভাৱন আৰু অধিক ড্ৰাইভিং আনন্দ প্ৰদান কৰে।


সম্পূৰ্ণ নতুন হুণ্ডাই ভেন্যু' ৰ মুখ্য দিশসমূহ:

শক্তিশালী ডিজাইনঃ শক্তিশালী SUV স্থিতিৰ সৈতে উচ্চ আৰু বহল বডি। কুৱাড বিম এলইডি হেডলাইট, টুইন হৰ্ণ এলইডি ডিআৰএল আৰু হ'ৰাইজন এলইডি লাইট। গাঢ় ক্ৰোম ৰেডিয়েটৰ গ্ৰিল আৰু আৰ১৬ ডায়মণ্ড-কাট এলইউ হুইলছ। ষ্টাইলিছ ব্ৰিজ-টাইপ ৰোফ ৰেইলচ্ আৰু ইন-গ্লাছ ভেন্যু'  এম্বেল


 মূল জোখ (মিমি): দৈৰ্ঘ্য  -  ৩৯৯৫ মিমি |  প্ৰস্থ - ১৮০০মিমি | উচ্চতা- ১৬৬৫ মিমি |  হুইলবেছ  - ২৫২০মিমি


প্ৰিমিয়াম ইণ্টিৰিয়েৰঃ ভিতৰৰ অংশত, ভেনুৱে ডাবল-টোন (ডাৰ্ক নেভি এণ্ড ড'ভ গ্ৰে) কেবিন আগবঢ়ায়। ইয়াৰ প্ৰিমিয়াম স্পৰ্শ যেনে টেৰাজো-টেক্সচার্ড ক্ৰ্যাশ পেড, এম্বিটেণ্ট লাইটিং আৰু ডি-কাট ষ্টিয়াৰ হুইল। এই এছইউভিত ৬২.৫ চেণ্টিমিটাৰ (১২.৩” +১২.৩” ) বক্ৰ পেনেৰামিক ডিচপ্লে আছে যিয়ে হাই-টেক অভিজ্ঞতাৰ বাবে তথ্য বিনোদন আৰু ডিজিটেল ক্লাষ্টাৰ স্ক্ৰীণ সংমিশ্ৰণ কৰে।


ৰঙৰ বিকল্পসমূহঃ হেজেল ব্লু (নতুন), মিষ্টিক ছেফায়াৰ (নতুন), এটলছ হোৱাইট, টাইটান গ্ৰে, ড্ৰাগন ৰেড, অবিছ ব্লেক উপলব্ধ হ’ব। 


সম্পূৰ্ণ নতুন হুণ্ডাই ভেন্যু -এ আত্মবিশ্বাস, আধুনিকতা আৰু উদ্ভাৱনক প্ৰতিফলিত কৰে। গ্ৰাহকসকলে এতিয়া সমগ্ৰ ভাৰতৰ যিকোনো হুণ্ডাই ডিলাৰশ্বিপত বা অনলাইনযোগে “Click to Buy”  প্লেটফৰ্মৰ জৰিয়তে ২৫,০০০ টকাৰ প্ৰাৰম্ভিক বুকিংৰ সৈতে সম্পূৰ্ণ নতুন হুণ্ডাই ভেন্যু বুক কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here