W7s news গুৱাহাটী:প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে স্প্ৰিহা প্ৰডাকচনৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ শেহতীয়া কালেকচন ‘জুবিন’ উন্মোচন কৰে। সন্ধিয়াটোৰ আঁত ধৰে মুম্বাইস্থ অসমীয়া অভিনেতা সৌৰভ ৰবি দত্তই।
গুৱাহাটী টাউন ক্লাবত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু কিংবদন্তি শিল্পীগৰাকীৰ অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত দীপাংকৰ কাশ্যপৰ কালেকশ্যনটোত জুবিন গাৰ্গৰ স্বকীয় শৈলীৰে অনুপ্ৰাণিত পুৰুষৰ ১৬বিধ অনন্য পোছাক প্ৰদৰ্শন কৰা হয় । এই ডিজাইনসমূহৰ ভিতৰত আছিল গামোচা, আৰনাই আৰু অন্যান্য পৰম্পৰাগত স্কাৰ্ফৰ পৰা নিৰ্মিত নান্দনিক হে'ডগীয়েৰৰ লগতে হেট, হাৰেম পেণ্ট, ৰঙীন চাৰ্ট, চুটি কুৰ্তা, ঢিলা পায়জামা আৰু জেকেট ৷ এই সম্ভাৰসমূহ ষ্টাইলিছ কাণফুলি আৰু ডিঙিত পিন্ধা অলংকাৰৰ সৈতে সজ্জিত কৰা হৈছে । ডিজাইনাৰগৰাকীয়ে এই বিশেষ কালেকশ্যনটোক জুবিন গাৰ্গৰ প্ৰতি উৎসৰ্গিত "এটা স্বোৱান ছং" বুলি অভিহিত কৰে।
দিল্লীৰ প্ৰখ্যাত ফেশ্বন কৰিঅ’গ্ৰাফাৰ হৰ্ষ গৌতমে কৰিঅ’গ্ৰাফী কৰা কালেকশ্যনটো প্ৰদৰ্শন কৰি মুঠ ১৮গৰাকী পুৰুষ মডেলে ৰেম্পত খোজকাঢ়ে।
অনুষ্ঠানৰ আৰম্ভণিতে দীপাংকৰ কাশ্যপে হাৰ্টথ্ৰবগৰাকীলৈ আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে যুৱ প্ৰতিভা প্ৰত্যুষা হাজৰিকাই এটি নৃত্য পৰিৱেশন কৰে। জিণ্টু কাকতি আৰু তেওঁৰ বেণ্ড 'দ্য হাইলাইটছ'এ পৰিৱেশন কৰা জুবিন গাৰ্গৰ লাইভ মিউজিকত মডেলসকলে ৰেম্পত খোজ কাঢ়ে।
এই অনুষ্ঠানত জয়পুৰৰ ডিজাইনাৰ আলোক আগৰৱালাই এক বিশেষ ছিকুৱেঞ্চত ১৫টা এক্সক্লুছিভ সাজ-পোছাক প্ৰদৰ্শন কৰে। মডেলকেইগৰাকীৰ ষ্টাইলিং কৰে চেলিব্ৰিটী হেয়াৰ ষ্টাইলিষ্ট ভাস্কৰ শইকীয়াই ৷
No comments:
Post a Comment