প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 6 November 2025

প্ৰাগজ্যোতি আই টি এ চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান


 

'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ


W7s news,,গুৱাহাটী, ৫ নৱেম্বৰঃ ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ সৃষ্টিশীল নৃত্য প্ৰদৰ্শনেৰে ভাৰতৰ সাংস্কৃতিক কিম্বদন্তীগৰাকীলৈ অভিনেত্ৰী তথা কথক নৃত্যাংগনা বি পাল্কীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷ গুৱাহাটী মাছখোৱাৰ প্ৰাগজ্যোতি অাই টি এ চেণ্টাৰত এই উপলক্ষে আজি আয়োজিত 'চতুৰ্দশ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা শ্ৰদ্ধাঞ্জলি' অনুষ্ঠানত মিৰ্চি 'ৰাইজিং আইকন অফ থিয়েটাৰ এণ্ড ডান্স ২০২৫'ৰ খিতাপ লাভ কৰা বি পাল্কীয়ে এক বিশেষ প্ৰদৰ্শনেৰে (Special performance)  ডঃ হাজৰিকাৰ  কালজয়ী গীত ‘বিমূৰ্ত মোৰ নিশাটি’ৰ একক নৃত্যাভিনয় আৰু ‘সময়ৰ অগ্ৰগতি’ৰ দলীয় নৃত্য পৰিৱেশনেৰে দৰ্শকক বিমুগ্ধ কৰে ৷ ডঃ হাজৰিকাৰ কালজয়ী সংগীত আৰু দৰ্শনক যথাযোগ্য ৰূপত প্ৰদৰ্শনৰ প্ৰয়াস কৰা বি পাল্কীৰ সৈতে ধ্ৰুপদী ৰাগিণী আৰু মহাশ্বেতা এম বৈশ্যই দলীয় নৃত্যত সহযোগিতা আগবঢ়ায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here